অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তন

বনাঞ্চল ধ্বংসই জলবায়ু পৰিৱৰ্তনত( Deforestation and climate change) প্ৰাথমিক অৰিহণা যোগায় আৰু জলবায়ু পৰিৱৰ্তনে বনাঞ্চলত প্ৰভাৱ পেলায়। ভূমিৰ ব্যৱহাৰেও এই পৰিৱৰ্তন, বিশেষকৈ বনাঞ্চল ধ্বংসত অৰিহণা যোগায়, দ্বিতীয় বৃহত্তম মানৱজনিত কাৰণ হ’ল জীৱাশ্ম ইন্ধন দহনৰ পিছত বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড…

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১,১৭৬ শব্দ · ৭ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ
২০২০ চনত প্ৰতিখন দেশত বনাঞ্চলৰ ধ্বংসৰ হাৰ
২০২০ চনত প্ৰতিখন দেশত বনাঞ্চলৰ ধ্বংসৰ হাৰছবি: Shaykip · CC BY-SA 4.0

বনাঞ্চল ধ্বংসই জলবায়ু পৰিৱৰ্তনত( Deforestation and climate change) প্ৰাথমিক অৰিহণা যোগায়১২ আৰু জলবায়ু পৰিৱৰ্তনে বনাঞ্চলত প্ৰভাৱ পেলায়।৩ ভূমিৰ ব্যৱহাৰেও এই পৰিৱৰ্তন, বিশেষকৈ বনাঞ্চল ধ্বংসত অৰিহণা যোগায়,৪ দ্বিতীয় বৃহত্তম মানৱজনিত কাৰণ হ’ল জীৱাশ্ম ইন্ধন দহনৰ পিছত বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড নিৰ্গমন।৫ বনাঞ্চলৰ জৈৱবস্তু দহন আৰু উদ্ভিদৰ অৱশিষ্ট আৰু মাটিৰ কাৰ্বন পচনৰ সময়ত সেউজ গৃহ গেছ নিৰ্গত হয়। গোলকীয় মডেল আৰু ৰাষ্ট্ৰীয় সেউজ গৃহ গেছৰ তথ্যই বনাঞ্চল ধ্বংসৰ নিৰ্গমনৰ বাবে একেধৰণৰ তথ্যই প্ৰকাশ কৰে।৪ ২০১৯ চনৰ এক হিচাপমতে, বনাঞ্চল ধ্বংসই বিশ্বৰ প্ৰায় ১১% সেউজ গৃহ গেছৰ নিৰ্গমনৰ বাবে দায়ী।৬ গ্ৰীষ্মমণ্ডলীয় বনাঞ্চল ধ্বংসৰ পৰা কাৰ্বন নিৰ্গমন ত্বৰান্বিত হৈছে।৭৮ ক্ৰমবৰ্ধমান অৰণ্যসমূহ হৈছে জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ কম কৰাৰ অতিৰিক্ত সম্ভাৱনা থকা কাৰ্বন ভাণ্ডাৰ। জলবায়ু পৰিৱৰ্তনৰ আন কিছুমান প্ৰভাৱ, যেনে অধিক বনজুই,৯ পোক-পৰুৱাৰ প্ৰাদুৰ্ভাৱ, আক্ৰমণাত্মক প্ৰজাতি আৰু ধুমুহা আদিয়ে বনাঞ্চল ধ্বংসকাৰ্য বৃদ্ধি কৰাৰ কাৰক।১০১১

৩১% ভূমি বনাঞ্চলে আগুৰি থকা পৃথিৱীৰ বছৰি ৭৫,৭০০ বৰ্গ কিলোমিটাৰ (১৮.৭ মিলিয়ন একৰ) বনাঞ্চল লুপ্ত হৈ যায়।১২ বিশ্ব সম্পদ প্ৰতিষ্ঠানৰ মতে ২০১৯ চনৰ পৰা ২০২০ চনলৈকে প্ৰাথমিক গ্ৰীষ্মমণ্ডলীয় বনাঞ্চলৰ ক্ষতিৰ পৰিমাণ ১২%লৈ বৃদ্ধি পাইছে।১৩

বনাঞ্চল ধ্বংসক প্ৰায়েই প্ৰাকৃতিক আৰু অপ্ৰাকৃতিক দুয়োটা উপায়েৰে ভূমি বনাঞ্চলৰ পৰা অবনাঞ্চললৈ সলনি হোৱা বুলি বৰ্ণনা কৰা হয়। বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তনৰ মাজৰ সম্পৰ্কৰ এটা ইতিবাচক প্ৰতিক্ৰিয়াৰ মেৰপেঁচ ইয়াৰ মাজত অন্যতম।১৪ যিমানেই বেছি গছ আঁতৰোৱা হয়, সিমানেই জলবায়ু পৰিৱৰ্তন হয় আৰু তাৰ প্ৰভাৱত সমান সংখ্যক গছ হেৰুৱাবলগীয়া হয়।১৫

