অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

আভাকাডো

আভাকাডো (Avacado) এবিধ সুস্বাদু ফল। ইয়াৰ বটানিকেল নাম হ'ল - Persea Americana। ভাৰতবৰ্ষত কোনো কোনো ঠাইত ইয়াক মাখন ফল বা Butter fruit বোলে। হিন্দী ভাষাত আভাকাডো- নাচপতি, কানাড়াত বেন্নহেনু্ আৰু কোনো কোনো অঞ্চলত কুলু-নাচপতি নামেৰে ইয়াক জনা যায়।

হালনাগাদ: ৪ ছেপ্তেম্বৰ ২০২৪ ৭৭২ শব্দ · ৪ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

আভাকাডো (Avacado) এবিধ সুস্বাদু ফল। ইয়াৰ বটানিকেল নাম হ'ল - Persea Americana। ভাৰতত কোনো কোনো ঠাইত ইয়াক মাখন ফল বা Butter fruit বোলে। হিন্দী ভাষাত আভাকাডো- নাচপতি, কন্নড় ভাষাত বেন্নহেনু্ আৰু কোনো কোনো অঞ্চলত কুলু-নাচপতি নামেৰে ইয়াক জনা যায়। নাচিকত স্থাপিত "অল ইণ্ডিয়া আভাকাডো প্ৰডিউচাৰ এচচিয়েচনৰ" তথ্যমতে ভাৰতবৰ্ষত যোৱা বছৰ জুলাই মাহত আভাকাডো গছৰ সংখ্যা আছিল ১৫০০ জোপা আৰু ইয়াৰ পৰা বাৰ্ষিক ৩ লাখ ফল প্ৰাপ্তি হয়। ভাৰতবৰ্ষত বৰ্তমান কেৰালা, তামিলনাডু, মহাৰাষ্ট্ৰ আৰু ছিক্কিমত আভাকাডোৰ খেতি হয়।

উৎপত্তি

বুৰঞ্জীমূলক তথ্য মতে আভাকাডোৰ প্ৰথম প্ৰথম উৎপত্তিৰ স্থল হ'ল খৃষ্টপূৰ্ব ১০০০০ চনতেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেস্কিকো দেশত১। মেক্সিকো হ'ল উত্তৰ আমেৰিকাৰ এখন বৃহৎদেশ। ই হ'ল বিশ্বৰ ১৩নং বৃহত্তম দেশ। ইয়াৰ উত্তৰে অৱস্থিত ইউনাইটেড ষ্টেটচ অৱ আমেৰিকা। মেস্কিকোৰ মূল ভাষা হ'ল স্পেনিচ। ক্ৰমে আভাকাডোৰ গছ মধ্য আমেৰিকা,দক্ষিণ আমেৰিকা, জামেইকা দ্বীপ আৰু আমেৰিকা মহাদেশৰ আন আন অঞ্চললৈও সিঁচৰিত হৈ পৰিল। আভাকাডো হ'ল উষ্ণ আৰু ভূমধ্য-সাগৰীয় (Tropical & Meditarian) অঞ্চলৰ পৰিবেশত পালিত হব পৰা এবিধ চিৰ সেউজীয়া গছ।

নামৰ ইতিহাস

বৃক্ষত ওলমি থকা অৱস্থাত কিছুমান আভাকাডো
বৃক্ষত ওলমি থকা অৱস্থাত কিছুমান আভাকাডোছবি: nsaum75¡שיחת!‎ · CC BY-SA 3.0

১৬৯৬ চনত হংচ স্ল'য়ানি নামৰ প্ৰকৃতিবিদ এজনে আভাকাডোৰ নাম "ইণ্ডেস্ক অৱ জামেইকান প্লান্টত" পোন প্ৰথম বাৰৰ বাবে উল্লেখ কৰিলে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰথম ৰাষ্ট্ৰপতি (১৭৮৭ - ১৭৯৭) জৰ্জ ৱাচিংটনেও নিজৰ অভিজ্ঞতা কথা বৰ্ণনা কৰোঁতে আভাকাডো গছৰ খেতিৰ কথা উল্লেখ কৰিছে।

স্পেনিচ ভাষাত 'আহুৱাকাটি' শব্দৰ অৰ্থ হ'ল অণ্ডকোষ। এই বিধ ফলৰ আকৃতি দেখাত অণ্ডকোষৰ নিচিনা আৰু ই পুৰুষৰ উৰ্বৰা শক্তি বঢ়ায় বুলি এটা ধাৰণা প্ৰাচীন কালৰ পৰা চলি আহিছে। সেয়ে 'আহুৱাকাটি' ৰ পৰা আভাকাডো নামৰ উৎপত্তি হ'ল। পৰ্টুগিজসকলে কয় আবাকাটি।

