অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ৰামসাগৰ ৰাষ্ট্ৰীয় উদ্যান

ৰামসাগৰ ৰাষ্ট্ৰীয় উদ্যান (Ramsagar National Park) হৈছে বাংলাদেশৰ এখন ৰাষ্ট্ৰীয় উদ্যান। ই দিনাজপুৰ জিলাৰ আউলিয়াপুৰ ইউনিয়নৰ অন্তৰ্গত তাজপুৰ গাঁৱত অৱস্থিত। উদ্যানখন দিনাজপুৰ সদৰৰ পৰা ৮ কিলোমিটাৰ দূৰৈত স্থিত "ৰামসাগৰ" হ্ৰদৰ চাৰিওফালে অৱস্থিত।

হালনাগাদ: ২৭ জানুৱাৰী ২০২৬ ৩১৬ শব্দ · ২ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

ৰামসাগৰ ৰাষ্ট্ৰীয় উদ্যান (Ramsagar National Park) হৈছে বাংলাদেশৰ এখন ৰাষ্ট্ৰীয় উদ্যান। ই দিনাজপুৰ জিলাৰ আউলিয়াপুৰ ইউনিয়নৰ অন্তৰ্গত তাজপুৰ গাঁৱত অৱস্থিত। উদ্যানখন দিনাজপুৰ সদৰৰ পৰা ৮ কিলোমিটাৰ দূৰৈত স্থিত "ৰামসাগৰ" হ্ৰদৰ চাৰিওফালে অৱস্থিত। ১৯৬০ চনত ৰামসাগৰক বাংলাদেশৰ বন বিভাগৰ তত্ত্বাৱধানলৈ অনা হয়। ১৯৯৫-৯৬ চনত ৰামসাগৰক আধুনিক পৰ্যটন কেন্দ্ৰ হিচাপে বিকশিত কৰা হয় আৰু ২০০১ চনৰ ৩০ এপ্ৰিলত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে প্ৰতিষ্ঠা কৰা হয়।১

ইতিহাস

১৮ শতিকাত দিনাজপুৰৰ ৰজা ৰামনাথে এই কৃত্ৰিম হ্ৰদটোৰ নিৰ্মাণ কৰিছিল।২৩ পলাশীৰ যুদ্ধৰ পূৰ্বেই ৰজা ৰামনাথে এই হ্ৰদটো খনন কৰিছিল বুলি বিশ্বাস কৰা হয়। তেওঁৰ নামানুসাৰেই হ্ৰদটোৰ নাম ৰামসাগৰ দিয়া হৈছিল। হ্ৰদটো খনন কৰিবলৈ প্ৰায় ৩০,০০০ টাকা আৰু ১৫,০০,০০০ শ্ৰমিকৰ প্ৰয়োজন হৈছিল।১ উপকূলকে ধৰি হ্ৰদটোৰ পৰিসীমা ৪,৩৭,৪৯২ মিটাৰ, দৈৰ্ঘ্য ১,০৩১ মিটাৰ আৰু প্ৰস্থ ৩৬৪ মিটাৰ। গড় গভীৰতা প্ৰায় ১০ মিটাৰ।

পৰিচালনা

উদ্যানখন ৮জন কৰ্মচাৰীয়ে পৰিচালনা কৰে য’ত ১জন বন বিষয়া, ৩জন মালী, ৩জন বনৰক্ষী আৰু ১জন চকীদাৰ থাকে।৪ ১৯৬০ চনত প্ৰথমবাৰৰ বাবে স্থাপন কৰা এই উদ্যানখনক, ইয়াৰ পূৰ্বে ১৯৭১ চনত পূব পাকিস্তান চৰকাৰে বিনোদন আৰু শিক্ষাৰ বাবে খ-শ্ৰেণীৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে গঢ়ি তোলাৰ পৰামৰ্শ দিছিল। ১৯৪৭ চনৰ বন্যপ্ৰাণী (সংৰক্ষণ) সংশোধনী আইন অনুসৰি, বাংলাদেশ চৰকাৰৰ অধীনত ২০০১ চনৰ ৩০ এপ্ৰিল তাৰিখে ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হৈছিল।৫