বনাঞ্চল ধ্বংস বহু কাৰণে হয়: বন জুই, কৃষি কৰ্ম, পশু পালন, কাঠৰ ব্যৱসায়ৰ বাবে কাঠ কটা, নগৰ উন্নয়ন, পথ উন্নয়ন, গৃহ নিৰ্মাণ আদি।

সংজ্ঞা

বনাঞ্চল ধ্বংসৰ সংজ্ঞা হ’ল বনাঞ্চলৰ ভূমি অন্য ব্যৱহাৰলৈ ৰূপান্তৰ কৰা (মানুহৰ দ্বাৰা হওক হওক বা নহওক)৷১৬ “নিৰ্বনানীকৰণ’’ বা “বনাঞ্চল ধ্বংস’’ আৰু “বনাঞ্চলৰ মুঠ পৰিৱৰ্তন একে নহয়; পিছৰটো হৈছে এটা নিৰ্দিষ্ট সময়ছোৱাত হোৱা সকলো বনাঞ্চলৰ ক্ষতি (বনাঞ্চল ধ্বংস) আৰু সকলো বনাঞ্চল সংযোগৰ (বন সম্প্ৰসাৰণ)ৰ যোগফল। সেয়েহে লাভ লোকচানতকৈ বেছি হয় নে নহয় তাৰ ওপৰত নিৰ্ভৰ কৰি এই পৰিৱৰ্তন স্পষ্টকৈ ধনাত্মক বা ঋণাত্মক হ’ব পাৰে, অথবা বিপৰীতমুখী৷১৬

বনাঞ্চল ধ্বংসৰ কাৰণ

কৃষি

বনাঞ্চল ধ্বংসৰ প্ৰত্যক্ষ কাৰণ হৈছে কৃষি।১৭ জীৱিকাৰ বাবে কৃষিয়েই ৪৮% বনাঞ্চল ধ্বংসৰ বাবে দায়ী; বাণিজ্যিক কৃষি ৩২%ৰ বাবে দায়ী; কাঠ কটা ১৪% আৰু ইন্ধন কাঠৰ বাবে সংগ্ৰহ কৰা আছিল ৫%। .১৭

২০১৮ চনত ৮০%তকৈ অধিক বনাঞ্চল ধ্বংসৰ কাৰণ কৃষি বুলি ধৰা হৈছিল।১৮ কফি, চাহ, পাম তেল, ধান, ৰবৰ আৰু অন্যান্য বিভিন্ন জনপ্ৰিয় সামগ্ৰীৰ বাবে বনাঞ্চলসমূহ বাগিচালৈ ৰূপান্তৰিত কৰা হৈছে।১৯ কিছুমান সামগ্ৰীৰ বৰ্ধিত চাহিদা আৰু বিশ্বব্যাপী বাণিজ্য ব্যৱস্থাৰ ফলত বনাঞ্চলৰ ৰূপান্তৰ ঘটে, যাৰ ফলত শেষত মাটিৰ খহনীয়া হয়।২০ বনাঞ্চল পৰিষ্কাৰ কৰাৰ পিছত প্ৰায়ে ওপৰৰ মাটিৰ খহনীয়া হয়, যাৰ ফলত নদী আৰু নৈত পলস বৃদ্ধি পায়।

বিশ্বৰ নৃতাত্ত্বিক জৈৱ-পৰিসৰ
বিশ্বৰ নৃতাত্ত্বিক জৈৱ-পৰিসৰছবি: SEDACMaps · CC BY 2.0

বেছিভাগ বনাঞ্চল ধ্বংস গ্ৰীষ্মমণ্ডলীয় অঞ্চলতো হয়। কৃষিকাৰ্যত ব্যৱহাৰ কৰা মুঠ ভূমিৰ আনুমানিক পৰিমাণ প্ৰায় ৩৮% অংশ।২১ ১৯৬০ চনৰ পৰা উদেশ্যপ্ৰণোদিতভাবে কৃষি কৰ্মৰ বাবে আমাজন বৰ্ষাৰণ্যৰ প্ৰায় ১৫% বন আঁতৰাই পেলোৱা হৈছে।২২ আমাজন বৰ্ষাৰণ্য দেখদেখকৈ ধ্বংস হ’বলৈ ধৰা আৰু ব্ৰাজিল বিশ্বৰ সৰ্ববৃহৎ গো-মাংস ৰপ্তানিকাৰক দেশ হিচাপে পৰিগণিত হোৱাটো কোনো কাকতলীয়া কথা নহয়।২৩

