বাঁহ কপৌ বা অৰুণ্ডিনা গ্ৰেমিনিফ'লিয়া (Arundina graminifolia) হৈছে অৰ্কিডৰ এটা প্ৰজাতি আৰু অৰুণ্ডিনা জাতৰ অন্তৰ্গত। এছিয়াৰ এই গ্ৰীষ্মমণ্ডলীয় প্ৰজাতিটো ম্যানমাৰ, ভাৰত, শ্ৰীলংকা, নেপাল, থাইলেণ্ড, ভিয়েটনাম, ৰুকিউ দ্বীপপুঞ্জ, মালয়েছিয়া, ছিংগাপুৰ, চীনৰ পৰা ইণ্ডোনেছিয়া, ফিলিপাইনছ আৰু নিউগিনিলৈকে বিস্তৃত। ৰিউনিয়ন, ফিজি, ফ্ৰেঞ্চ পলিনেছিয়া, মাইক্ৰ'নেছিয়া, ৱেষ্ট ইণ্ডিজ, কোষ্টা ৰিকা, পানামা, বেলিজ আৰু হাৱাইত ই প্ৰাকৃতিক হৈ পৰিছে।১২ ইয়াক বেম্বো অৰ্কিড বুলিও কোৱা হয়।৩
বিৱৰণ
অৰুণ্ডিনা গ্ৰেমিনিফ'লিয়া এবিধ স্থলজ, বহুবৰ্ষজীৱী অৰ্কিড আৰু ইয়াৰ ঠাৰিডাল বেতৰ দৰে। ই ৭০ চে:মি:ৰ পৰা আৰু ২ মি:লৈকে ওখ হ'ব পাৰে।
ইয়াৰ পাতবোৰ দীঘলীয়া আকৃতিৰ আৰু ই ৯ৰ পৰা ১৯ চে.মি. দীঘল আৰু প্ৰস্থ ০.৮ৰ পৰা ১.৫ চে.মি. বহল হ'ব পাৰে। পাতৰ শীৰ্ষভাগ তীক্ষ্ণ।
এই অৰ্কিড গ্ৰীষ্ম আৰু শৰৎ কালত ফুলে। ফুলসমূহ ৭ৰ পৰা ১৬ চে.মি. দৈৰ্ঘ্য আৰু ৫–৮ চে.মি. ব্যাসৰ। বেঙুনীয়াৰ সৈতে গোলাপী ৰঙৰ পাহিৰ সৈতে শুকুলা পাপৰি থাকে। ফুল ফুলাৰ পিছত ঠাৰিৰ মূৰৰ ওচৰত প্ৰায়ে সৰু সৰু পুলি গজে। মাটিৰ সংস্পৰ্শ পালে ইহঁতে বংশবৃদ্ধিত সহায় কৰে।
জাত
বৰ্তমান বাঁহ কপৌৰ দুটা প্ৰজাতি স্বীকৃতিপ্ৰাপ্ত (মে' ২০১৪):১
- অৰুণ্ডিনা গ্ৰেমিনিফ'লিয়া ভেৰাইটি গ্ৰেমিনিফ'লিয়া
- অৰুণ্ডিনা গ্ৰেমিনিফ'লিয়া ভেৰাইটি ৰেভলুটা
তথ্যসূত্ৰ
- ↑ Kew World Checklist of Selected Plant Families, Arundina graminifolia
- ↑ US Department of Agriculture Plants profile
- ↑ See e.g. Das, S & Duttachoudhury, Manabendra & Mazumder, Pranab. (2013). In vitro propagation of Arundina graminifolia D. Don. Hochr - A bamboo orchid. Asian Journal of Pharmaceutical and Clinical Research. 6. 156-158
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাঁহ কপৌ” প্ৰবন্ধৰ সংশোধন ৫৪০৯৮২ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।