অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ইণ্ড্ৰেলা এম্পুলা

ইণ্ড্ৰেলা এম্পুলা:Indrella, হৈছে এটা একপ্ৰজাতীয় গণ, অৰ্থাৎ এই গণৰ অন্তৰ্গত মাত্ৰ এটা প্ৰজাতি আছে। সেই একমাত্ৰ প্ৰজাতিটোৰ নাম হৈছে ইণ্ড্ৰেলা এম্পুলা। ই এৰিঅ’ফেন্টিডে পৰিয়ালৰ অন্তৰ্গত এবিধ গ্রীষ্মমণ্ডলীয় (ক্ৰান্তীয়), স্থলচৰ আৰু বায়ু-শ্বাসী গেষ্ট্ৰোপড মলাস্ক, অৰ্থাৎ এবিধ স্থলচৰ শামুক।এই প্ৰজাতিটো…

হালনাগাদ: ১২ আগষ্ট ২০২৬ ১৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ইণ্ড্ৰেলা এম্পুলা:Indrella, হৈছে এটা একপ্ৰজাতীয় গণ, অৰ্থাৎ এই গণৰ অন্তৰ্গত মাত্ৰ এটা প্ৰজাতি আছে। সেই একমাত্ৰ প্ৰজাতিটোৰ নাম হৈছে ইণ্ড্ৰেলা এম্পুলা। ই এৰিঅ’ফেন্টিডে পৰিয়ালৰ অন্তৰ্গত এবিধ গ্রীষ্মমণ্ডলীয় (ক্ৰান্তীয়), স্থলচৰ আৰু বায়ু-শ্বাসী গেষ্ট্ৰোপড মলাস্ক, অৰ্থাৎ এবিধ স্থলচৰ শামুক।এই প্ৰজাতিটো কেৱল ভাৰতৰ পশ্চিমঘাট অঞ্চলতহে স্বাভাৱিকভাৱে পোৱা যায়। সেয়েহে ইণ্ড্ৰেলা এম্পুলাক পশ্চিমঘাটৰ স্থানীয় প্ৰাণী হিচাপে গণ্য কৰা হয়।১২

ইণ্ড্ৰেলা এম্পুলা, ইণ্ড্ৰেলা গণৰ একমাত্ৰ প্ৰজাতি হ’লেও ইয়াৰ দেহৰ কোমল, দৃশ্যমান অংশৰ ৰংত যথেষ্ট বৈচিত্ৰ্য দেখা যায়। এই ৰংৰ বৈচিত্ৰ্যক বহুৰূপী ৰঙীনতা বুলি কোৱা হয়। বিভিন্ন ইণ্ড্ৰেলাৰ দেহৰ দৃশ্যমান কোমল অংশ ৰঙা, হালধীয়া, মটীয়া আৰু কমলা আদি বিভিন্ন ৰংৰ হ’ব পাৰে। অৰ্থাৎ, একেটা প্ৰজাতিৰ অন্তৰ্গত হোৱাৰ পাছতো এই শামুকবোৰৰ বাহ্যিক ৰংত যথেষ্ট পাৰ্থক্য দেখা যায়।৩

খোলাৰ বিৱৰণ

''ইণ্ড্ৰেলা এম্পুলা'' ৰ খোলাৰ এটা অংকন।
ইণ্ড্ৰেলা এম্পুলা ৰ খোলাৰ এটা অংকন।ছবি: William Thomas Blanford (1832-1905) & Henry Haversham Godwin-Austen (1834-1923) · Public domain

ইণ্ড্ৰেলা এম্পুলাৰ খোলাটো ভিট্ৰিনা গণৰ শামুকৰ খোলাৰ সৈতে কিছু মিল আছে। খোলাটো বন্ধ, অৰ্থাৎ তলফালে কোনো নাভিৰন্ধ্ৰ বা কেন্দ্ৰীয় ছিদ্ৰ নাই। ইয়াত পাকৰ(whorl) সংখ্যা কম আৰু খোলাৰ মুখখন(aperture) অতি ডাঙৰ।৪ ১ এই প্ৰজাতিৰ খোলা মূলতঃ প্ৰ’টিনেৰে গঠিত আৰু ইয়াত মাত্ৰ সামান্য পৰিমাণৰ কেলচিয়াম কাৰ্বনেট থাকে।

