প্ৰকৃতি আৰু পৰিৱেশ
উদ্ভিদ, প্ৰাণী, ৰাষ্ট্ৰীয় উদ্যান আৰু জৈৱ-বৈচিত্ৰ্য · ১,০১২ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
চলা সংৰক্ষিত বনাঞ্চল
চলা সংৰক্ষিত বনাঞ্চল (Chala Reserve Forest) বা চলাপথাৰ সংৰক্ষিত বনাঞ্চল (Chalapathar Reserve Forest) হৈছে অসমৰ চৰাইদেউ জিলাৰ চলাপথাৰ শ্যাম গাঁৱত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল। শিৱসাগৰ বন বিভাগৰ অধীনৰ চলা সংৰক্ষিত বনাঞ্চলখন প্ৰায় ৬৮৩ হেক্টৰ মাটিকালিৰে বিস্তৃত হৈ আছে।
-
চিংৰা ৰাষ্ট্ৰীয় উদ্যান
চিংৰা ৰাষ্ট্ৰীয় উদ্যান (Singra National Park; সিংড়া জাতীয় উদ্যান) হৈছে বাংলাদেশৰ উত্তৰ অঞ্চলৰ দিনাজপুৰ জিলাত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল। স্থানীয়ভাৱে ইয়াক চিংৰা শাল বনাঞ্চল নামেৰে জনা যায়।
-
চিত্ৰাল ৰাষ্ট্ৰীয় উদ্যান
চিত্ৰাল গোল ৰাষ্ট্ৰীয় উদ্যান (উৰ্দুঃ چترال گول نیشنل پارک) পাকিস্তানৰ অন্যতম ৰাষ্ট্ৰীয় উদ্যান। ই চিত্ৰাল চহৰৰ পৰা দুঘণ্টাৰ গাড়ীৰে যাত্ৰাৰ দূৰত্বত চিত্ৰাল নদীৰ কাষত পাকিস্তানৰ খাইবাৰ-পাখতুনখোৱা প্ৰদেশৰ নিম্ন চিত্ৰাল জিলাত অৱস্থিত। উদ্যানখন চিত্ৰাল ৰাষ্ট্ৰীয় উদ্যান নামেৰেও জনাজাত।
-
ছফিয়িভকা উদ্যান
ছফিয়িভকা উদ্যান (Sofiyivka Park; ইউক্ৰেইনীয়: Софіївський парк) বা ছোফিয়িভকাপাৰ্ক (ইউক্ৰেইনীয়: Парк «Софіївка»; পোলিছ: Park Zofiówka) হৈছে এক বৃক্ষ উদ্যান (উদ্ভিদ উদ্যানৰ ধৰণৰ) আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ এক বৈজ্ঞানিক-গৱেষণা প্ৰতিষ্ঠান (NASU-ৰ জীৱবিজ্ঞান বিভাগ)।
-
ছাইৰঙী মূৰৰ বুলবুলি
ছাইৰঙী মূৰৰ বুলবুলি (Grey-headed bulbul; বৈজ্ঞানিক নামঃ Microtarsus priocephalus) পাইকন’ন’টিডে (Pycnonotidae)পৰিয়ালৰ এবিধ বুলবুলি। ই দক্ষিণ-পশ্চিম ভাৰতৰ পশ্চিম ঘাটৰ স্থানীয় চৰাই, আৰু গোৱাৰপৰা দক্ষিণে তামিলনাডুলৈকে ১২০০ মিটাৰ পৰ্যন্ত উচ্চতাত ইয়াক পোৱা যায়।
-
ছাবেলা পাভোনিনা
