অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

আমুৰ ফেলকন

আমুৰ ফেলকন(: Amur falcon (Falco amurensis) হৈছে ফেলকন বা শেনচৰাই পৰিয়ালৰ এবিধ সৰু চিকাৰী চৰাই। ই সাধাৰণতে দক্ষিণ-পূব ছাইবেৰিয়া আৰু উত্তৰ চীনৰ মুকলি অৰণ্য আৰু মুকলি তৃণভূমিত প্ৰজনন কৰে।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৮৬৩ শব্দ · ৫ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

আমুৰ ফেলকন(: Amur falcon (Falco amurensis) হৈছে ফেলকন বা শেনচৰাই পৰিয়ালৰ এবিধ সৰু চিকাৰী চৰাই। ই সাধাৰণতে দক্ষিণ-পূব ছাইবেৰিয়া আৰু উত্তৰ চীনৰ মুকলি অৰণ্য আৰু মুকলি তৃণভূমিত প্ৰজনন কৰে। তাৰ পিছত বৃহৎ এটা জাক পাতি সমগ্ৰ ভাৰত অতিক্ৰম কৰি আৰব সাগৰৰ ওপৰেৰে উৰি গৈ শেষত শীতকালত দক্ষিণ আফ্ৰিকা আৰু পূৰ্ব আফ্ৰিকাৰ উপকূলীয় অঞ্চলসমূহত কটায়।

বিৱৰণ

চৰাই বিধৰ শৰীৰৰ দীৰ্ঘতা প্ৰায় ৩০ছে.মি., ডেউকা অতি শক্তিশালী আৰু প্ৰায় ৬৩-৭১ ছে.মি.দীঘল। বিশ্ৰামলৈ থকা অৱস্থাত ডেউকাৰ আগটো সাধাৰণতে নেজৰ আগৰ ওচৰলৈ বা তাতকৈ অলপ আগলৈকে প্ৰসাৰিত হৈ থকা দেখা যায়। ঠোঁটটো বেঁকা আৰু চোকা,ডিঙিৰ তলৰ অংশ বগা। মতা আৰু মাইকী চৰাই দুটাৰ আকৃতি আৰু বৰণৰ সামান্য পাৰ্থক্য আছে। মতা চৰাইবোৰৰ ওপৰৰ পাখিবোৰ লক্ষণীয়ভাৱে গাঢ় ধোঁৱা বৰণৰ আৰু ইয়াৰ উৰু আৰু তলপেটত ৰঙচুৱা-বগা আভাৰ দৰে পাখি দেখা যায়। উৰণৰ সময়ত ক’লা ডেউকা যোৰৰ ভিতৰৰ অংশ বগা দেখা যায়। ইয়াৰ লগত প্ৰায় মিল থকা ৰঙা ভৰিৰ বাজচৰাইৰ প্ৰাপ্তবয়স্ক মতাবোৰৰ পাখিৰ আৱৰণ গাঢ় ধূসৰ ৰঙৰ। আফ্ৰিকাত মতা আমুৰ ফেলকন চৰাইক মেলানিষ্টিক গাবাৰ গোশ্ব’কৰ সৈতে ভুল কৰা হয় যদিও ইয়াৰ তলপেটৰ স্পষ্ট ৰঙচুৱা অংশই ইয়াক সহজে চিনাক্ত কৰাত সহায় কৰে। ইয়াৰ উপৰি সুটি ফেলকন আৰু গ্ৰে কেষ্ট্ৰেল লগত ইহঁতৰ কিছু বাহ্যিক সাদৃশ্য আছে যদিও, কিন্তু সেই দুটা প্ৰজাতিৰ দুয়োটাৰে ভৰি হালধীয়া আৰু চেৰে থকা।১ লক্ষণীয় ভাবে মাইকী ফেলকনৰ গাত কমলা ৰঙৰ চকুৰ আঙঠি, ৰঙা ৰঙৰ চেৰে আৰু ৰঙা কমলা ৰঙৰ ভৰি থকাৰ বাবে ইহঁতবোৰ আন বহুতো বাজপক্ষীৰ লগত মিল থকিলেও চিনাক্ত কৰাত অধিক কঠিন নহয়।

