ৰাইডাং বেত (Calamus rotang) ভাৰত, শ্ৰীলংকা আৰু ম্যানমাৰৰ থলুৱা এক বৃহৎ আকাৰৰ বেত জাতীয় উদ্ভিদ। ই এবিধ লতাজাতীয় উদ্ভিদ। ইয়াক আচবাব, খৰাহী, লাখুটি, ছাতিৰ নাল, মেজ, চকী আদি নিৰ্মাণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। দক্ষিণ-পূৱ এছিয়াত এই উদ্ভিদ প্ৰচুৰ পৰিমানে পোৱা যায়।
বিস্তৃতি
ৰাইডাং বেত ভাৰত, শ্ৰীলংকা আৰু ম্যানমাৰৰ থলুৱা উদ্ভিদ৷ অসমত এই বেত প্ৰধানকৈ কাৰ্বি আংলং জিলাৰ ধনশিৰি আৰু দলদলি বনাঞ্চল আৰু ডিব্ৰুগড় জিলাৰ পানীডিহিং বনাঞ্চলত উৎপত্তি হয়৷১
বিৱৰণ
ৰাইডাং বেতৰ আঁকুহি কাইটযুক্ত হয়৷ সুবিধা অনুযায়ী লতাডালে পোনপটীয়াভাৱে আকাশমুৱা হৈ আঁকুহিৰ সহায়ত গছৰ ওপৰলৈ উঠি যায়৷ কোছা কোছে উৎপত্তি হোৱা শিপাৰ মুঢ়াত বিকশিত হোৱা পোখাবোৰ ক্ৰমে ডাঙৰ হৈ একোজোপা জোপোহা গছৰ আকৃতি ধাৰণ কৰে৷ বৌখাৰ সহায়ত পাতৰ ঠাৰি ধৰে আৰু এই ঠৰুৱাৰ আগলি অংশত ছিৰিলি ছিৰিলি পাতবোৰ বিকশিত হয়৷ ৰাইডাং বেতৰ গুৰি ভাগতকৈ লতাডালৰ আগভাগ ক্ৰমে মোটা হয়৷ ১
ব্যৱহাৰ
ৰাইডাং বেত লাখুটি, লাঠি আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷ তাৰোপৰি এই বেতেৰে চকি,মেজ, খুঁটি আদিও সজা দেখা যায়৷এই বেতৰ আগলি ভাগে ধাৰণ কৰা কোমল বকটুৰ গাঁজ খাদ্য হিচাপেও খোৱা হয়৷১
বাহ্যিক সংযোগ
- The rattan palm by Anna Guglielmo, Pietro Pavone and Cristina Salmeri
- Carl Ludwig Blume's Rumphia vol.3 with numerous plates of rattan palms
তথ্যসূত্ৰ
- ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাইডাং বেত” প্ৰবন্ধৰ সংশোধন ৬১৫৭৭৩ (৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।