অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ইটছ ইয়ৰ ফল্ট

ইটছ ইয়ৰ ফল্ট (It's Your Fault) হ’ল ২০১৩ চনৰ এখন ব্যংগাত্মক ভিডিঅ' য’ত কল্কি কেকলাঁ আৰু ভিজে জুহী পাণ্ডেয়ে অভিনয় কৰিছে। এই ভিডিঅ'টোৱে ভাৰতত ধৰ্ষণৰ দৰে গুৰুতৰ বিষয়টোক উপস্থাপন কৰিছে। ই ইণ্টাৰনেটত অতি জনপ্ৰিয় হৈ পৰিছিল আৰু ইউটিউবত ৫৫,০০,০০০ তকৈও অধিক লোকে ইয়াক চাইছিল।

হালনাগাদ: ৩০ মাৰ্চ ২০২৬ ৫১৪ শব্দ · ৩ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

ইটছ ইয়ৰ ফল্ট (It's Your Fault) হ’ল ২০১৩ চনৰ এখন ব্যংগাত্মক ভিডিঅ' য’ত কল্কি কেকলাঁ আৰু ভিজে জুহী পাণ্ডেয়ে অভিনয় কৰিছে। এই ভিডিঅ'টোৱে ভাৰতত ধৰ্ষণৰ দৰে গুৰুতৰ বিষয়টোক উপস্থাপন কৰিছে।১ ই ইণ্টাৰনেটত অতি জনপ্ৰিয় হৈ পৰিছিল আৰু ইউটিউবত ৫৫,০০,০০০ তকৈও অধিক লোকে ইয়াক চাইছিল। এই ভিডিঅ'টো অল ইণ্ডিয়া বকচোদৰদ্বাৰা নিৰ্মিত।১২

ষ্টেণ্ড-আপ কমেডিয়ানৰ দল 'এআইবি' (AIB)—তন্ময় ভাট, গুৰচিমৰন খাম্বা, ৰোহন যোশী আৰু আশিস শাক্যই ভাৰতত সংঘটিত হোৱা যৌন নিৰ্যাতনৰ গোচৰসমূহৰ পৰিপ্ৰেক্ষিতত এই ভিডিঅ'টো নিৰ্মাণ কৰিছিল। ইয়াত বলিউড অভিনেত্ৰী কল্কি কেকলাঁ আৰু ভিজে জুহী পাণ্ডেকো দেখা গৈছে। ভুক্তভোগীৰ জীৱনৰ বিভিন্ন দিশ চিত্ৰায়িত কৰি এই ভিডিঅ'টোৱে ধৰ্ষণৰ বাবে ওলোটাই মহিলাকে দোষাৰোপ কৰা ভাৰতীয় মানসিকতাক উপহাস কৰিছে।৩

নিৰ্মাণ আৰু প্ৰস্তুতি

জুহী পাণ্ডেৰ সৈতে কল্কি কেকলাঁই ভিডিঅ'টোত অভিনয় কৰিছিল।
জুহী পাণ্ডেৰ সৈতে কল্কি কেকলাঁই ভিডিঅ'টোত অভিনয় কৰিছিল।ছবি: Bollywood Hungama · CC BY 3.0

ৰোহন যোশীয়ে এই সন্দৰ্ভত ব্যাখ্যা কৰি কয়: "চাৰিজন ধেমেলীয়া ল'ৰাৰ এটা দলৰপৰা আপুনি যি আশা কৰিব পাৰে ই তেনে নহয়, আৰু সেইটোৱেই আচল কথা। ইয়াৰ কোনো অংশই ধেমেলীয়া নহয়, সেয়েহে আমি ইয়াক এক ভিন্ন ধৰণে উপস্থাপন কৰিছোঁ। ভিডিঅ'টো প'ষ্ট কৰাৰ মুহূৰ্তৰেপৰা এতিয়ালৈকে ইয়াৰ সঁহাৰি আশ্চৰ্যকৰ হৈছে। ই এনে এক বিষয় যাৰ সৈতে আমাৰ চিনাকি প্ৰতিগৰাকী ব্যক্তিয়ে একাত্ম অনুভৱ কৰে আৰু ইয়াৰ প্ৰতি গুৰুত্ব আৰোপ কৰে।"