শ্ৰেণীবিভাজন

আমুৰ ফেলকনক দীৰ্ঘদিন ধৰি ৰঙা ভৰিৰ শেনচৰাইৰ এটা উপপ্ৰজাতি বা তাৰেই অন্য এটা ৰূপ বুলি গণ্য কৰা হৈছিল যদিও আজিকালি ই এটা স্বতন্ত্ৰ প্ৰজাতি বুলি মান্যতা পাইছে। তথাপি ই ৰঙা ভৰিৰ শেনচৰাইৰ আটাইতকৈ ঘনিষ্ঠ লক্ষণযুক্ত; আন শেনচৰাইৰ সৈতে ইহঁতৰ লক্ষণ অধিক স্পষ্ট নহয়। আকৃতিগত দৃষ্টিৰে ইহঁত কেষ্ট্ৰেল আৰু চখৰ মাজত কিছু মধ্যৱৰ্তী যেন লাগে আৰু মূলতঃ এতিয়ালৈকে প্ৰয়োজনীয় পৰিমাণৰ বিস্তৃত নমুনা সংগ্ৰহৰ অভাৱৰ বাবে ডি এন এ ক্ৰমৰ তথ্যই এই প্ৰশ্নৰ অধিক সমাধান কৰিব পৰা নাই।২৩৪

জেনাছ নাম Falco প্ৰাচীন লেটিন ভাষাৰ শব্দ falx বা falcis ৰপৰা আহিছে, যাৰ অৰ্থ কাঁচি বা বেঁকা অস্ত্ৰ,আৰু ইয়াৰদ্বাৰা ফালকনৰ বেঁকা নখৰ প্ৰতীকীকৰণ কৰা হৈছে।৫ আমুৰেন্সিছ প্ৰজাতিৰ নাম দক্ষিণ-পূব চাইবেৰিয়াৰ আমুৰলেণ্ডৰপৰা আহিছে।৬

বিতৰণ আৰু প্ৰব্ৰজন

পূব এছিয়াত ট্ৰেন্সবাইকালিয়া, আমুৰলেণ্ড আৰু উত্তৰ মংগোলীয় অঞ্চলৰপৰা উত্তৰ কোৰিয়াৰ কিছু অংশলৈকে আমুৰ ফেলকানে প্ৰজনন কৰে। ভাৰত আৰু শ্ৰীলংকাৰ মাজেৰে এটা বিস্তৃত পথৰে প্ৰব্ৰজন কৰে, কেতিয়াবা থাইলেণ্ড আৰু কম্বোডিয়াৰ ওপৰেৰে আৰু পূব দিশলৈ আৰু তাৰ পিছত আৰব সাগৰৰ ওপৰেৰে, কেতিয়াবা মালদ্বীপ আৰু অন্যান্য দ্বীপ পাৰ হৈ দক্ষিণ আফ্ৰিকাত উপনীত হয়। ভাৰতৰ ওপৰেৰে যোৱা চৰাইবোৰক পশ্চিম দিশলৈ বলি থকা প্ৰচণ্ড বতাহে সহায় কৰে বুলি ভবা হয়। এই বতাহবোৰ প্ৰায় ৩০০০ মিটাৰ উচ্চতাত প্ৰবল হয় আৰু প্ৰব্ৰজনৰ সময়ত চৰাইবোৰে ১০০০ মিটাৰৰ ওপৰৰ উচ্চতাত উৰি যায় বুলি ভবা হয়।৭ ইহঁতৰ প্ৰজনন স্থানলৈ উভতি যোৱা পথটো অলপ বেছি উত্তৰ দিশলৈকে বিস্তৃত। প্ৰব্ৰজন কৰাৰ সময়ত সাগৰৰ ওপৰেৰে বহু দূৰলৈ বিচৰণ কৰাৰ প্ৰৱণতাৰ বাবে এই পক্ষী বিধক ইয়াৰ স্বাভাৱিক পৰিসৰৰ বহু বাহিৰৰ স্থানত পোৱা গৈছে, যেনে ইটালী, ছুইডেন, ট্ৰিষ্টান দা কুনহা, চেণ্ট হেলেনা আৰু যুক্তৰাজ্যত।৮১