কৃষিকাৰ্যৰ বাবে বনাঞ্চল ধ্বংসৰ আন এক স্পষ্ট কাৰণ হ’ল ক্ৰান্তীয় অঞ্চলৰ লোকে জীৱিকাৰ বাবে কৰা ঝুম পদ্ধতিৰ কৃষি। বৰ্তমানে ই কিছু বহনক্ষম হৈছে। এই পদ্ধতিত অবিৰত কৃষি উৎপাদনৰ বাবে মাটি পোৱা নাযায়, তথাপি বনাঞ্চলৰ গছ-গছনি কাটি জ্বলাই দিয়া হয়, তাৰ পিছত কৃষি অঞ্চললৈ ৰূপান্তৰিত কৰা হয়। পৰৱৰ্তী সময়ত কৃষকসকলে জ্বলি যোৱা গছৰ ছাইৰ পৰা শস্যৰ বাবে পুষ্টিকৰ উপাদান আহৰণ কৰে।২৪২৫ লগতে, ইচ্ছাকৃতভাৱে জুই লগোৱাৰ পিছত অসাৱধানতাবশতঃ জুই অধিক ঠাইলৈ বিধ্বংসীৰূপত বিয়পি যাব পাৰে, যাৰ ফলত সংৰক্ষিত আৱৰণ ধ্বংস হ’ব পাৰে।২৬

কম উৎপাদন আৰু খেতিৰ সময় কম হোৱাৰ বাবে বাৰে বাৰে এই চক্ৰৰ ফলত অৱশেষত এবাৰ জ্বলি যোৱা মাটিত কমকৈ গছ-গছনি গজিবলৈ ধৰে আৰু গড় মাটিৰ জৈৱবস্তু হ্ৰাস পায়।২৭ সৰু সৰু স্থানীয় ক্ষেত্ৰবোৰৰ বহনক্ষমতা কোনো সমস্যা নহয়, কাৰণ ইয়াত কৃষি সময় দীঘলীয়া হয় আৰু সামগ্ৰিকভাৱে বনাঞ্চল ধ্বংস কম হয়। ক্ষেত্ৰবোৰৰ আকাৰ তুলনামূলকভাৱে সৰু বাবে কাৰ্বন-ডাই-অক্সাইডৰ কোনো মূল উৎস মুকলি নকৰে।২৮

পশুপালন

বছৰেকীয়া নিৰ্বনানীকৰণ
বছৰেকীয়া নিৰ্বনানীকৰণছবি: Hannah Ritchie and Max Roser · CC BY 4.0
বছৰেকীয়া বনাঞ্চল পৰিৱৰ্তন
বছৰেকীয়া বনাঞ্চল পৰিৱৰ্তনছবি: Hannah Ritchie and Max Roser · CC BY 4.0

আমাজনৰ বনাঞ্চল ধ্বংসৰ প্ৰধান চালিকা হ’ল গো-মাংসৰ ব্যৱহাৰ আৰু উৎপাদন। সকলো ৰূপান্তৰিত মাটিৰ প্ৰায় ৮০% গৰু পালনৰ বাবে ব্যৱহাৰ কৰা হয়।২৯৩০ ১৯৭০ চনৰ পৰা বনাঞ্চল ধ্বংস কৰা আমাজনৰ ৯১% ভূমি গৰু-ম’হ পালনৰ চৰণীয়া পথাৰলৈ ৰূপান্তৰিত কৰা হৈছে।৩১৩২

পশুধন পালনৰ বাবে গ্ৰাহকৰ চাহিদা থকা জীৱ-জন্তুৰ জাক আৰু পশুধন পালন কৰিবলৈ বৃহৎ অংশৰ মাটিৰ প্ৰয়োজন হয়। বিশ্ব বন্যপ্ৰাণী পুঁজিৰ মতে, “কাৰ্যতঃ প্ৰতিখন আমাজন দেশতে বনাঞ্চল ধ্বংসৰ এক নম্বৰৰ অপৰাধী হৈছে ব্যাপক গৰু-ম’হ পালন, আৰু ইয়েই বৰ্তমানৰ বনাঞ্চল ধ্বংসৰ ৮০% দায়ী। ’’৩৩

পৃথিৱীৰ সকলো স্তন্যপায়ী প্ৰাণীৰ ৬০% পশুধন গৰু হোৱাৰ বাবে গৰু উদ্যোগ যথেষ্ট পৰিমাণৰ মিথেন নিৰ্গমনৰ বাবে দায়ী।৩৪৩৫ বনভূমিৰ ঠাইত চৰণীয়া পথাৰ ব্যৱহাৰ কৰিলে বনাঞ্চলৰ বৃহৎ ক্ষতি হয়, যাৰ ফলত কৃষি পদ্ধতি আৰু ভূমি ব্যৱহাৰৰ বাবে জ্বলোৱা জুইত সেউজ গৃহ গেছৰ নিৰ্গমন বৃদ্ধি পায়।৩৬

