অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

অ

অ(IPA:ɔ) অসমীয়া লিপিৰ স্বৰবৰ্ণৰ প্ৰথম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি। 'অ'ও এটি স্বৰধ্বনি, সেয়েহে 'অ' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'অ'-ক এনেদৰে লিখা যায়।

হালনাগাদ: ২৩ নৱেম্বৰ ২০২৪ ৯৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

অ(IPA:ɔ) অসমীয়া লিপিৰ স্বৰবৰ্ণৰ প্ৰথম আখৰ। যি ধ্বনি মুখৰ কোনো অংশতে বাধা নোপোৱাকৈ উচ্চাৰিত হয়, সেয়ে স্বৰধ্বনি।১ 'অ'ও এটি স্বৰধ্বনি, সেয়েহে 'অ' উচ্চাৰণ কৰোতেও মুখৰ কোনো অংশৰে বাধা দিয়া নহয়। ব্ৰেইল্ত 'অ'-ক এনেদৰে লিখা যায়।

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে

যিহেতু ব্যঞ্জন বৰ্ণ স্বতন্ত্ৰকৈ উচ্চাৰণ কৰিব নোৱাৰি২, সেয়ে ব্যঞ্জনবৰ্ণৰ লগত কোনো স্বৰবৰ্ণ যোগ কৰা হয়। সাধাৰণতে, যেতিয়া কোনো ব্যঞ্জনবৰ্ণৰ লগত কোনো 'কাৰ' যোগ কৰা নহয়, ব্যঞ্জন বৰ্ণটোৰ লগত 'অ' যোগ কৰা হয়। যেনে ক=ক্+অ আদি। 'অ'ৰ কোনো গৌণ চিন বা 'কাৰ' নাই।৩

ইউনিক’ড

ৰূপচিহ্নইউনিক’ডক’ড নম্বৰইউনিক’ডত বিৱৰণ৪
স্বতন্ত্ৰ ৰূপঅU+0985BENGALI LETTER A

'অ' বৰ্ণৰে আৰম্ভ হোৱা শব্দৰ উদাহৰণ

তথ্যসূত্ৰ

  1. ↑ xobdo.org search result of স্বৰবৰ্ণ
  2. ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
  3. ↑ ডাঃ দাস আৰু ডাঃ ভট্টাচাৰ্যৰ 'ৰচনা সঞ্চয়ন'ৰ ১৭ পৃষ্ঠাৰ পৰা লোৱা।
  4. ↑ বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)

সম্পৰ্কিত শ্ৰেণী

অসমীয়া স্বৰবৰ্ণ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অ” প্ৰবন্ধৰ সংশোধন ৪৪৭৪৩৯ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।