উত্তৰ-পূব ভাৰতত

শীতৰ দিনবোৰ গৰম দেশত কটাবলৈ অক্টোবৰ-নবেম্বৰৰ প্ৰথম ভাগতে ইহঁতে প্ৰৰিভ্ৰমণ আৰম্ভ কৰে। একোটা ডাঙৰ জাকত চাইবেৰিয়াৰ দক্ষিণ-পূব অংশৰপৰা উত্তৰ চীন,থাইলেণ্ডৰ উত্তৰ অংশইদি ম্যানমাৰ পাৰ হৈ আহি মণিপুৰ,নগালেণ্ড আৰু অসমৰ কিছু অঞ্চল পায়হি প্ৰায় অক্টোবৰ-নবেম্বৰ মাহত। জাকে জাকে অহা চৰাইবোৰ মণিপুৰৰ তামেলিয়াং আৰু দাঁতিকাষৰীয়া জীলা,নগালেণ্ডৰ দৈয়াং উপত্যকা,পাংটি,অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছ’ত সৰহসংখ্যক চৰাই আৰু মৰিগাঁও জিলাৰ ধৰমতুল আদি অঞ্চলত দুই-এটা সৰু জাক দেখা যায়। নবেম্বৰৰ মাজ ভাগৰপৰা পুনৰ যাত্ৰা আৰম্ভ কৰি স্থলভাগেদি বংগ,উৰিষ্যা,চত্তিছগড়,অন্ধ্ৰপ্ৰদেশ হৈ আৰব সাগৰৰ উপৰেদি একেৰাহে ৪-৫ দিন উৰি প্ৰায় ৪০০কি.মি. অতিক্ৰম কৰি দক্ষিণ আৰু পূৰ্ব আফ্ৰিকাৰ উপকূলীয় অঞ্চল পায় গৈ। শীতৰ দিনকেইটা তাত কটাই আকৌ এপ্ৰিল মাহত ওভতনি যাত্ৰা আৰম্ভ কৰা।৯

আচৰণ আৰু পৰিৱেশ বিজ্ঞান

খাদ্য বিচাৰি ফুৰা আৰু খাদ্য

আমুৰ ফেলকন নামৰ এই চিকাৰী চৰাই বিধে প্ৰধানকৈ সন্ধিয়া দেৰিকৈ বা ৰাতিপুৱা সোনকালে বতাহত উৰি ফুৰা বা মাটিত থকা বহুতো পোক-পতঙ্গ,উইপোক,জিঞা আদি ধৰি খায়। অত্যন্ত দ্ৰুতগামী হোৱা বাবে ইহঁতে উৰি উৰিয়েই প্ৰায়বোৰ চিকাৰ ধৰি খায়, কেতিয়াবা উৰি থাকিতেই ওপৰৰপৰা চিকাৰ লক্ষ্য কৰি লৈ কৌশলি প্ৰক্ৰিয়াৰে তললৈ আহি পোক-পৰুৱা ধৰে, কিন্তু মাটিত নামিও চিকাৰ ধৰি খায়।৮ শীতকালত ইহঁতৰ খাদ্যত প্ৰায় সম্পূৰ্ণৰূপে পোক-পতঙ্গ প্ৰচুৰ পৰিমাণে থাকে১০ কিন্তু প্ৰজনন ক্ষেত্ৰত পোৱালিবোৰক খুৱাবলৈ সিহঁতে সৰু পাখি, স্তন্যপায়ী প্ৰাণী১১ আৰু উভচৰ প্ৰাণীও ধৰে। আফ্ৰিকাত বৰষুণৰ বতৰত টেমাইট, ফৰিং, পৰুৱা আৰু লালুকীৰ জাক উৎপন্ন হয় আৰু এইবোৰে প্ৰচুৰ খাদ্যৰ যোগান ধৰে।১২ আৰব সাগৰৰ ওপৰেৰে ইহঁতৰ প্ৰব্ৰজন কালত ড্ৰেগনফ্লাই বা ইবিধ জিঞায়ো প্ৰব্ৰজন কৰে বুলি বিজ্ঞানীসকলে গম পাইছে আৰু এইবোৰক উৰন্ত অৱস্থাতে আমুৰ ফেলকনে ভক্ষণ কৰি গৈ থাকে। এই কাৰ্য্যক ইহঁতৰ প্ৰব্ৰজন পথৰ আটাইতকৈ কষ্টকৰ খাদ্য যোগানৰ অংশ বুলি ভবা হয়।১৩১৪

