অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ডাউক

ডাউক (ইংৰাজী: "White-breasted waterhen" আৰু বৈজ্ঞানিক নাম: "Amaurornis Phoenicurus") চৰাই, দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ জলচৰ পক্ষী।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ২৪৯ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ডাউক (ইংৰাজী: "White-breasted waterhen" আৰু বৈজ্ঞানিক নাম: "Amaurornis Phoenicurus") চৰাই, দক্ষিণ তথা দক্ষিণ-পূব এছিয়াত বহুলভাৱে বিস্তৃত হৈ থকা এবিধ জলচৰ পক্ষী।

দৈহিক গঠন

পূৰ্ণবয়স্ক ডাউক চৰাইৰ দেহৰ তলৰ অংশ গাঢ় ছাই বৰণৰ আৰু মুখ, ডিঙি তথা বুকু অংশ বগা বৰণৰ হয়। পেট আৰু নেজৰ তলৰ অংশ মটীয়া ৰঙৰ হোৱা দেখা যায়। ডাউক চৰাইৰ ঠেঙৰ আঙুলি দীঘল, নেজ চুটি আৰু ঠোট তথা ঠেং হালধীয়া ৰঙৰ। মতা-মাইকী উভয়ৰ আকৃতিগত পাৰ্থক্য নাই যদিও মাইকী চৰাইৰ আকাৰ কিছু সৰু হয়। অপৈণত চৰাইৰ গাৰ বৰণ পূৰ্ণবয়স্ক চৰাইতকৈ ধূসৰ হয়। পোৱালিৰ গাৰ বৰণ প্ৰথমে ক’লা হয়।

বসতি স্থান

ভাৰত, পাকিস্তান, শ্ৰীলংকাৰ পৰা চীন, ইণ্ডোনেছিয়া লৈকে সমগ্ৰ দক্ষিণ এছিয়া ডাউক চৰাইৰ আৱাসস্থলী। সাধাৰণতে সমতল ভূমিত পোৱা যায় যদিও ওখ পৰ্বতীয়া অঞ্চল যেনে নাইনিতাল (১৩০০ মি) আৰু কেৰালাৰ পৰ্বতভূমি ( ১৫০০ মি)তো এই চৰাই বিধ দেখা যায়।১২ এই চৰাইবিধে চমু দূৰত্ব অতিক্ৰম কৰি নতুন আৱাসস্থলী অধিকাৰ কৰি লয়। সচৰাচৰ জলাশয় বা মিঠা অথবা লুণীয়া পানীৰ উৎসৰ আশে-পাশে ডাউক চৰাই পোৱা যায়।

আচৰণ

ডাউক চৰাই সাধাৰণতে অকলশৰে নাইবাযোৰ পাতি বাস কৰে। জলাশয়ৰ পাৰৰ বোকাত বা অগভীৰ পানীত খাদ্যৰ সন্ধান কৰে। খোজকঢ়াৰ সময়ত নেজডাল পিছফালে থিয় হৈ থাকে। ডাউক চৰায়ে প্ৰধানত: পোক-পৰুৱা, সৰু মাছ, বিভিন্ন জলচৰ অমেৰুদণ্ডী প্ৰাণী, উদ্ভিদৰ গুটি আদি খাই জীয়াই থাকে।৩

সাধাৰণতে জুন মাহৰ পৰা অক্টোবৰৰ ভিতৰত বাহ সাজি পোৱালি দিয়ে। অৱশ্যে ঠাই বিশেষে বাহ সজাৰ আৰু পোৱালি জগোৱাৰ সময়ো ভিন্ন হয়। বাহ জলাহ অঞ্চলৰ উদ্ভিদেৰে শুকান ঠাইত সাজে। এবাৰত ৬-৭ টাকৈ কণী পাৰে। প্ৰায় ১৯ দিনৰ ভিতৰত কণীৰ পৰা পোৱালি জগে।৪ মতা-মাইকী উভয়ে ওমনি দিয়ে আৰু পোৱালিৰ যত্ন লয়।

বহিঃসংযোগ

তথ্যসূত্ৰ

  1. ↑ Robertson,Andrew. (1990). Some altitudinal records of birds from the High Range, Kerala. J. Bombay Nat. Hist. Soc.. পৃ. 456
  2. ↑ Smetacek, Victor. (1974). On the increasing occurrence of typically plains-birds in the Kumaon hills. J. Bombay Nat. Hist. Soc.. পৃ. 299–302
  3. ↑ Relton,A; Moses,A Alagappa; Wesley,H Daniel. (1991). Addition to the dietary of Whitebreasted Waterhen Amaurornis phoenicurus (Pennant). J. Bombay Nat. Hist. Soc.. পৃ. 282
  4. ↑ Dhindsa,Manjit S; Sandhu,PS; Toor,HS. (1983). Some observations on the breeding of the Chinese Whitebreasted Waterhen Amaurornis phoenicurus chinensis (Boddaert). J. Bombay Nat. Hist. Soc.. পৃ. 213–214

সম্পৰ্কিত শ্ৰেণী

ডাউকচৰাইঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাউক” প্ৰবন্ধৰ সংশোধন ৫৪০৫৮৩ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।