বৰহমথুৰি (সংস্কৃত-ৱৰ্হণ, পাত+ অসমীয়া- থুৰি, পাতৰ চুপহি) বা বৰ্হমথুৰি, দীঘল দীঘল পাতেৰে থুৰি মেলা এবিধ আওকাঠী গছ৷ ইয়াৰ পাত চোবালে তাৰ ৰসে ওঁঠ বোলাই পেলায়। বিহুৰ সময়ত নাচনীবোৰৰ মাজত ইয়াৰ বৰ আদৰ।১ এইবিধ গছৰ থুৰি পাত বা চুপহি তামোলৰ লগত বা শুদাই চোবালে ওঠ আৰু জিভা কʼলা পৰে।
বৰহমথুৰি হৈছে Magnoliaceae পৰিয়ালৰ অন্তৰ্গত Magnolia গণৰ এবিধ উদ্ভিদ প্ৰজাতি। ইংৰাজীত ইয়াক Lipstick Champa বুলি জনা যায়।২
ভৌগোলিক বিস্তৃতি
ভাৰতৰ হিমালয় সংলগ্ন অঞ্চল, নেপাল৩, অসম, বাংলাদেশ৪ৰ পাহাৰীয়া অঞ্চলত এই উদ্ভিদ প্ৰচুৰ পৰিমাণে জন্মে।
বিৱৰণ
এই উদ্ভিত ১০ ৰ পৰা ১৫ মিটাৰ পৰ্যন্ত ওখ হয়। এই গছেৰ ডালৰ বিপৰীত দিশত অযুগ্ম পাত থাকে। ই এবিধ চিৰসেউজ, পৰ্ণপাতী উদ্ভিদ। পাতৰ আকাৰ ২০ ৰ পৰা ৪০ চেমি দীঘল, গাঢ় সেউজ ৰঙৰ, আগবোৰ জোঙা। কাণ্ডৰ শীৰ্ষত এককভাবে এপাহ ফুল ফুলে।
ফুলৰ ৰঙ বগা আৰু গন্ধযুক্ত। ফুলৰ আকাৰ কিছু ডাঙৰ। ৫-৮ চেমি পৰ্যন্ত হয়। ইয়াৰ পাহিবোৰ বাহিৰৰ পৰা পাতল এটি আৱৰণে ঢাকি ৰাখে। ফুল বৃদ্ধি হোৱাৰ লগে লগে এই আৱৰণ লাহে লাহে খহি পৰে। প্ৰস্ফুটিত ফুলৰ ৯ পাহ পাহি থাকে। এই ফুলৰ বহুত পুংকেশৰ থাকে। পুংকেশৰেৰ অগ্ৰভাগ নীল বৰ্ণৰ। বসন্ত আৰু গ্ৰীষ্মৰ আৰম্ভণিতে (এপ্ৰিল-নৱেম্বৰ)৩ এই উদ্ভিদৰ ফুল ফুলে।
ইয়াৰ ফলবোৰ ডাঙৰ আকাৰৰ প্ৰায় ১৬ ইঞ্চি দীঘল আৰু পৰিধি প্ৰায় ৭-৮ ইঞ্চিৰ হয়। ফল পকিলে কমলা বৰণৰ হয়। ফলত ১-২ টা বীজ থাকে। বীজৰ ৰঙ কমলা আৰু আকৃতি ত্ৰিভুজৰ দৰে। কেতিয়াবা বীজৰ আকৃতি গোলাকৃতিও হোৱা দেখা যায়। বীজবোৰত তেল থাকে। ফল ধৰাৰ সময় জুন মাহ।
আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ বৰ্হমথুৰি এজুপি]]
ভেষজ গুণ
এই উদ্ভিদৰ বাকলি বাত ৰোগ নিৰাময়ৰ বাবে ব্যৱহাৰ কৰা হয়।
বিহুগীতত উল্লেখ
বিহুগীতসমূহতো বৰ্হমথুৰিৰ উল্লেখ পোৱা যায়: অতীজতে অসমত বৰ্হমথুৰিক প্ৰেমৰ প্ৰতীক ৰূপে কল্পনা কৰা হৈছিল। গাওঁৰ ডেকাই মৰমৰ গাভৰুক ওঁঠ বোলাবলৈ বৰ্হমথুৰি আনি দিছিল। বিহুৱতী গাভৰুৱে বিহু মাৰোতে ওঁঠত বৰ্হমথুৰিৰ বোলে সানিছিল।
লুইতৰ পাৰৰে বৰ্হমথুৰি এজুপি
আমিনো খৰি লুৰা ঠাই
উটুৱাই নিনিবা ব্ৰহ্মপুত্ৰ দেৱতা
তামোল দি মাতোঁতা নাই।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰহমথুৰি” প্ৰবন্ধৰ সংশোধন ৫৪০৯১৮ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।