বাহ সজা

প্ৰব্ৰজনৰ সময়ত ইহঁতে শীতল ঠাইবোৰৰ মুকলি কাঠনি বা ঘাঁহনিত থাকে, আৰু গছৰ লঠঙা ডাল, উন্মুক্ত বৈদ্যুতিক তাঁৰৰ ওপৰত দলবদ্ধভাৱে ৰাতি বিশ্ৰাম লয়।৮ ইহঁতে প্ৰজননৰ ঠাই হিচাপে জলাশয় থকা মুকলি জংঘল অঞ্চলবোৰ বাচি লয়। প্ৰজননৰ সময় মে’ৰপৰা জুন মাহ আৰু পোৱালি ডাঙৰ কৰিবলৈ ছেপ্তেম্বৰ মাহৰ শেষলৈকে সেই ঠাইতে বাস কৰে। ইহঁতৰ কেইবাটাও যোৰাই ওচৰা-উচৰিকৈ বাঁহ সাজিব পাৰে। চিকাৰী চৰাইৰ পৰিত্যক্ত বাহ আৰু আনকি গছৰ খুৰুং আদিটো বাহ সজাৰ বাবে পুনৰ ব্যৱহাৰ কৰে। তিনিটা বা চাৰিটা কণী পাৰি (দুদিনৰ ব্যৱধানত) মতা-মাইকী দুয়োটাই পাল পাতি উমনী লয়। প্ৰায় এমাহৰ পিছত পোৱালি ওলাই আৰু পোৱালিবোৰৰ খাদ্য হ’ল পোক-পতঙ্গ আদি। খুব সোনকালেই প্ৰায় এমাহৰ পিছত পোৱালি চৰাইবোৰে বাহ এৰি উৰিব পৰা হয়।৮লাহে লাহে গৰমৰ দিনকেইটা পাৰ হৈ যোৱাৰ লগে লগে ইহঁত পুনৰ ভ্ৰমণৰ বাবে সাজু হয়।

পৰজীৱী

আমুৰ ফেনকনৰ দেহত তিনিটা বিশেষ ধৰণৰ ওকনি–প্ৰজাতিয়ে পৰজীৱী হিচাপে বাস কৰে। এইবেৰ যথাক্ৰমে — Degeeriella rufa, Colpocephalum subzerafae, আৰু Laembothrion tinnunculi।১৫

অৱস্থা আৰু সংৰক্ষণ

আমুৰ ফেলকনৰ প্ৰজনন পৰিসৰ বিস্তৃত আৰু সংখ্যাৰ আকাৰত বৃহৎ হোৱা বাবে এই প্ৰজাতিটোক সংৰক্ষণ মূল্যায়নত ‘সবাতোকৈ কম বিপদাপন্ন’ বুলি চিনাক্ত কৰা হৈছে। কিন্তু প্ৰব্ৰজনৰ সময়ত জাক পাতি উৰা আচৰণ আৰু একেটা অঞ্চলত বসতিৰ ঘনত্বৰ বাবে ইহঁত চিকাৰ আৰু অন্যান্য ভাবুকিৰ সন্মুখীন হয়। প্ৰজনন অঞ্চলৰপৰা শীতকালীন বাসস্থানলৈ যাত্ৰা কৰাৰ সময়ত সিহঁতৰ দেহ তুলনামূলকভাৱে আগতকৈ মেদযুক্ত হৈ পৰে, আৰু উত্তৰ-পূৰ্ব ভাৰতৰ কিছুমান অঞ্চলৰ লগতে পূব আফ্ৰিকাতো খাদ্য হিচাপে সিহঁতক ধৰা হয়।১৬১৭