ছাবেলা পাভোনিনা (Sabella pavonina, সাধাৰণতে ময়ূৰ কৃমি বুলি জনাজাত) হৈছে Sabellidae পৰিয়ালৰ অন্তৰ্গতএটা সাগৰীয় পলিচেট কৃমি। পশ্চিম ইউৰোপ আৰু ভূমধ্যসাগৰীয় উপকূলত ইহঁতক পোৱা যায়। বোকা, বালি বা শিলগুটিৰ বিছনা থকা অগভীৰ, জোৱাৰ-ভাটাৰ পানীত ইয়াক পোৱা যায়।
-
জংঘলী আঁচযুক্ত কেৰ্কেটুৱা
__NOTOC__ জংঘলী আঁচযুক্ত কেৰ্কেটুৱা,: jungle palm squirrel, jungle striped squirrel, or Western Ghats squirrel (Funambulus tristriatus), হৈছে স্কিউৰিডে পৰিয়ালৰ অন্তৰ্গত এটা স্তন্যপায়ী নিগনি-জাতীয় প্ৰাণী। ইহঁতক জংঘলী তাল-কেৰ্কেটুৱা,বা পশ্চিমঘাটৰ কেৰ্কেটুৱা আদি নামেৰেও জনা যায়।
-
জাতি বেত
জাতি বেত বা কেলামাছ টেনুইছ (Calamus tenuis) আৰেকাচিয়া পৰিয়ালৰ অন্তৰ্গত এবিধ এবিধ সৰু আকাৰৰ বেত জাতীয় উদ্ভিদ। ই ভাৰত (অসম), বাংলাদেশ, ভূটান, কম্বোডিয়া, লাউচ, ম্যানমাৰ, ভিয়েটনাম, জাভা আৰু সুমাত্ৰাৰ থলুবা উদ্ভিদ। বৰ্তমান ই আই ইউ চি এন ৰঙা তালিকাৰ সংকটৰপৰা মুক্ত প্ৰজাতি।
-
জাবিল পাৰ্ক
জাবিল পাৰ্ক ( Zabeel Park) হৈছে সংযুক্ত আৰব আমিৰশ্বাহীৰ ডুবাইৰ জাবিল জিলাত অৱস্থিত এখন নগৰীয়া ৰাজহুৱা উদ্যান। ইয়াৰ উত্তৰ দিশত শ্বেখ ৰছিদ পথ, উত্তৰ-পশ্চিমে শ্বেখ খলিফা বিন জায়েদ পথ আৰু দক্ষিণে শ্বেখ জায়েদ পথ।
-
জাভাৰ গঁড়
জাভাৰ গঁড় সুন্দা গঁড় বা কম এশিঙিয়া গঁড় হৈছে ৰাইনোচেৰোটিডা গঁড় পৰিয়ালৰ অন্তৰ্গত। সমগ্ৰ দক্ষিণ এছিয়া আৰু আফ্ৰিকাত বাকী থকা পাঁচটা উষ্ণ গঁড়ৰ প্ৰজাতিৰ এটাৰ গুৰুতৰভাৱে বিপদাপন্ন প্ৰজাতি হৈছে জাভাৰ গঁড়।
-
জিগমে দৰ্জী ৰাষ্ট্ৰীয় উদ্যান
জিগমে দৰ্জী ৰাষ্ট্ৰীয় উদ্যান (জে. ডি. এন. পি.) (Jigme Dorji National Park) হ'ল ভূটানৰ দ্বিতীয় বৃহৎ ৰাষ্ট্ৰীয় উদ্যান।
-
জিম্বু
জিম্বু পিয়াঁজ পৰিয়ালৰ অন্তৰ্গত এবিধ বনৌষধি, নেপালৰ কিছুমান অঞ্চলত আৰু ভাৰতৰ কিছু মধ্য হিমালয়ৰ ৰাজ্য যেনে উত্তৰাখণ্ডত ব্যাপকভাৱে ব্যৱহাৰ কৰা হয়, য'ত ইয়াক জাম্বু বা ফাৰাণ বুলি কোৱা হয়। ই এলিয়ামৰ দুটা প্ৰজাতিৰ দ্বাৰা গঠিত, (ক) hypsistum আৰু (খ) przewalskianum।
