ভাৱাল ৰাষ্ট্ৰীয় উদ্যান (Bhawal National Park) হৈছে বাংলাদেশৰ এখন প্ৰকৃতি সংৰক্ষিত বনাঞ্চল আৰু ৰাষ্ট্ৰীয় উদ্যান।
ইতিহাস
১৯৭৪ চনত, উদ্যানখনৰ প্ৰতিষ্ঠা আৰু ৰক্ষণাবেক্ষণৰ কাম-কাজ আৰম্ভ হৈছিল যদিও ১৯৮২ চনত, বাংলাদেশৰ বন্যপ্ৰাণী আইন (১৯৭৪) অনুসৰি ইয়াক আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয়। ভাৱাল ৰাজ্যৰ শাসনকালত ই মধুপুৰৰ এখন অৰণ্য আছিল। ই বাংলাদেশৰ ঢাকা বিভাগৰ গাজীপুৰ চহৰত অৱস্থিত। উদ্যানখন ঢাকা চহৰৰ পৰা উত্তৰ দিশত প্ৰায় ৪০ কিলোমিটাৰ, গাজীপুৰৰ পৰা ২০ কিলোমিটাৰ আৰু কাপাছিয়াৰ পৰা ২০ কিলোমিটাৰ দূৰত্বত অৱস্থিত। উদ্যানখনৰ মূল ক্ষেত্ৰফল ৯৪০ হেক্টৰ (২,৩২২ একৰ) যদিও ইয়াৰ দাঁতিকাষৰীয়া বনাঞ্চলসমূহ ৫,০২২ হেক্টৰ (১২,৪০৯ একৰ) এলেকাজুৰি বিস্তৃত। উদ্যানখনৰ মূল উদ্দেশ্য হৈছে গুৰুত্বপূৰ্ণ আৱাসস্থলসমূহ সুৰক্ষিত কৰাৰ লগতে বিনোদনৰ সুযোগ প্ৰদান কৰা। সংৰক্ষিত ভূ-প্ৰকৃতি হিচাপে ইয়াক আই ইউ চি এন পৰিচালনা শ্ৰেণী V ৰ অধীনত ৰখা হৈছে। শাল গছৰ অৰণ্যবোৰেই হৈছে উদ্যানখনৰ অন্যতম সাধাৰণ উদ্ভিদকুল। ময়ূৰ, বাঘ, নাহৰফুটুকী বাঘ, ক’লা চিতাবাঘ, হাতী, ধূসৰ চিতাবাঘ আৰু শৰপহুৰ বাবে এই অঞ্চলটো বিখ্যাত আছিল। অৱশ্যে, এই বন্যপ্ৰাণীৰ বহুখিনি ইতিমধ্যে নোহোৱা হৈ গৈছে আৰু মাত্ৰ কেইটামান প্ৰজাতিহে বাকী আছে। ইয়াৰ উপৰিও, বেছিভাগ অৰণ্য ধ্বংস হ'ল আৰু এতিয়া বন কোম্পানী বা ভূমিহীন লোকে দখল কৰিলে।১২
পঞ্চাশ বছৰৰ আগতে, এই অঞ্চলৰ বেছিভাগেই অৰণ্যৰে আবৃত আছিল আৰু ইয়াৰ প্ৰধান উদ্ভিদ প্ৰজাতিটো আছিল শাল (Shorea robusta)। অবৈধ বনাঞ্চল ধ্বংসৰ ফলত মূল বনাঞ্চলখনৰ মাত্ৰ ৬০০ বৰ্গ কিলোমিটাৰ ভূমিহে বাকী আছে। এতিয়া আকৌ বনাঞ্চলখনত নতুনকৈ বৃক্ষ ৰোপণ কৰা হৈছে।৩
পৰিস্থিতি বিজ্ঞান
উদ্যানখনত ৩৪৫টা উদ্ভিদ প্ৰজাতি আছে, যাৰ ভিতৰত আছে ১৫১টা ভিন্ন বৃক্ষৰ প্ৰজাতি, ৫৩টা গুল্ম, ১০৬টা বনৌষধি আৰু ৩৪টা আৰোহী-লতাৰ প্ৰজাতি। উদ্যানখনৰ বন্যপ্ৰাণীসমূহৰ ভিতৰত আছে ১৩টা প্ৰজাতিৰ স্তন্যপায়ী, ৯টা প্ৰজাতিৰ সৰীসৃপ, ৩৯টা প্ৰজাতিৰ চৰাই আৰু ১০টা প্ৰজাতিৰ উভচৰ প্ৰাণী। ইয়াৰ উপৰিও বন বিভাগে শেহতীয়াকৈ ময়ূৰ, হৰিণ, অজগৰ, মেচেকা আদি প্ৰাণী নতুনকৈ এৰি দিছে।৪
লগতে চাওক
- মধুপুৰ গড়
- বাংলাদেশৰ সংৰক্ষিত অঞ্চলসমূহৰ তালিকা
বাহ্যিক সংযোগ
- (PDF) Wildlife Biodiversity in Bhawal National Park
- Reading tools - Indexing Metadata - Wildlife Biodiversity in Bhawal National Park
- Nishorgo Biodiversity Program
- Protected Areas in Bangladesh
তথ্যসূত্ৰ
- ↑ (2005). Wildlife Biodiversity in Bhawal National Park: Management Techniques and Drawbacks of Wildlife Management and Nature Conservation. bangladesh.com
- ↑ Wildlife Biodiversity in Bhawal National Park. School of Environmental Science and Management, Independent School, Bangladesh
- ↑ Harun-Er-Rashid. (2012). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh
- ↑ Eco tourism in Bangladesh. Bangladesh Forest Department
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাৱাল ৰাষ্ট্ৰীয় উদ্যান” প্ৰবন্ধৰ সংশোধন ৪৫৩৩৭৭ (১০ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।