২০১২ চনত নাগালেণ্ডৰ পাংটি গাঁৱত প্ৰব্ৰজনকাৰী আমুৰ ফেলকনক দলে দলে আবদ্ধ কৰি ধৰা ঘটনা সংবাদমাধ্যমত প্ৰকাশ পাইছিল আৰু ইহঁতৰ হত্যা ৰোধৰ বাবে এক সফল অভিযান আৰম্ভ কৰা হৈছিল।১৮ এই অভিযানৰ অংশ হিচাপে তিনিটা চৰাইক ৫ গ্ৰাম ওজনৰ উপগ্ৰহ ট্ৰেন্সমিটাৰ লগোৱা হৈছিল যাৰ ফলত প্ৰব্ৰজনৰ সময়ত ইহঁতক অনুসৰণ কৰি গতি-বিধি লক্ষ্য কৰিব পৰা গৈছিল।১৯

পাংটি গাৱত এই চৰাই বিধৰ চিকাৰীসকল কেনেকৈ পখি-সংৰক্ষকলৈ পৰিবৰ্তিত হ’ল সেই বিষয়ে কৰা এটা অধ্যয়নে দেখুৱাইছে যে শক্তিশালী নেতৃত্ব আৰু গাঁৱৰ বিভিন্ন প্ৰতিষ্ঠানৰ মাজত ভাগ-বতৰা কৰা দায়িত্ববোধেই এই পৰিৱৰ্তনৰ মুখ্য চালিকা শক্তি আছিল। অধ্যয়নত দেখা গ’ল যে স্থানীয় নেতাসকলে সীমিত এন জি অ’ আৰু চৰকাৰী ধনৰ ওপৰত ক্ষমতাৰ সংগ্ৰাম কৌশলেৰে সামৰি লৈছিল, যাৰ ফলত এক ঐক্যবদ্ধ সংৰক্ষণ প্ৰচেষ্টাৰ সূচনা হৈছিল। সংবাদ মাধ্যমৰ প্ৰশংসা, বঁটা আৰু পৰ্যটনৰ বৃদ্ধিয়ে সমাজৰ ভিতৰত গৌৰৱৰ ভাব জগাই তুলিছিল, যিয়ে সংৰক্ষণৰ প্ৰতি মনোভাবৰ বৃদ্ধিত অৰিহণা যোগাইছিল। এই প্ৰচেষ্টাসমূহৰ বহুতো ইতিবাচক প্ৰভাৱো দেখা গৈছিল, য’ত এয়াৰ গান নিষেধাজ্ঞা আৰু চিকাৰৰ বতৰ কম হোৱা আদিও আছিল। কিন্তু সংৰক্ষণ চুক্তিৰ অংশ হিচাপে গাঁওবাসীয়ে উন্নয়নৰ সুযোগ-সুবিধা লাভ কৰিব বিচাৰে। আমুৰ ফেলকনৰ দীৰ্ঘম্যাদী সংৰক্ষণ বাবে স্থানীয় প্ৰতিষ্ঠানসমূহক সন্মান জনোৱা আৰু ন্যায্য, স্বচ্ছ আলোচনাত লিপ্ত হৈ পৰস্পৰৰ মাজত বিশ্বাস গঢ়ি তোলাতো অতি প্ৰয়োজনীয়।২০