-
ঝিলী
ঝিলী (Cicada) এবিধ হেমিপটেৰা (Hemiptera) বৰ্গৰ আউশনোৰহাইনছা (Auchenorrhyncha) উপবৰ্গৰ পতংগ। ঝিলী ছিকাডোইডিয়া মহাশ্ৰেণীৰ অন্তঃৰ্গত। চকুৰে সহজে দেখা পোৱা সীৰাৰে সৈতে, ইয়াৰ পাখিহাল ভালদৰে বিকশিত। কিছুমান প্ৰজাতিৰ আকৌ পাখিৰ আৱৰণ স্বচ্ছ হোৱাও দেখা যায়।
-
টাইটান আৰাম
টাইটান আৰাম হৈছে এৰেচি (Araceae) পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সপুষ্পক উদ্ভিদ। ইয়াৰ এটা ডাঙৰ ডালবিহীন পুষ্পশোভিত মুঠি থাকে; গছজোপাৰ ওখ এখিলা পাত থাকে, যিখিলা গছৰ দৰে শাখা-প্ৰশাখা যুক্ত হয়; আৰু এটা গধুৰ কন্দ থাকে যিয়ে উদ্ভিদ জোপাক পুষ্প উৎপাদন কৰিবলৈ সক্ষম কৰে।
-
টাইফʼনিয়াম
টাইফʼনিয়াম (Typhonium) হৈছে এৰেচি পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদৰ গণ। ই পূব আৰু দক্ষিণ এছিয়া, নিউ গিনি আৰু অষ্ট্ৰেলিয়াৰ স্থানীয় উদ্ভিদ। ইয়াক বেছিকৈ কাঠনি অঞ্চলত গজি থকা দেখা যায়। প্ৰজাতি Typhonium acetosella Gagnep. - Cambodia, Laos, Thailand, Vietnam Typhonium adnatum Hett. & Sookch.
-
টিকনি জৱা
টিকনি জৱা (বৈজ্ঞানিক নাম: Malvaviscus arboreus) হৈছে মালভাচিয়া পৰিয়ালৰ অন্তৰ্গত জৱা গণৰ সপুষ্পক উদ্ভিদৰ এটা প্ৰজাতি। ই দক্ষিণ আমেৰিকা যুক্তৰাষ্ট্ৰ, মেক্সিকো, মধ্য আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ এবিধ স্থানীয় উদ্ভিদ। প্ৰজাতিৰ নাম আৰ্বোৰিয়াচে পূৰ্ণবয়স্ক উদ্ভিদৰ বৃক্ষক দৰে ৰূপক বুজায়।
-
টুৱাটেৰা
টুৱাটেৰা (মাওৰি, tuatara) নিউজিলেণ্ডৰ এবিধ নিজা-থলুৱা সৰীসৃপ। জেঠীজাত জীৱৰ দৰে দেখিলেও ইহঁত বেলেগ এটা গুৰি-গোষ্ঠীৰ, যিটো হ’ল ৰাইংক’চেফালিয়া বৰ্গ। ইহঁতৰ নামটো মাওৰি ভাষাৰ পৰা আহিছে যাৰ অৰ্থ "পিঠিত শৃংগ"। ২০ কোটি বছৰমান আগতে উন্নতি লাভ কৰা বৰ্গটোৰ এটাই টুৱাটেৰাৰ প্ৰজাতি বাচি আছে।
-
টোকোৰা
টোকোৰা (Black-throated Weaver, বৈজ্ঞানিক নাম-Ploceus benghalensis) ভাৰতৰ নদীকাষৰীয়া সমতল ভূমিত দেখা পোৱা এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। ইহঁতক ঘাইকৈ প্ৰজননৰ সময়ত সঁজা চকুত লগা বিশেষধৰণৰ বাহৰ বাবে জনা যায়।