ভিডিঅ'টোৰ সহ-অভিনেত্ৰী জুহী পাণ্ডেয়ে কয়: "আমি ভিডিঅ'টোৰ শ্বুটিং কৰি থকাৰ সময়তেই জানিছিলোঁ যে ইয়াৰ বহুত প্ৰতিক্ৰিয়া হ'ব। বহুতে ইয়াৰ বিৰোধিতা কৰিব আৰু যথেষ্ট আলোচনা হ'ব। আমি সকলোৱে নিজৰ সামাজিক গোটবোৰত এইবোৰ আলোচনা কৰি আহিছোঁ আৰু শিৰোনাম দখল কৰা এই মন্তব্যবোৰত আমি সকলোৱে খং আৰু হতাশ অনুভৱ কৰিছোঁ। হয়, এই ভিডিঅ'টো কেৱল ইংৰাজী কোৱা, 'ব্যংগ বুজি পোৱা' যুৱপ্ৰজন্মৰ ওচৰলৈহে যাব পাৰিব, কিন্তু অন্ততঃ ই প্ৰকাশ পাইছে। এয়া সাগৰৰ এটা টোপালৰ দৰে, কিন্তু তথাপি ই এটা টোপাল আৰু মই ইয়াৰ অংশ হ'বলৈ পাই আনন্দিত।" ৪

কল্কি কেকলাঁই প্ৰথমাৱস্থাত ব্যস্ততাৰ বাবে ভিডিঅ'টোত অভিনয় কৰিবলৈ অসমৰ্থ বুলি ভাবিছিল, কিন্তু তেওঁ কয়, "যেতিয়া ভাট-এ চিত্ৰনাট্যখন পঠালে, মই মোৰ মন সলনি কৰিলোঁ... ই ইমানেই ধেমেলীয়া, চতুৰ আৰু সাম্প্ৰতিক ঘটনাৱলীৰ সৈতে মিল থকা আছিল যে মই লগে লগে সন্মত হ'লোঁ।" তেওঁ লগতে কয়: "মানুহে ব্যংগটো বুজি নাপাব বুলি আমি চিন্তিত আছিলোঁ। ই এক স্পৰ্শকাতৰ বিষয় আৰু ইয়াৰ ওলোটা প্ৰতিক্ৰিয়া হ'ব পাৰে বুলি আমি শংকিত হৈছিলোঁ।" তেওঁ কয় যে ইয়াৰ উদ্দেশ্য কাৰোবাক আঘাত দিয়াটো নাছিল। "গম্ভীৰ বিষয় এটাৰ সৈতে মোকাবিলা কৰাৰ বাবে হাস্যৰস এক উৎকৃষ্ট উপায়। আপুনি মানুহক অস্বস্তিত পেলাইছে ঠিকেই, কিন্তু একে সময়তে আপুনি কোনো ধৰ্মপ্ৰচাৰ কৰা নাই বা কাৰোবাৰ ওপৰত নিজৰ মতামত জাপি দিয়া নাই।" ৫

বিষয়-বস্তু

ভিডিঅ'টোত ভাৰতীয় ৰাজনীতিবিদ আৰু চৰকাৰী বিষয়াসকলে ধৰ্ষণৰ সন্দৰ্ভত আগবঢ়োৱা কিছুমান "অযুক্তিকৰ" ধাৰণাৰ ওপৰত আলোকপাত কৰা হৈছে, যাৰ ভিতৰত আছে:১