তথ্যসূত্ৰ

  1. ↑ Rasmussen, PC; JC Anderton. (2005). Birds of South Asia. The Ripley Guide. Volume 2. Smithsonian Institution & Lynx Edicions. পৃ. 113
  2. ↑ Wink, Michael; Seibold, I.; Lotfikhah, F. & Bednarek, W. (1998): Molecular systematics of holarctic raptors (Order Falconiformes). In: Chancellor, R.D., Meyburg, B.-U. & Ferrero, J.J. (eds.): Holarctic Birds of Prey: 29–48. Adenex & WWGBP
  3. ↑ Griffiths, Carole S. (1999). Phylogeny of the Falconidae inferred from molecular and morphological data. Auk. পৃ. 116–130
  4. ↑ Griffiths, Carole S.; Barrowclough, George F.; Groth, Jeff G. (2004). Phylogeny of the Falconidae (Aves): a comparison of the efficacy of morphological, mitochondrial, and nuclear data. Molecular Phylogenetics and Evolution. পৃ. 101–109
  5. ↑ (2007). Shorter Oxford English dictionary. Oxford University Press. পৃ. 3804. ISBN 978-0-19-920687-2
  6. ↑ Jobling, James A. (2010). The Helm Dictionary of Scientific Bird Names. Christopher Helm. পৃ. 46, 266. ISBN 978-1-4081-2501-4
  7. ↑ Clement, Peter; Holman, David. (2001). Passage records of Amur Falcon Falco amurensis from SE Asia and southern Africa including first records from Ethiopia.. Bulletin of the British Ornithologists' Club. পৃ. 222–230
  8. ↑ Orta, J. (1994). Handbook of birds of the world. Vol. 2. New World vultures to guineafowl. Lynx Edicions. পৃ. 265–266
  9. ↑ ‘দৈনিক অসম’,Assamese daily paper|Title=আমুৰ ফেলকন-পৰিভ্ৰমী প্ৰাণীজগতৰ বিস্ময়(দেওবৰীয়া চ’ৰা)|লেখক=দেবানন্দ বৰুৱা|তাৰিখ=৭-১২-২০২৫
  10. ↑ Kopij, Grzegorz. (2009). Seasonal variation in the diet of the Amur kestrel (Falco amurensis) in its winter quarter in Lesotho. African Journal of Ecology. পৃ. 559–562
  11. ↑ Alexander, Jarryd; Symes, Craig T. (2016). Temporal and spatial dietary variation of Amur falcons (Falco amurensis) in their South African nonbreeding range. Journal of Raptor Research. পৃ. 276–288
  12. ↑ Pietersen, Darren W; Symes, Craig T. (2010). Assessing the diet of Amur Falcon Falco amurensis and Lesser Kestrel Falco naumanni using stomach content analysis. Ostrich: Journal of African Ornithology. পৃ. 39–44
  13. ↑ Anderson, R. Charles. (2009). Do dragonflies migrate across the western Indian Ocean?. Journal of Tropical Ecology. পৃ. 347–358
  14. ↑ Dixon, A.; Purev-Ochir, G.; Batbayar, N. (2011). Autumn migration of an Amur Falcon Falco amurensis from Mongolia to the Indian Ocean tracked by satellite. Forktail. পৃ. 81–84
  15. ↑ Piross, I. Sandor. (2015). Louse (Insecta: Phthiraptera) infestations of the Amur Falcon (Falco amurensis) and the Red-footed Falcon. Ornis Hungarica. পৃ. 58–65
  16. ↑ BirdLife International. (2021). Falco amurensis
  17. ↑ Ali, S; S. Dillon Ripley. Handbook of the Birds of India and Pakistan.. Oxford University Press. পৃ. 361–363
  18. ↑ Harris, Gardiner. (5 January 2015). Falcon Hunters Become Fervent Preservationists (Published 2015). The New York Times
  19. ↑ Boyes, Steve. Safe Passage For Amur Falcons Through India. National Geographic
  20. ↑ Kudalkar, Sahila; Veríssimo, Diogo. (2024-07-25). From media campaign to local governance transition: Lessons for community-based conservation from an Amur falcon hunting ban in Nagaland, India. Conservation Science and Practice

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আমুৰ ফেলকন” প্ৰবন্ধৰ সংশোধন ৬২৪১০২ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।