প্ৰসাৰ

২০০৫ চনত আভাকাডোৰ গোলকীয় উৎপত্তি
২০০৫ চনত আভাকাডোৰ গোলকীয় উৎপত্তিছবি: Anwar saadat at English Wikipedia · CC BY-SA 3.0
খাদ্য আৰু কৃষি
Avocado.jpeg
আভাকাডো ফল (cv. 'Fuerte'); left: whole, right: in section
দেশপৰিমাণ(Tm)বিশ্বত স্থান২
মেক্সিকো1,040,3901
ইণ্ডোনেছিয়া263,5752
আমেৰিকা যুক্তৰাষ্ট্ৰ214,0003
কলম্বিয়া185,8114
ব্ৰাজিল175,0005
চিলি163,0006
ডমিনিকান ৰিপাব্লিক140,0007
পেৰু102,0008
চীন85,0009
ইথিয়োপিয়া81,50010
২

১৭৫০ চনত ইণ্ডোনেছিয়া,১৮০৯ চনত ব্ৰাজিল,১৯৬০ চনত গ্ৰেট ব্ৰিটেইনলৈ আভাকাডোৰ খেতি প্ৰসাৰিত হ'ল। উনৈশ শতিকাৰ শেষলৈ ভাৰত, শ্ৰীলংকা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, ফিলিপাইন, দক্ষিণ আফ্ৰিকা, স্পেইন, মৰেক্কো, পৰ্টুগাল, পেৰু, কলম্বিয়া, ভিয়েটনাম, ইজৰাইল, কেনিয়া, ৱেষ্টইণ্ডিজ, ইথিয়োপিয়া আদি নানান দেশতো আভকাডোৰ গছ উপলদ্ধ হৈ পৰিল।

ব্যৱহাৰ

গুটিৰ পৰাও গছ হয় যদিও ডালৰ কলমৰ পৰা ভাল ফল পোৱা যায়। ৬বছৰত গছে পূৰ্ণতা পায়। গছজোপা ৬০/৭০ফুট ওখ হয় আৰু ফল লাগিব আৰম্ভ হয়। বছৰত এবাৰেই এজোপা গছে ৬কুৰিটালৈকে ফল দিয়ে। পাতবোৰৰ আৰু ইয়াৰ ফুলৰ আম গছৰ লগত সাদৃ্শ্য আছে যদিও ই কৰ্পূৰ (Camphor)জাতীয় গছহে। আমোদৰ কথা আভাকাডো যদিও ফল ইয়াক পাচলিৰ দৰেহে ব্যৱহাৰ কৰা হয়। কলগছৰ দৰে ইয়াৰ ডাল-পাতৰ পৰা আঠা বা লেটেস্ক ওলায়। জন্তুৰ বাবে এই গছৰ ছাল পাত অপকাৰী- বিষক্ৰিয়া কৰিব পাৰে। এই লেটেস্ক কিছুমান মানুহৰ বাবেও এলাৰ্জিৰ কাৰণ হব পাৰে। কলৰ দৰেই আভাকাডোৰ ফল গছত নপকে। পূৰঠ ফল চিঙি সাধাৰণ তাপমাত্ৰাত থলে ৪। ৫দিনত পকে। কল বা আপেলৰ লগত কাগজেৰে মেৰাই থলে সোণকালে পকে। পকা ফল বেয়া নোহোৱাকৈ ফ্ৰিজত ৪। ৫দিন ৰাখিব পাৰি। আভাকাডোৰ ৰঙ সাধাৰণতে ডাঠ সেউজীয়া নাইবা কিছু কজলা। ছালখন কঠালৰ বাকলিতকৈ সৰু-সৰুকৈ কিছু খহটা। আৰম্ভণিতে তিনিটা আভাকাডোৰ এতিয়া জাতি (ভেৰাইটি) এতিয়া প্ৰায় ৪০টা জাতি হৈছে। জাতি ভেদে ফলৰ ৰঙ আৰু বাহিৰৰ ছালৰ কিছু তাৰতম্য দেখা যায়। বাহিৰত নাচপতিৰ বা কণীৰ নিচিনা আকৃতিৰ এই ফলৰ ভিতৰত এটা ডাঙৰ টান গুটি থাকে। একোটা ফল ৭ৰ পৰা ২০ চেন্টিমিটাৰ চাইজৰ আৰু ওজনত প্ৰায় দেৰশ গ্ৰামৰ হয়। গুটিৰ ভিতৰৰ পৰা ওলোৱা ৰসৰে আগতে ৰঙা চিঞাহি তৈয়াৰ কৰিছিল। আভাকাডোৰ চিঞাহিৰে লিখা কিতাপ আজিকালি সংগ্ৰহালয়ৰ সম্পদ। ফলৰ ভিতৰৰ ৰঙ পাতল ক্ৰিম বৰণৰ। ফলটো কাটি থলে বতাহত ৰঙ মূগা বৰণলৈ সলনি হয়। কিন্তু অলপ নেমুৰ ৰস সানি দিলে ৰঙ সলনি নহয়।