-
ডবাশেন
ডবাশেন(Western Marsh-harrier, বৈজ্ঞানিক নাম-Circus aeruginosus) এটা ডাঙৰ আকাৰৰ মাংসভোজী চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে এছিয়া আৰু আফ্ৰিকা মহাদেশৰ প্ৰায়বোৰ অঞ্চলতে দেখা পোৱা যায়।
-
ডানাম উপত্যকা সংৰক্ষিত এলেকা
ডানাম উপত্যকা সংৰক্ষিত এলেকা (Danum Valley Conservation Area) হৈছে মালয়েছিয়াৰ চাবাহ (Sabah)ৰ ৪৩৮ বৰ্গ কিলোমিটাৰ জুৰি বিস্তৃত হৈ থকা এক ডিপ্টেৰ’কাৰ্প (dipterocarp) অৰণ্য। এই সংৰক্ষিত এলেকাত যথেষ্ট সংখ্যক গ্রীষ্মমণ্ডলীয় উদ্ভিদ আৰু প্রাণী দেখিবলৈ পোৱা যায়।
-
ডাল
ডাল, যাক উদ্ভিদ বিজ্ঞানত ৰেমুছ বুলিও কোৱা হয়, এটা কাণ্ডৰ পৰা ওলোৱা আন এটা কাণ্ড, বা পাতৰ সিৰাৰ দৰে গঠনত সৰু সৰু শিৰাত বিভক্ত হৈ গজি উঠা কাণ্ড।
-
ডেনিছন বাৰ্ব
ডেনিছন বাৰ্ব, ডেনিছনছ বাৰ্ব, মিছ কেৰালা, ৰেড-লাইন টৰ্পিডো বাৰ্ব বা ৰোজলাইন ছাৰ্ক: Denison barb, Denison's barb, Miss Kerala, red-line torpedo barb, or roseline shark(Dawkinsia denisonii), হৈছে ভাৰতৰ পশ্চিম ঘাটৰ দ্ৰুত গতিত বৈ যোৱা পাহাৰীয়া জুৰি, নৈ আৰু নদীত থকা এটা বিপন্ন প্ৰজাতিৰ চাইপ্ৰিনিড…
-
ডৌডৌ চৰাই
ডৌডৌ (Dodo; ৰেফাচ কুকুলেটাচ) ভাৰত মহাসাগৰৰ মৰিচাচ দ্বীপৰ থলুৱা চৰাই আছিল। ইহঁত উৰিব নোৱাৰা চৰাই আছিল। ১৬ শতিকাৰ শেষত মানুহে ইহঁতৰ বৰ বেছিকৈ চিকাৰ কৰাৰ ফলত ইহঁত বিলুপ্ত হৈ গৈছিল। জীয়াই থকা জীৱৰ ভিতৰত ইহঁত পাৰ আৰু কপৌ চৰাইৰ লগত আটাইতকৈ ওচৰ-সম্পৰ্কীয়, আৰু ইহঁতক ৰেফাইনায় উপপৰিয়ালে সাঙুৰি লয়।
-
তেলীয়া সাৰেং
তেলীয়া সাৰেংৰ ইংৰাজী নাম: Black-necked Stork আৰু বৈজ্ঞানিক নাম: Ephippiorhynechus asiaticusasiaticus। ইয়াৰ ঠেং দীঘল, ডিঙি দীঘল আৰু গোটেই গাটোৰ আকাৰ প্ৰায় ১৪০-১৫০ ছেণ্টিমিটাৰ। ওখ প্ৰায় ২৩০ ছেণ্টিমিটাৰ। ঠোঁট ক’লা আৰু দীঘল। ঠেং উজ্জ্বল ৰঙা, মূৰ ডিঙি ডেউকাৰ মাজৰ পাখি ক’লা (অলপ চিকচিকিয়া ডাঠ নীলা)।