খোলাটোৰ আকৃতি অলপ হেলনীয়া ডিম্বাকাৰ আৰু গোলাকাৰ। ই অতি পাতল। খোলাটোৰ প্ৰায় আধা অংশ এপিডাৰ্মিছ বা বাহ্যিক স্তৰেৰে গঠিত। এই স্তৰত সমগ্ৰ খোলাজুৰি বৃদ্ধিৰ ফলত সৃষ্টি হোৱা ভাঁজযুক্ত ৰেখা দেখা যায়। এই ৰেখাসমূহৰ ওপৰেৰে অতি মৃদু, খোদিত সৰ্পিল ৰেখা থাকে। শেষৰ পাকটোত আকৌ অগভীৰ আৰু অনিয়মীয়া খাঁজ দেখা যায়।খোলাটোৰ ৰং মটিয়া-জলফাই, গাঢ় মটিয়া বা ক’লা হ’ব পাৰে।৩ খোলাৰ ওপৰৰ পাকযুক্ত অংশটো সৰু, উত্তল আৰু ভোটা। খোলাটোত মুঠ ৩.৫টা পাক থাকে। এই পাকবোৰ দ্ৰুতগতিত ডাঙৰ হয় আৰু শেষৰ পাকটো আনবোৰতকৈ যথেষ্ট ডাঙৰ। শেষৰ পাকটো বাহিৰৰ পৰিধি আৰু তলৰ ফালত গোলাকাৰ।খোলাৰ মুখখন অতি ডাঙৰ, হেলনীয়া আৰু প্ৰায় গোলাকাৰ-ডিম্বাকাৰ। ভিতৰৰ ৰং বাহিৰৰ ৰঙৰ সৈতে একে, কিন্তু ভিতৰৰ পৃষ্ঠটো মসৃণ আৰু চিকচিকিয়া। খোলাৰ মুখৰ প্ৰান্তটো পাতল আৰু পৰ্দাৰ দৰে। কেন্দ্ৰীয় স্তম্ভৰ কাষটো যথেষ্ট ভিতৰলৈ বেঁকা।৪

খোলাৰ প্ৰস্থ: ৩৮–৬৩ মি.মি.,খোলাৰ উচ্চতা: ৩০ মি.মি.,খোলাৰ মুখৰ প্ৰস্থ: ৩২ মি.মি.,খোলাৰ মুখৰ উচ্চতা: ৩০ মি.মি.।৪