উদ্ভিদকুল আৰু প্ৰাণীকুল

উদ্যানখনত ডাঙৰ বৃক্ষ নাই; মথাউৰিৰে আগুৰি থকা এটা ডাঙৰ হ্ৰদ আছে। উদ্ভিদ আৰু প্ৰাণীৰ অধিকাংশই জলাশয়ৰ পৰিৱেশ তন্ত্ৰৰ সৈতে জড়িত।

উদ্ভিদ

এই অভয়াৰণ্যত, ১৩২টা পৰিয়ালৰ অন্তৰ্গত ২৭২টা উদ্ভিদ প্ৰজাতিৰ তথ্য পোৱা গৈছে। অভয়াৰণ্যখনত সাধাৰণতে দেখা পোৱা কিছুমান গছ হৈছে আম, জামু, তেঁতেলী, ভোলা আদি।৪

প্ৰাণী

হ্ৰদটো বিভিন্ন প্ৰজাতিৰ মাছেৰে ভৰপূৰ। হ্ৰদটোত কাছ আৰু সাপো আছে। ইয়াত দেখা পোৱা জীৱ-জন্তুসমূহ হ’ল বঙ্গীয় শিয়াল (Vulpes bengalensis), শিয়াল, মেচেকা আৰু হেপা আদি। পানীডাউক, দলপুঙা, গঙাচিলনী, মাছৰোকা, ৰিংড প্লভাৰ (Charadrius hiaticula), হালখেদা আৰু লাল কোল (Ardea purpurea)ৰ দৰে পানীৰ চৰাইবোৰ মূলতঃ ইয়াত পোৱা যায়।৪ এই উদ্যানৰ বিলুপ্ত প্ৰাণীসমূহ হ’ল ঢেঁকীয়াপতীয়া বাঘ, ভাৰতীয় নাহৰফুটুকী (Panthera pardus fusca), এশিঙীয়া গঁড়, ভাৰতীয় স্লথ ভালুক (Melursus ursinus), হায়েনা (Hyaena hyaena), নিলগাই (Boselaphus tragocamelus), ভাৰতীয় বনৰৌ (Manis crassicaudata), ভাৰতীয় ময়ূৰ (Pavo cristatus) আদি।

ভাবুকি

উদ্যানখনৰ ভিতৰৰ গছ-গছনিবোৰ স্থানীয় গাঁওবাসীয়ে খাদ্য, পশুখাদ্য, আচবাব বনোৱা, ঔষধ আৰু ইন্ধনৰ বাবে ব্যৱহাৰ কৰে। অতিমাত্ৰা শোষণৰ বাবে থলুৱা মাছৰ প্ৰজাতিয়ো হ্ৰাস পাইছে। উদ্যানখনৰ জৈৱ বৈচিত্ৰ্যক প্ৰভাৱিত কৰা আন কাৰকসমূহ হ’ল কৃষি প্ৰদূষণ, পলি, ৰোগ আৰু বানপানী।৪

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Green, Michael J.B. (1990). IUCN directory SouthAsian Protected Areas. IUCN Publication. পৃ. 27. ISBN 2-8317-0030-2
  2. ↑ Ramsagar National park
  3. ↑ Ramsagar National Park, Dinajpur District
  4. ↑ Rimi, R.H.; Rahman, F.; Latif, M.B. (10 February 2015). Biodiversity Status and its Management at Ramsagar National Park at Dinajpur in Bangladesh. Journal of Environmental Science and Natural Resources. পৃ. 22
  5. ↑ Ahsan, Md.Modinul. (November 2016). Management Effectiveness Assessment of PAs of Bangladesh. Bangladesh Forest Department, Dhaka, Bangladesh. পৃ. 54. ISBN 978-984-34-2393-1

সম্পৰ্কিত শ্ৰেণী

বাংলাদেশৰ ৰাষ্ট্ৰীয় উদ্যানবাংলাদেশৰ অৰণ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰামসাগৰ ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৫৭১৭৬৭ (২৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।