ৰাঙল ফুল বা ইক্সৰা হৈছে ৰুবিয়েছী (Rubiaceae) পৰিয়ালৰ অন্তৰ্গত সপুষ্পক উদ্ভিৰ এটা গণ। ইক্সৰিয়া (Ixoreae) জাতিৰ ই একমাত্ৰ গণ। এই গণৰ প্ৰায় ৫৬২ টা প্ৰজাতি আছে। ই এক প্ৰকাৰৰ চিৰসেউজীয়া আৰু জোপোহা উদ্ভিদ।১ ইয়াক অসমীয়াত ৰাঙল বা ৰঙীয়াল ফুল বুলি কয়। আমেৰিকাত ইয়াক ৱেষ্ট ইণ্ডিয়ান জেছ্মিন (West Indian Jasmine) বুলি কয়। ইয়াৰ অন্য নামবোৰ হৈছে ভিৰুচি (viruchi), ৰঙ্গন (rangan), খেমে (kheme), পন্না (ponna), চান টানিয়া (chann tanea), টেচি (techi), পান (pan), ছিয়াণ্টান (siantan), জাৰুম−জাৰুম/জেজাৰুম (jarum-jarum/jejarum), জাংগল ফ্লেম (jungle flame), জাংগল গেৰাণিয়াম (jungle geranium), ক্ৰুজ ডে মাল্টা (cruz de Malta) ইত্যাদি। ইয়াক সাধাৰণতে হিন্দু পুজা আৰু আয়ুৰ্বেদ আৰু ভাৰতীয় পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়।
নিৰ্বাচিত প্ৰজাতি
সম্পূৰ্ণ তালিকাৰ বাবে, ইক্সৰা প্ৰজাতিসমূহৰ তালিকা চাওক
- Ixora albersii
- Ixora backeri
- Ixora beckleri
- Ixora brevipedunculata
- Ixora calycina
- Ixora chinensis
- Ixora coccinea
- Ixora elongata
- Ixora euosmia
- Ixora foliosa
- Ixora johnsonii
- Ixora jucunda
- Ixora killipii
- Ixora lawsonii
- Ixora malabarica
- Ixora margaretae
- Ixora marquesensis
- Ixora mooreensis
- Ixora nigerica
- Ixora nigricans
- Ixora ooumuensis
- Ixora panurensis
- Ixora pavetta
- Ixora peruviana
- Ixora pudica
- Ixora raiateensis
- Ixora raivavaensis
- Ixora rufa
- Ixora saulierei
- Ixora setchellii
- Ixora st-johnii
- Ixora stokesii
- Ixora temehaniensis
- Ixora umbellata
- Ixora yavitensis
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাঙল ফুল” প্ৰবন্ধৰ সংশোধন ৫৪০৮৬৫ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।