দেহৰ গঠন

ইণ্ড্ৰেলা এম্পুলাৰ বাহ্যিক কোমল দেহাংশসমূহ এৰিঅ’ফান্টা গণৰ শামুকৰ দেহাংশৰ সৈতে কিছু মিল আছে যদিও এই প্ৰজাতিৰ দেহাংশ তুলনামূলকভাৱে ডাঙৰ আৰু ইহঁতে নিজৰ দেহটো সম্পূৰ্ণৰূপে খোলাৰ ভিতৰত সংকুচিত কৰি সোমোৱাব নোৱাৰে। ইয়াৰ শ্লেষ্মা নিঃসৰণৰ ৰন্ধ্ৰটো মধ্যম আকাৰৰ। এই ৰন্ধ্ৰৰ ওচৰত স্পষ্টভাৱে ওলমি থকা কোনো লোব নাথাকে, অথবা অতি সৰু এটা খণ্ডহে থাকে। ইয়াৰ ভৰিৰ তলভাগ কোনো ভাগত বিভক্ত নহয় আৰু যথেষ্ট মসৃণ। খোলাৰ সৈতে সংলগ্ন কোনো খোলা লোব নাথাকে। আনহাতে, পিঠিৰ দুয়োকাষৰ দৰচেল লোব ভালদৰে বিকশিত। ইয়াৰে বাওঁফালৰ দৰচেল লোবটো এটা গভীৰ খাঁজেৰে আগফাল আৰু পিছফালৰ দুটা অংশত বিভক্ত কৰিছে। প্ৰজনন অংগৰ গঠনৰ ক্ষেত্ৰতো কিছুমান বিশেষ বৈশিষ্ট্য দেখা যায়। কলক-চেক নামৰ গঠনটো সৰু আৰু ইয়াত ভেছ ডিফেৰেন্স বা শুক্ৰবাহী নলী আহি সংযুক্ত হয়। পুৰুষ প্ৰজনন অংগৰ ফ্লেজেলামৰ সংযোগস্থলৰ পৰা ওলোৱা এটা দীঘল আৰু পোন চেকামৰ সৈতে ৰিট্ৰেক্টৰ পেশী সংযুক্ত হৈ থাকে। শুক্ৰাণুটো ডিম্বাকাৰ, অতি চুটি আৰু এটা চুটি দণ্ডৰ ওপৰত অৱস্থিত। ই সংগমৰ পিছত শুক্ৰাণু সংৰক্ষণৰ সৈতে জড়িত এটা প্ৰজনন অংগ। এমেটৰিয়াল অংগ (ডাৰ্ট-চেক) ডাঠ আৰু দীঘল।৪

ৰেডুলা

ইয়াৰ চোলাখন (jaw) পোন আৰু কামুৰিব পৰা কাষটো অলপ উত্তল। চোলাখনৰ মাজত কোনো বিশেষ মধ্যীয় উত্থান নাথাকে। ৰেডুলা বহল আৰু ইয়াত প্ৰায় ১০০ শাৰী দাঁত থাকে। দাঁতবোৰৰ বিন্যাস প্ৰায় ১৪৫ .১৭ .১ .১৭ .১৪৫ হিচাপে দিয়া হৈছে। মাজৰ দাঁতটো আৰু তাৰ দুয়োকাষে থকা ১৭টাকৈ এডমেডিয়ান দাঁত দীঘল, বহল আৰু জোঙা; ইহঁতৰ কাষবোৰ প্ৰায় পোন আৰু পাৰ্শ্বীয় ক্ষুদ্ৰ জোঙা অংশ স্পষ্ট নহয়। পাৰ্শ্বীয় দাঁতবোৰ বেঁকা আৰু কাঁইটৰ দৰে জোঙা। বাহিৰৰ পাৰ্শ্বীয় দাঁতবোৰ দুটা জোঙাযুক্ত (বাইকাস্পিড)।৪

কোমল দেহাংশৰ ৰং

এই শামুকৰ কোমল দেহাংশৰ ৰঙত যথেষ্ট বৈচিত্ৰ্য (কালাৰ পলিমৰফজিম) দেখা যায়। আগৰ এটা বৰ্ণনাত ছাৰ ৱালটাৰ ইলিয়টৰ অংকনৰ আধাৰত প্ৰাণীটো সেউজীয়া-হালধীয়া বুলি উল্লেখ কৰা হৈছিল। কিন্তু কৰ্ণেল বেডমে ইয়াৰ ৰং ক’লা বুলি উল্লেখ কৰিছিল। সেয়েহে সেই সময়তেই ইয়াৰ ৰং শামুকভেদে সলনি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰা হৈছিল।৪

বৰ্তমানৰ তথ্য অনুসৰি কোমল দেহাংশৰ ৰং বিভিন্ন ধৰণৰ হ’ব পাৰে। ইয়াৰ ভিতৰত— বগা, ক্ৰীম, পাতল, হালধীয়া, কমলা, ৰঙা, ক’লা আদি ৰং উল্লেখযোগ্য।এই ৰঙৰ বৈচিত্ৰ্যক ৰঙৰ বহুৰূপিতা বুলি কোৱা হয়। বিশেষভাৱে কেৰালাৰ ৱাইনাড জিলাতহে ক্ৰীম ৰঙৰ এই প্ৰজাতিৰ শামুক পোৱা যায় বুলি উল্লেখ কৰা হৈছে।৩

