অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ইনলেণ্ড টাইপেন

ইনলেণ্ড টাইপেন (Inland Taipan) (বৈজ্ঞানিক নাম: Oxyuranus microlepidotus), বা স্মল স্কেলড স্নেক (Small Scaled Snake) বা ফিয়াৰছ্ স্নেক (Fierce Snake) একপ্ৰকাৰৰ বিষাক্ত সাপ। ইয়াৰ মূল বাসস্থান অষ্ট্ৰেলিয়া। ইনলেণ্ড টাইপেন পৃথিৱীৰ আটাইতকৈ বেছি বিষাক্ত সাপ হিচাপে জনাজাত।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ২৭৬ শব্দ · ২ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

ইনলেণ্ড টাইপেন (Inland Taipan) (বৈজ্ঞানিক নাম: Oxyuranus microlepidotus), বা স্মল স্কেলড স্নেক (Small Scaled Snake) বা ফিয়াৰছ্ স্নেক (Fierce Snake) একপ্ৰকাৰৰ বিষাক্ত সাপ। ইয়াৰ মূল বাসস্থান অষ্ট্ৰেলিয়া। ইনলেণ্ড টাইপেন পৃথিৱীৰ আটাইতকৈ বেছি বিষাক্ত সাপ হিচাপে জনাজাত।১২ ই এলাপিডি পৰিয়ালৰ অন্তৰ্গত টাইপেন গণৰ এটি প্ৰজাতি। যদিও ই অত্যন্ত বিষধৰ, তথাপিও আচাৰ-আচৰণৰ দিশৰ পৰা ই এটি যথেষ্ট শান্ত আৰু পৰাপক্ষত লুকাই থাকিবলৈ ভাল পায়। বিপদত পৰিলে ই প্ৰথমে পলাবলৈ চেষ্টা কৰে। উপায়হীন হলে দংশন কৰে।৩

বৰ্ণনা

ইনলেণ্ড টাইপেনৰ ছাল গাঢ় ৰং বিশিষ্ট। ই গাঢ় বাদামী ক'লাৰ পৰা ক'লা ছানেকীয়া সেউজীয়া ৰঙৰ হব পাৰে। ইয়াৰ পিছফাল আৰু নেজ সাধাৰণিতে ধূসৰ ৰঙৰ আৰু বাদামী ৰং বিশিষ্ট। কিছু কিছু ক্ষেত্ৰত ক'লা ৰঙৰো হোৱা দেখা যায়। ইনলেণ্ড টাইপেনৰ গড় দৈৰ্ঘ প্ৰায় 1.8 মিটাৰ আৰু সৰ্বোচ্চ 2.5 মিটাৰ হব পাৰে।৪

ভূ-তাত্ত্বিক বিস্তৃতি

ইনলেণ্ড টাইপেনৰ মূল বাসস্থান হৈছে অষ্ট্ৰেলিয়াৰ মধ্যভাগৰ শুষ্ক আৰু অনুৰ্বৰ অঞ্চল, তাৰপৰা উত্তৰাঞ্চলৰ টেৰীটৰি, দক্ষিণ-পশ্চিমাঞ্চল, আৰু পশ্চিম কুইনছ লেণ্ড। তদুপৰি আয়াৰ হ্ৰদৰ উত্তৰে, মাৰি নদীৰ পশ্চিম প্ৰান্ত, আৰু ডাৰ্লিং নদী আৰু আৰু মাৰাম্‌বিজি নদীৰ অৱবাহিকাত এই সাপৰ বিস্তৃতি লক্ষ্য কৰা যায়। শুস্ক অঞ্চলত এই সাপ ব্যাপক ভাবে দেখিবলৈ পোৱা যায়।

আচৰণ

ইনলেণ্ড টাইপেন মূলত এটি গাঁতত বাস কৰা সাপ। ইয়াৰ মূল খাদ্য তালিকাত সাধাৰণতে সৰু নিগনি জাতীয় জীৱ অন্তৰ্ভুক্ত।

খাদ্যাভাস

এই সাপ মূলত নিগনি জাতীয় জীৱ, এন্দুৰ, আৰু পক্ষী খাই জীৱন নিৰ্বাহ কৰে। চিকাৰৰ বাবে ই চুপ লৈ চিকাৰ কৰে আৰু দংশনৰ মাধ্যমত চিকাৰক ধৰাশায়ী কৰে। তাৰপিছত নিৰাপদে চিকাৰ ভক্ষণৰ বাবে চিকাৰৰ মৃত্যু পৰ্যন্ত অপেক্ষা কৰে।

প্ৰজনন

কণী পৰাৰ সময় হলে ইনলেণ্ড টাইপেনে একেলগে ১২-২৪টা কণী পাৰে। দুই মাহ পিছত কণীৰ পৰা পোৱালি জাগে। সচৰাচৰ কোনো প্ৰাণীৰ পৰিত্যক্ত বসবাসৰ ঠাইত ই কণী পাৰে। অন্যান্য প্ৰাণীৰ দৰে প্ৰজনৰ হাৰ খাদ্যৰ সহজলভ্যতাৰ ওপৰত নিৰ্ভৰ কৰে। খাদ্যৰ অভাৱত ইহঁতৰ প্ৰজনৰ হাৰ কমি যায়।

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ LD50 Values for snake venom, 1999
  2. ↑ www.manbir-online.com
  3. ↑ Our Animals - Reptiles - Venomous Snakes - Fierce Snake. Australia Zoo
  4. ↑ Fierce Snake (Inland Taipan). Australian Reptile Park

সম্পৰ্কিত শ্ৰেণী

সাপ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইনলেণ্ড টাইপেন” প্ৰবন্ধৰ সংশোধন ৬৩৮৪৫৩ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।