কাঠ উদ্যোগ

বনাঞ্চল ধ্বংসৰ ক্ষেত্ৰত এটা বৃহৎ অৰিহণা যোগোৱা কাৰক হৈছে কাঠ উদ্যোগ। মুঠতে প্ৰায় ৪ নিযুত হেক্টৰ কাঠ৩৭বা সকলো বনভূমিৰ প্ৰায় ১.৩ শতাংশ প্ৰতি বছৰে চপোৱা হয়। ইয়াৰ উপৰিও কম খৰচী কাঠৰ সামগ্ৰীৰ বৰ্ধিত চাহিদাই কাঠ কোম্পানীক কাঠ কটা কাম অব্যাহত ৰখাতহে সহায় কৰে।৩৮ ঔদ্যোগিক কাঠ কটা বিশ্বব্যাপী বনাঞ্চল ধ্বংসৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৰিহণা যোগায় নেকি সেই সম্পৰ্কে বিশেষজ্ঞসকলৰ একমত নহয়।৩৯৪০ কোনো কোনোৱে যুক্তি আগবঢ়ায় যে, দৰিদ্ৰ লোকে বনাঞ্চল মুকলি কৰাৰ সম্ভাৱনা বেছি কাৰণ তেওঁলোকৰ হাতত আন কোনো বিকল্প নাই, আন কোনোৱে কয় যে, দৰিদ্ৰ লোকৰ বনাঞ্চল মুকলি কৰাৰ পৰিৱৰ্তে প্ৰয়োজনীয় সামগ্ৰী আৰু শ্ৰমৰ বাবে ধন দিব পৰা ক্ষমতাৰ অভাৱ।৩৯

অৰ্থনৈতিক উন্নয়ন

সমান্তৰালভাবে বনাঞ্চল ধ্বংসৰ অন্যান্য কাৰণসমূহৰ ভিতৰত চৰকাৰী প্ৰতিষ্ঠানসমূহৰ দুৰ্নীতি,৪১৪২৪৩ আন্তৰ্জাতিক ক্ষেত্ৰত ধন আৰু শক্তিৰ অসমতাপূৰ্ণ বিতৰণ,৪৪ জনসংখ্যা বৃদ্ধি৪৫ আৰু বৰ্দ্ধিত জনসংখ্যা৪৬৪৭ আৰু নগৰীকৰণ।৪৮৪৯ বনাঞ্চল ধ্বংসৰ ওপৰত জনসংখ্যা বৃদ্ধিৰ প্ৰভাৱে প্ৰতিদ্বন্দ্বিতা কৰিছে। এটা অধ্যয়নত দেখা গৈছে যে, উচ্চ উৰ্বৰতাৰ হাৰৰ বাবে জনসংখ্যা বৃদ্ধিয়ে মাত্ৰ ৮% ক্ষেত্ৰতহে গ্ৰীষ্মমণ্ডলীয় বনাঞ্চল ধ্বংসৰ প্ৰধান চালক।৫০ ২০০০ চনত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা (FAO) এ বিচাৰি উলিয়াইছিল যে “স্থানীয় পৰিৱেশত জনসংখ্যাৰ গতিশীলতাৰ ভূমিকা নিৰ্ণায়কৰ পৰা নগণ্যলৈকে ভিন্ন হ’ব পাৰে’’, আৰু বনাঞ্চল ধ্বংস “জনসংখ্যাৰ চাপ, স্থবিৰ হৈ পৰা অৰ্থনৈতিক ব্যৱস্থা, সামাজিক আৰু প্ৰযুক্তিগত অৱস্থাৰ সংমিশ্ৰণ’’ হব পাৰে। .৪৫ গোলকীকৰণক বনাঞ্চল ধ্বংসৰ এটা মূল কাৰণ হিচাপে ধৰা হয়,৫১৫২ যদিও এনে কিছুমান ক্ষেত্ৰ আছে য’ত গোলকীকৰণৰ প্ৰভাৱে (শ্ৰম, পুঁজি, পণ্য আৰু ধাৰণাসমূহৰ নতুন প্ৰৱাহ) স্থানীয় বনাঞ্চল পুনৰুদ্ধাৰ কাৰ্যক প্ৰসাৰিত কৰিছে।৫৩