বিতৰণ

এই প্ৰজাতি ভাৰতৰ পশ্চিম ঘাটত বিশেষকৈ ৱাইনাড, নীলগিৰি আৰু আনাইমালাই পাহাৰৰ আৰ্দ্ৰ পশ্চিম ঢালত মধ্যমীয়া উচ্চতাত (৩০০০ ফুট) পোৱা যায়।৪

বাসস্থান

কেৰালাৰ ৱায়ানাড জিলাত উপস্থিতি নথিভুক্ত কৰা হৈছে। এই প্ৰজাতিটো আৰ্দ্ৰ বনাঞ্চলত অৰ্থাৎ গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্যত বাস কৰে।১

পৰিৱেশ বিজ্ঞান

ভাৰতৰ দক্ষিণ পশ্চিম ঘাটৰ অনামলাই পাহাৰৰ পৰম্বিকুলাম বাঘ সংৰক্ষিত বনাঞ্চলত, এটা বৃহৎ ভেঁকুৰ খাই থকা ইন্দ্ৰেলা এম্পুলা
ভাৰতৰ দক্ষিণ পশ্চিম ঘাটৰ অনামলাই পাহাৰৰ পৰম্বিকুলাম বাঘ সংৰক্ষিত বনাঞ্চলত, এটা বৃহৎ ভেঁকুৰ খাই থকা ইন্দ্ৰেলা এম্পুলাছবি: PJeganathan · CC BY-SA 4.0

ইণ্ড্ৰেলা এম্পুলা বহুলাংশে স্থলজ, মাজে মাজে বনাঞ্চলৰ পথ পাৰ হৈ যোৱাৰ সময়ত বনাঞ্চলৰ তলত দেখা যায়। যদিও ই এটা স্থলজ শামুক ই আংশিকভাৱে বৃক্ষজাতীয় বুলি জনা গৈছে।৫ এই প্ৰজাতিটো পানীৰ তলত প্ৰায় ৩০ মিনিট ডুব যোৱাৰ লগতে ওপৰৰ টেণ্টেকেলবোৰে মাজে মাজে পানীৰ ওপৰলৈ ওলাই থকা দেখা যায়।৬

ব্ৰিটিছ ভাৰতীয় বন সেৱাৰ কৰ্ণেল ৰিচাৰ্ড হেনৰী বেডমে ইয়াক বৃহৎ ভেঁকুৰ খাই থকা দেখিছিল।৪ ইহঁতৰ খাদ্য প্ৰধানকৈ ভেঁকুৰ আৰু ক্ষয়িষ্ণু জৈৱিক পদাৰ্থৰে গঠিত।৩

তথ্যসূত্ৰ

  1. ↑ 2007. Tropical Land Snail Diversity: South and Southeast Asia. The Natural History Museum, London. Retrieved 1 February 2009
  2. ↑ Aravind N. A., Rajshekhar K. P. & Madhaystha N. A. Patterns of Land Snail Distribution in the Western Ghats . Retrieved 1 March 2009
  3. ↑ Indrella ampulla(Benson, 1850) · Species. India Biodiversity Portal
  4. ↑ Blanford W. T. & Godwin-Austen H. H. 1908. The Fauna of British India, Including Ceylon and Burma. Mollusca. Testacellidae and Zonitidae. Taylor & Francis, London, page 48–50
  5. ↑ Madhyastha N. A., Mavinkuruve R. G., Shanbhag, S. P. 2004. Land snails of Western Ghats. ENVIS Bulletin: Wildlife and Protected Areas, Conservation of Rainforest in India 4: 143–151
  6. ↑ Madhyastha N. A., Mavinkuruve R. G., Shanbhag, S. P. 2004. Land snails of Western Ghats. ENVIS Bulletin: Wildlife and Protected Areas, Conservation of Rainforest in India 4: 143–151

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ড্ৰেলা এম্পুলা” প্ৰবন্ধৰ সংশোধন ৬২৬৪২৪ (১২ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।