ৰাভেন পখিলা (Common Raven, বৈজ্ঞানিক নাম-Papilio castor) দক্ষিণ-পূব এছিয়াত বিস্তৃত হৈ থকা এবিধ চাতকনেজীয়া পখিলা (Swallowtail butterfly)ৰ প্ৰজাতি৷
বিৱৰণ

মতা ৰাভেন পখিলাৰ পাখিৰ ওপৰফালৰ বৰণ ক'লা৷ পাখিত হালধীয়া-মটিয়া বৰণৰ দাগ (scale) থকা দেখা যায়৷ তদুপৰি পাতলীয়াকৈ দীঘলীয়া আঁচ কিছুমানো থকা দেখা যায়৷ ইয়াৰ পিছফালৰ পাখি ( hind wing) ত ক্ৰীমবৰণীয়া দাগ কিছুমান থাকে, তাতে ডিম্বাকৃতিৰ এটা দাগ থাকে৷ আগফালৰ পাখি ( fore wing) ত তললৈ সৰু সৰু বগা দাগ থকা দেখা যায়৷
মাইকী ৰাভেন পখিলাৰ পাখিৰ ওপৰৰ অংশ (upperside) মতা ৰাভেন পখিলাতকৈ শেঁতা বৰণীয়া হয়৷ কিন্তু ইয়াৰ পাখিত থকা হালধীয়া বা ৰঙচুৱা দাগবোৰ বেছি ঘন হয়৷ ইয়াৰ আগফালৰ পাখিৰ দাগবোৰ মতা ৰাভেন পখিলাটোৰ দৰেই হয়৷ কেৱল ওপৰিঞ্চিকৈ ইয়াৰ পিছফালৰ পাখিত বিয়পি যোৱা ধূসৰ বগা দাগ কিছুমান থাকে৷ ইয়াৰ এন্টানাডাল ক'লা বৰণৰ, মূৰ, থ'ৰাক্স আৰু পেট অংশ ধূসৰ মটীয়া আৰু বগা ফুটুকীয়া হোৱা দেখা যায়৷ ১
শ্ৰেণীবিভাজন
ৰাভেন পখিলাৰ মূল প্ৰজাতি (nominate ) হৈছে Papilio castor৷ ইয়াৰে অন্যান্য ওচৰ সম্পৰ্কীয় প্ৰজাতিবোৰ হ'ল
- Papilio castor Westwood, 1842
- Papilio dravidarum Wood-Mason, 1880
- Papilio mahadeva Moore, [1879]
বিস্তৃতি
উত্তৰ-পূব ভাৰত, ম্যানমাৰ আৰু দক্ষিণ-পূব এছিয়াত ৰাভেন পখিলা দেখিবলৈ পোৱা যায় আৰু কিছুমান সময়ত অসমতো দেখিবলৈ পোৱা যায়।
লগতে চাওক
- Collins, N.M. & Morris, M.G. (1985) Threatened Swallowtail Butterflies of the World. IUCN. ISBN 978-2-88032-603-6
- Evans, W.H. (1932) The Identification of Indian Butterflies. (2nd Ed), Bombay Natural History Society, Mumbai, India
- Haribal, Meena (1994) Butterflies of Sikkim Himalaya and their Natural History.
- Wynter-Blyth, M.A. (1957) Butterflies of the Indian Region, Bombay Natural History Society, Mumbai, India.
বাহ্যিক সংযোগ
- Butterflycorner Images from Naturhistorisches Museum Wien
তথ্যসূত্ৰ
- ↑ Bingham, C. T. 1907. Fauna of British India. Butterflies. Volume 2
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাভেন পখিলা” প্ৰবন্ধৰ সংশোধন ৪০০৩৪২ (৩ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।