-
তৰা আপেল
তৰা আপেল (ইংৰাজীঃ STAR APPLE, বৈজ্ঞানিক নামঃ Chrysophyllum cainito) হৈছে দক্ষিণ পূব এচিয়াৰ গ্ৰীষ্মমণ্ডলত উপলব্ধ এবিধ Sapotaceae পৰিয়ালৰ অন্তৰ্গত ফল। ই পানামাৰ ঠেক উপকূল অঞ্চলত উপলব্ধ এক স্থানীয় বৃক্ষজাতীয় গছৰ ফল। সময়ৰ লগত ইয়াৰ চাহিদাৰ প্ৰতি লক্ষ্য কৰি ইয়াৰ খেতি আৰম্ভ হৈছে।
-
দক্ষিণৰ বগা-গালৰ হলৌ বান্দৰ
দক্ষিণৰ বগা-গালৰ হলৌ বান্দৰ (Southern white-cheeked gibbon; বৈজ্ঞানিক নামঃ Nomascus siki) হৈছে ভিয়েটনাম আৰু লাওছৰ এক স্থানীয় প্ৰজাতিৰ হলৌ বান্দৰ। উত্তৰৰ বগা-গালৰ হলৌ বান্দৰ (নমাস্কছ লিউকোজেনিছ) আৰু হালধীয়া-গালৰ হলৌ বান্দৰ (ন'মাস্কছ গেব্ৰিয়েলা)ৰ সৈতে ইয়াৰ ঘনিষ্ঠ সম্পৰ্ক আছে।
-
দুবৰি বন
দুবৰি বন (বৈজ্ঞানিক নাম: Cynodon dactylon) এবিধ ঘাঁহ জাতীয় ঔষধি উদ্ভিদ। ভাৰতীয় সংস্কৃতিত দুবৰি বনৰ বিশেষ মহত্ত্ব আছে। বিভিন্ন ধৰ্মীয় অনুষ্ঠানত দুবৰি বন ব্যৱহাৰ কৰা হয়। আফ্ৰিকা মহাদেশৰ স্থানীয় ঘাঁহবিধ বৰ্তমান গোটেই বিশ্বতে পোৱা যায়।
-
ধোঁৱাবৰণীয়া নলচুপি চৰাই
ধোঁৱাবৰণীয়া নলচুপি চৰাই (Ashy Prinia, বৈজ্ঞানিক নাম-Prinia socialis) 'Cisticolidae' পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি। এই চৰাইবিধ নগৰীয়া অঞ্চলত বিশেষকৈ উদ্যান আৰু খেতি-পথাৰত সততে দেখা পোৱা যায়।
-
ধৰ্মপুৰ ৰাষ্ট্ৰীয় উদ্যান
ধৰ্মপুৰ ৰাষ্ট্ৰীয় উদ্যান (Dharmapur National Park) উত্তৰ বাংলাদেশৰ দিনাজপুৰ জিলাৰ বীৰাল উপজিলাৰ ধৰ্মপুৰ ইউনিয়নত অৱস্থিত এখন সংৰক্ষিত বনাঞ্চল৷ ২০২১ চনৰ ২৪ নৱেম্বৰত ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়।
-
নিক্ক' ৰাষ্ট্ৰীয় উদ্যান
নিক্ক' ৰাষ্ট্ৰীয় উদ্যান (Nikkō National Park জাপানৰ মূল দ্বীপ হনছু (Honshu) ৰ কান্টো অঞ্চল (Kantō region)ৰ এখন ৰাষ্ট্ৰীয় উদ্যান। টচিগি (Tochigi), গুনমা (Gunma) আৰু ফুকছিমা (Fukushima) নামৰ তিনিখন প্ৰদেশ বা প্ৰিফেকচাৰত বিস্তৃত এই উদ্যানখন ১৯৩৪ চনত প্ৰতিষ্ঠা কৰা হৈছিল।