পেৰুৰ মাদ্ৰে-ডি-ডিয়ছৰ বেআইনী সোণৰ খনি
পেৰুৰ মাদ্ৰে-ডি-ডিয়ছৰ বেআইনী সোণৰ খনিছবি: Coordenação-Geral de Observação da Terra · CC BY-SA 2.0

বন পৰিৱেশ তন্ত্ৰৰ অৱক্ষয়ৰ কাৰণ অৰ্থনৈতিক প্ৰৰোচনা বুলিও ধাৰণা কৰা হৈছে, য’ত বন সংৰক্ষণতকৈ বনাঞ্চলৰ ৰূপান্তৰক অধিক লাভজনক বুলি ভাৱ হয়।৫৪ বহুতো গুৰুত্বপূৰ্ণ বনজাত কাৰ্যৰ কোনো বজাৰ নাই আৰু সেয়েহে, বনাঞ্চলৰ মালিক বা নিজৰ জীৱিকাৰ বাবে বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল সম্প্ৰদায়ৰ ওচৰত ইয়াৰ কোনো স্পষ্ট অৰ্থনৈতিক মূল্য নাই।৫৪ উন্নয়নশীল বিশ্বৰ দৃষ্টিকোণৰ পৰা কাৰ্বন ভাণ্ডাৰ বা জৈৱ বৈচিত্ৰ্যৰ ভঁৰাল হিচাপে বনাঞ্চলৰ সুবিধা মূলতঃ ধনী উন্নত দেশসমূহলৈহে যায় আৰু ইয়াৰ বাবে পৰ্যাপ্ত ক্ষতিপূৰণ পোৱা নাযায়। উন্নয়নশীল দেশসমূহে অনুভৱ কৰে যে, উন্নত বিশ্বৰ কিছুমান দেশ, যেনে আমেৰিকা যুক্তৰাষ্ট্ৰই শতিকা আগতে নিজৰ বনাঞ্চল ধ্বংস কৰিছিল আৰু এই বনাঞ্চল ধ্বংসৰ ফলত অৰ্থনৈতিকভাৱে লাভৱান হৈছিল, এতিয়া উন্নয়নশীল দেশসমূহক এই সুযোগৰ পৰা বঞ্চিত কৰাটো ভণ্ডামি, অৰ্থাৎ ধনীসকলে সৃষ্টি কৰা সমস্যাটোত দৰিদ্ৰসকলে বন সংৰক্ষণৰ নামত খৰচ বহন কৰাটো অনুচিত।৫৫

কিছুমানৰ মতে, যোৱা ৩০ বছৰত বনাঞ্চল ধ্বংসই পৰিৱৰ্তন চালিকা শক্তি হিচাপে কাম কৰিছে।৫৬ যিস্থলত, বনাঞ্চল ধ্বংস মূলতঃ জীৱিকাৰ বাবে আৰু চৰকাৰী পৃষ্ঠপোষকতাত ইণ্ডোনেছিয়াৰ দৰে দেশত প্ৰব্ৰজন আৰু লেটিন আমেৰিকা, ভাৰত, জাভা আদি দেশত ঔপনিৱেশিকীকৰণৰ দৰে উন্নয়নমূলক প্ৰকল্পৰ দ্বাৰা পৰিচালিত হৈছিল, ১৯ শতিকাৰ শেষৰ ফালে আৰু ২০ শতিকাৰ প্ৰথমাৰ্ধত বনাঞ্চল ধ্বংসৰ অধিকাংশই ঔদ্যোগিক কাৰকৰ বাবেই হৈছিল; ১৯৯০ চনত নিষ্কাশন উদ্যোগ, বৃহৎ পৰিসৰৰ গৰু-ম’হ পালন আৰু ব্যাপক কৃষি আদিয়ে ইয়াৰ কাৰণ আছিল।৫৭ নিৰ্বনানীকৰণৰ প্ৰায় এক চতুৰ্থাংশৰ কাৰণ হৈছে ২০০১ চনৰ পৰা পণ্যৰ সামগ্ৰী উৎপাদনৰ দ্বাৰা পৰিচালিত বনাঞ্চল ধ্বংস, যি স্থায়ী হোৱাৰেই সম্ভাৱনা বেছি, আৰু এই ক্ষতিত দক্ষিণ আমেৰিকা আৰু দক্ষিণ-পূব এছিয়া কেন্দ্ৰত পৰিণত হৈছে।৫৮