  • উচটনিমূলক পোছাকে ধৰ্ষণ কাৰ্যত উদগনি দিয়ে।৬
  • বিবাহেই ইয়াৰ একমাত্ৰ সমাধান।
  • চাওমিন খালে হৰমনৰ ভৰসাম্যহীনতা হ'ব পাৰে, যিয়ে যৌন হিংসাক প্ৰশ্ৰয় দিয়ে।৭
  • মহিলাৰ ম’বাইল ফোন ব্যৱহাৰে তেওঁলোকৰ চৰিত্ৰত প্ৰভাৱ পেলায়।৮
  • ধৰ্ষণকাৰীক "ভায়া" (ককাইদেউ) বুলি মাতিলে ধৰ্ষণ ৰোধ কৰিব পাৰি (আধ্যাত্মিক গুৰু আশাৰাম বাপুৰদ্বাৰা প্ৰচাৰিত)।৯
  • পুৰুষ অভিভাৱক অবিহনে থকা মহিলাসকলে ধৰ্ষণক নিমন্ত্ৰণ কৰে।১০

আদৰণি

২০১৩ চনৰ ১৯ ছেপ্টেম্বৰত প’ষ্ট কৰা এই ভিডিঅ'টো প্ৰায় সকলো সামাজিক যোগাযোগ মাধ্যমত জনপ্ৰিয় হৈ পৰিছিল।

দ্য হিন্দুয়ে ইয়াৰ পৰ্যালোচনাত কৈছিল: "বিষয়টোৰ গুৰুত্ব আৰু জনসাধাৰণৰ স্পৰ্শকাতৰতাক লক্ষ্য কৰি এই প্ৰচেষ্টা সহজ নাছিল। পিতৃতন্ত্ৰ বা ধৰ্ষণৰ দৰে বিষয় এটাক লৈ ব্যংগৰ জৰিয়তে বাৰ্তা প্ৰেৰণ কৰাটো অত্যন্ত কঠিন কাম আছিল। মোৰ বোধেৰে এআইবি দলটো বহুলাংশে সফল হৈছে কাৰণ ইয়াত প্ৰদৰ্শিত মহিলাসকলৰ বেদনা আৰু এই উদ্দেশ্যৰ প্ৰাসংগিকতা স্পষ্টকৈ ফুটি উঠিছে... এআইবিৰ 'ইটছ ইয়ৰ ফল্ট' সফল হৈছে।" ১১

অধিক দৰ্শকৰ ওচৰলৈ লৈ যাবলৈ ভিডিঅ'টো আন ভাষাত ডাবিং কৰাৰ বাবে এআইবি-য়ে বহুতো অনুৰোধ লাভ কৰিছে।৫

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Mehta, Ankita. (21 September 2013). It's Your Fault! Kalki Koechlin, VJ Juhi Pande Blame Rape Victims in Satirical Video (WATCH). International Business Times
  2. ↑ Kohli, Karnika. (21 Sep 2013). Rape? It's your fault, women: Sarcastic video on victim-blaming goes viral. The Times of India
  3. ↑ Awaasthi, Kavita. (24 September 2013). It's Your Fault video goes viral, Kalki Koechlin plans a Hindi version. Hindustan Times
  4. ↑ Tuli, Aanchal. Kalki's 'It's your fault' rape satire video raises eyebrows - Times of India. The Times of India
  5. ↑ Hindustan Times
  6. ↑ (30 December 2012). Ban Skirts to Save Girls From Lustful Gazes: BJP MLA. Outlook magazine
  7. ↑ Saini, Manveer. (16 October 2012). Haryana khap blames consumption of chowmein for rapes. The Times of India
  8. ↑ (11 January 2013). Girls should not dance at weddings, use mobiles: panchayat. NDTV.com
  9. ↑ (23 September 2013). 'Rape? Ladies, it's your fault': Satirical video is a rage on Internet. NDTV
  10. ↑ (10 January 2013). Victims in Delhi rape case are to blame, defendants' lawyer says. The Sydney Morning Herald
  11. ↑ Jayaraj, Nandita. (21 September 2013). Kalki and Juhi do it with a smile. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতত ধৰ্ষণইউটিউব

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইটছ ইয়ৰ ফল্ট” প্ৰবন্ধৰ সংশোধন ৫৯৭৭৯১ (৩০ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।