আভাকাডো খোৱাৰ পদ্ধতি

পকাই লোৱা আভাকাডোৰ বাকলি গুচোৱাৰ প্ৰয়োজন নাই। দক্ষিণ ভাৰতত মিল্ক শ্বেকত নহল ডোচা বা ৰুটিৰ লগৰ চাটনিত আভাকাডো ব্যৱহাৰ হয়। এইবিধ ফল মিঠা নহয়-খাবলৈ মাখনৰ নিচিনা স্বাদ এটা আছে। বিশ্বৰ বিভিন্ন ঠাইত মানুহে আভাকাডো বেলেগ বেলেগ ধৰণেৰে খায়। সাধাৰণতে ফ্ৰুট চালাডত নহলে ভিজিটেবল চালাডত মিহলাই খোৱা যায়। আইচক্ৰিমত নহলে চেণ্ডৱিচত দিও বহুতে খায়। ফিলিপাইন আৰু ইথিয়োপিয়াত আভাকাডো চৰবত বনাই খায়। আজিকালি আভাকাডো বনোৱাৰ ম্যেনুৰ বিজ্ঞাপন ইন্টাৰনেটত ওলোৱাটোৱেই বুজায় ইয়াৰ প্ৰতি মানুহৰ বৰ্দ্ধিত আকৰ্ষণ।

আভাকাডোত থকা তত্বসমূহ

আভাকাডোত আছে কেলচিয়াম, লৌহতত্ব, ফচফৰাচ, পটাচিয়াম, ভিটামিন-এ, ভিটামিন-বি কম্পেস্ক, ভিটামিন-চি, ভিটামিন-ডি, ভিটামিন-ই, ভিটামিন-কে আৰু অমেগা-৩। ইয়াত থকা চৰ্বিবিধ হ'ল শৰীৰৰ উপকাৰী মনোআনচেচুৰেটেড ফেট। চডিয়াম আৰু কলেষ্টৰল নাম মাত্ৰও নাই।

আভাকাডোয়ে যৌন শক্তি বঢ়ায় আৰু বাৰ্দ্ধক্য ৰোধ কৰে বুলি প্ৰাচীনকালত মানুহৰ মনত বিশ্বাস আছিল। বিজ্ঞানসন্মত ভাবে দেখা গৈছে -আভাকাডোয়ে মুখৰ, বক্ষৰ, প্ৰষ্টেটৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে- 'গ্লুটাথিয়ন' নামৰ এটা লাগতিয়াল এন্টিঅস্কিডেন্ট আভাকাডোত আছে। তেজত থকা বৰ্দ্ধিত কলেষ্টৰল হ্ৰাস কৰে। হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে -ইয়াত থকা 'ফলেট' নামৰ তত্বই ষ্ট্ৰ'ক ৰোধ কৰে। বেক্টিয়াৰোধক তত্ব আভাকাডোত থকা হেতুকে যি কোনো ঘা শুকোৱাত সহায় কৰে। চকুৰ বাবে উপকাৰী-ইয়াত থকা 'লুটিন' নামৰ তত্বই কেটেৰেক্ট ৰোধ কৰে আৰু চকুৰ ৰেটিনাক সুৰক্ষা দিয়ে।

শৰীৰৰ ছাল আৰু সাধাৰণ স্বাস্থ্যৰ উন্নতিত আভাকাডোত থকা ভিটামিন-ইয়ে সহায় কৰে। মেদবহুলতা কমাবলৈও আভাকাডো ব্যৱহৃত হয়। ডায়েবেটিচ আৰু উচ্চ ৰক্তচাপ থকা ৰোগীৰ বাবেও আভাকাডো হ'ল উপযোগী পথ্য।

মানসিক ডিপ্ৰেচনৰ বাবে MAO Inhibitor দৰৱ খাই থকা ৰোগীয়ে একে সময়তে আভাকাডো খাব নালাগে। অন্যসকলে এলাৰ্জিৰ ভয়ত নোখোৱাকৈ থাকিব নালাগে। আনাৰচ খায়ো এলাৰ্জি হোৱা দেখিছো। লাখৰ ভিতৰত কোনোবা এজনৰ যিকোনো খাদ্যৰ পৰাই এলাৰ্জি হব পাৰে। আভাকাডোৰ তেল কচমেটিকচত আৰু মালিশৰ বাবে ব্যৱহৃত হয়।

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Chen, H.; Morrell, P. L.; Ashworth, V. E. T. M. (2008). Tracing the Geographic Origins of Major Avocado Cultivars. Journal of Heredity. পৃ. 56–65
  2. ↑ FAO (2004) Major Producers of Avocado

সম্পৰ্কিত শ্ৰেণী

গুল্মফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আভাকাডো” প্ৰবন্ধৰ সংশোধন ৪৩০৮২৬ (৪ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।