মানৱ জনসংখ্যা বৃদ্ধিৰ লগে লগে নতুন ঘৰ, বসতিস্থল আৰু চহৰৰ সম্প্ৰসাৰণ ঘটিব, যাৰ ফলত এই বসতিস্থলসমূহক সংযোগ কৰিবলৈ পথ বৃদ্ধি কৰা হ’ব। গ্ৰাম্য পথে অৰ্থনৈতিক উন্নয়নক প্ৰসাৰিত কৰে যদিও ই বনাঞ্চল ধ্বংসৰ বাটো মুকলি কৰি দিয়ে।৫৯ আমাজন বৰ্ষাৰণ্যৰ বেছিভাগ অঞ্চলৰ ৯০ শতাংশ বন ধ্বংস হৈছে ১০০ কিলোমিটাৰ পথৰ ভিতৰত।৬০

খনন

একবিংশ শতিকাৰ আৰম্ভণিতে দ্ৰুতগতিত বৃদ্ধি পোৱা খনিজাত পদাৰ্থৰ চাহিদা বৃদ্ধিৰ বাবে খননৰ গুৰুত্বই বনাঞ্চল ধ্বংসৰ কাৰণ হিচাপে চিহ্নিত হৈছিল। খননৰ প্ৰত্যক্ষ প্ৰভাৱ তুলনামূলকভাৱে কম যদিও পৰোক্ষ প্ৰভাৱ বহুত বেছি উল্লেখযোগ্য। পৃথিৱীৰ এক তৃতীয়াংশতকৈ অধিক বনাঞ্চল সম্ভৱতঃ ইয়াৰ দ্বাৰা কোনোবা এটা স্তৰত প্ৰভাৱিত হৈছে আৰু ২০০১-২০২১ চনত "৭৫৫,৮৬১ কিলোমিটাৰ বৰ্গফুট... ...অন্য বনাঞ্চল ধ্বংস চালকৰ সৈতে পৰোক্ষভাৱে খনন কাৰ্য্যকলাপৰ সৈতে জড়িত কাৰণত বনাঞ্চল ধ্বংস কৰা হৈছিল। (WWF ৰ তথ্যৰ পৰা)৬১

বৰ্তমানৰ স্থিতি

FAO ৰ অনুমান অনুসৰি ১৯৯০ চনৰ পৰা ২০২০ চনৰ ভিতৰত বিশ্বৰ বন কাৰ্বনৰ ভাণ্ডাৰ ০.৯% লৈ হ্ৰাস পাইছে, আৰু সেউজ আৱৰণ ৪.২% লৈ হ্ৰাস পাইছে৷৬২

+ বিভিন্ন অঞ্চলত বনাঞ্চলৰ কাৰ্বন ভাণ্ডাৰৰ পৰিৱৰ্তন গিগাটনৰ হিচাপত৬২অঞ্চল১৯৯০২০২০
ইউৰোপ(ৰাছিয়াকে ধৰি)১৫৮.৭১৭২.৪
উত্তৰ আমেৰিকা১৩৬.৬১৪০.০
আফ্ৰিকা৯৪.৩৮০.৯
দক্ষিণ আৰু দক্ষিণ-পূব এছিয়া একেলগে৪৫.৮৪১.৫
ওচেনিয়া৩৩.৪৩৩.১
মধ্য আমেৰিকা৫.০৪.১
দক্ষিণ আমেৰিকা১৬১.৮১৪৪.৮

২০১৯ চনলৈকে বিশ্বৰ বনাঞ্চল সংকুচিত হৈছে নে নাই সেই সম্পৰ্কে এতিয়াও মতানৈক্য আছে; “গ্ৰীষ্মমণ্ডলত মাটিৰ ওপৰৰ জৈৱবস্তুৰ কাৰ্বনৰ ভাণ্ডাৰ হ্ৰাস পোৱা বুলি অনুমান কৰা হৈছে যদিও নাতিশীতোষ্ণ মণ্ডল আৰু ব'ৰিয়েল বনাঞ্চলত এই ভাণ্ডাৰ বৃদ্ধি পোৱা বাবে ই সামগ্ৰিকভাবে বিশ্বজুৰি বৃদ্ধি পাইছে।’’৬৩

তথ্যসূত্ৰ

  1. ↑ Sutter, John D. (13 August 2015). 10 climate change villains. CNN
  2. ↑ Heidari, Hadi; Warziniack, Travis; Brown, Thomas C. (February 2021). Impacts of Climate Change on Hydroclimatic Conditions of U.S. National Forests and Grasslands. Forests. পৃ. 139
  3. ↑ US EPA, OAR. (2022-10-19). Climate Change Impacts on Forests. www.epa.gov
  4. ↑ (August 2019). Climate Change and Land: Summary for Policymakers. IPCC
  5. ↑ Main sources of carbon dioxide emissions · Human Emissions. www.che-project.eu
  6. ↑ (2020-08-26). How the UK contributes to global deforestation. BBC News
  7. ↑ Feng, Yu; Zeng, Zhenzhong; Searchinger, Timothy D. (2022-02-28). Doubling of annual forest carbon loss over the tropics during the early twenty-first century. Nature Sustainability. পৃ. 444–451
  8. ↑ Greenfield, Patrick. (2022-02-28). Deforestation emissions far higher than previously thought, study finds. The Guardian
  9. ↑ Heidari, Hadi; Arabi, Mazdak; Warziniack, Travis. (August 2021). Effects of Climate Change on Natural-Caused Fire Activity in Western U.S. National Forests. Atmosphere. পৃ. 981
  10. ↑ Seymour, Frances; Gibbs, David. (2019-08-08). Forests in the IPCC Special Report on Land Use: 7 Things to Know. World Resources Institute
  11. ↑ U.S. Environmental Protection Agency · US EPA. www.epa.gov
  12. ↑ Deforestation and Forest Degradation. World Wildlife Fund
  13. ↑ Seymour, Frances. (2021-03-31). 2021 Must Be a Turning Point for Forests. 2020 Data Shows Us Why. World Resources Institute
  14. ↑ Bajželj, Bojana; Richards, Keith S. (2014). The Positive Feedback Loop between the Impacts of Climate Change and Agricultural Expansion and Relocation. Land. পৃ. 898–916
  15. ↑ Allen, Craig D.; Macalady, Alison K.; Chenchouni, Haroun. (February 2010). A global overview of drought and heat-induced tree mortality reveals emerging climate change risks for forests. Forest Ecology and Management. পৃ. 660–684
  16. ↑ Global Forest Resource Assessment 2020. www.fao.org
  17. ↑ (2007). Investment and financial flows to address climate change. unfccc.int. UNFCCC. পৃ. 81
  18. ↑ Agriculture is the direct driver for worldwide deforestation. ScienceDaily
  19. ↑ Forest Conversion. WWF
  20. ↑ Starkel, Leszek. (2018). Role Of Climatic And Anthropogenic Factors Accelerating Soil Erosion And Fluvial Activity In Central Europe. Studia Quaternaria
  21. ↑ Longobardi, Patrick. (April 21, 2016). Deforestation induced Climate Change: Effects of Spatial Scale. PLOS ONE. পৃ. e0153357
  22. ↑ Cattle ranching in the Amazon rainforest. www.fao.org
  23. ↑ (2019-08-23). Growth of Brazil's Beef Industry Fueling Fires Destroying Amazon Rainforest. KTLA
  24. ↑ slash-and-burn agriculture · Definition & Impacts. Encyclopedia Britannica
  25. ↑ What is Slash and Burn Agriculture. World Atlas
  26. ↑ Deforestation and Climate Change
  27. ↑ Houghton, R.A. (December 2012). Carbon emissions and the drivers of deforestation and forest degradation in the tropics. Current Opinion in Environmental Sustainability. পৃ. 597–603
  28. ↑ Tinker, P. Bernard; Ingram, John S. I.; Struwe, Sten. (1996-06-01). Effects of slash-and-burn agriculture and deforestation on climate change. Agriculture, Ecosystems & Environment. পৃ. 13–22
  29. ↑ Wang, George C. (9 April 2017). Go vegan, save the planet. CNN
  30. ↑ Liotta, Edoardo. (23 August 2019). Feeling Sad About the Amazon Fires? Stop Eating Meat. Vice
  31. ↑ Steinfeld, Henning; Gerber, Pierre; Wassenaar, T. D. (2006). Livestock's Long Shadow: Environmental Issues and Options. Food and Agriculture Organization of the United Nations. ISBN 978-92-5-105571-7
  32. ↑ Margulis, Sergio. (2004). Causes of Deforestation of the Brazilian Amazon. World Bank Working Paper No. 22. The World Bank. পৃ. 9. ISBN 0-8213-5691-7
  33. ↑ Unsustainable Cattle Ranching. World Wildlife Fund
  34. ↑ (2009-01-31). How cattle ranches are chewing up the Amazon rainforest · Greenpeace UK. Greenpeace UK
  35. ↑ Carrington, Damian. (2018-05-21). Humans just 0.01% of all life but have destroyed 83% of wild mammals – study. The Guardian
  36. ↑ Sanquetta, Carlos R.; Bastos, Alexis De S.; Sanquetta, Mateus N. I. (2022-08-05). Assessing the carbon stock of cultivated pastures in Rondônia, southwestern Brazilian Amazon. Anais da Academia Brasileira de Ciências. পৃ. e20210262
  37. ↑ Rates of Deforestation & Reforestation in the U.S.
  38. ↑ Logging · Global Forest Atlas. globalforestatlas.yale.edu
  39. ↑ Angelsen, Arild; Kaimowitz, David. (February 1999). Rethinking the causes of deforestation: Lessons from economic models. The World Bank Research Observer. Oxford University Press. পৃ. 73–98
  40. ↑ Laurance, William F. (December 1999). Reflections on the tropical deforestation crisis. Biological Conservation. পৃ. 109–117
  41. ↑ Burgonio, T.J. (3 January 2008). Corruption blamed for deforestation. Philippine Daily Inquirer
  42. ↑ (September 2003). WRM Bulletin Number 74. World Rainforest Movement
  43. ↑ Cozma, Adeline-Cristina; Cotoc, Corina-Narcisa (Bodescu); Vaidean, Viorela Ligia. (2021). Corruption, Shadow Economy and Deforestation: Friends or Strangers?. Risks. পৃ. 153
  44. ↑ (4 January 2006). Global Deforestation. Global Change Curriculum. University of Michigan Global Change Program
  45. ↑ Marcoux, Alain. (August 2000). Population and deforestation. SD Dimensions. Sustainable Development Department, Food and Agriculture Organization of the United Nations (FAO)
  46. ↑ Butler, Rhett A. Impact of Population and Poverty on Rainforests. Mongabay.com / A Place Out of Time: Tropical Rainforests and the Perils They Face
  47. ↑ Stock, Jocelyn; Rochen, Andy. The Choice: Doomsday or Arbor Day. umich.edu
  48. ↑ Ehrhardt-Martinez, Karen. Demographics, Democracy, Development, Disparity and Deforestation: A Crossnational Assessment of the Social Causes of Deforestation. Paper presented at the annual meeting of the American Sociological Association, Atlanta Hilton Hotel, Atlanta, GA, 16 August 2003
  49. ↑ Urbanisation · DEFORESTATION IN SOUTHEAST ASIA. blogs.ntu.edu.sg
  50. ↑ Geist, Helmut J.; Lambin, Eric F. (February 2002). Proximate Causes and Underlying Driving Forces of Tropical Deforestation. BioScience. পৃ. 143–150
  51. ↑ (June 2007). The Double Edge of Globalization. YaleGlobal Online. Yale University Press
  52. ↑ Butler, Rhett A. Human Threats to Rainforests—Economic Restructuring. Mongabay.com / A Place Out of Time: Tropical Rainforests and the Perils They Face
  53. ↑ Hecht, Susanna B.; Kandel, Susan; Gomes, Ileana. (2006). Globalization, Forest Resurgence, and Environmental Politics in El Salvador. World Development. পৃ. 308–323
  54. ↑ Pearce, David W. (December 2001). The Economic Value of Forest Ecosystems. Ecosystem Health. পৃ. 284–296
  55. ↑ Bulte, Erwin H; Joenje, Mark; Jansen, Hans GP. (2000). Is there too much or too little natural forest in the Atlantic Zone of Costa Rica?. Canadian Journal of Forest Research. পৃ. 495–506
  56. ↑ Butler, Rhett A.; Laurance, William F. (August 2008). New strategies for conserving tropical forests. Trends in Ecology & Evolution. পৃ. 469–472
  57. ↑ Rudel, T.K. (2005) Tropical Forests: Regional Paths of Destruction and Regeneration in the Late 20th Century. Columbia University Press
  58. ↑ Curtis, P. G.; Slay, C. M.; Harris, N. L. (2018). Classifying drivers of global forest loss. Science. পৃ. 1108–1111
  59. ↑ Chomitz, Kenneth; Gray, David A. (1999). Roads, lands, markets, and deforestation: a spatial model of land use in Belize. Policy Research Working Papers
  60. ↑ Ferraz, Silvio Frosini de Barros; Vettorazzi, Carlos Alberto; Theobald, David M. (2009). Using indicators of deforestation and land-use dynamics to support conservation strategies: A case study of central Rondônia, Brazil. Forest Ecology and Management. পৃ. 1586–1595
  61. ↑ (2023). EXTRACTED FORESTS UNEARTHING THE ROLE OF MINING-RELATED DEFORESTATION AS A DRIVER OF GLOBAL DEFORESTATION. World Wildlife Fund. পৃ. 3,6,7,22
  62. ↑ FAO. (2020). Global Forest Resources Assessment
  63. ↑ IPCC. (2019a). Climate Change and Land: an IPCC special report on climate change, desertification, land degradation, sustainable land management, food security, and greenhouse gas fluxes in terrestrial ecosystems. Chapter 4. Land Degradation.

সম্পৰ্কিত শ্ৰেণী

পৰিৱেশপৰিৱেশ সম্পৰ্কীয় সমস্যা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনাঞ্চল ধ্বংস আৰু জলবায়ু পৰিৱৰ্তন” প্ৰবন্ধৰ সংশোধন ৬২৪১৮৭ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।