অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

নীলগিৰি মাৰ্টেন

নীলগিৰি মাৰ্টেন (Nilgiri marten; বৈ‍জ্ঞানিক নামঃ Martes gwatkinsii) হৈছে দক্ষিণ ভাৰতৰ স্থানীয় একমাত্ৰ মাৰ্টেন প্ৰজাতি। ই নীলগিৰিৰ পাহাৰ আৰু পশ্চিম ঘাটৰ কিছু অংশত বাস কৰে।

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ২৫৪ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নীলগিৰি মাৰ্টেন (Nilgiri marten; বৈ‍জ্ঞানিক নামঃ Martes gwatkinsii) হৈছে দক্ষিণ ভাৰতৰ স্থানীয় একমাত্ৰ মাৰ্টেন প্ৰজাতি। ই নীলগিৰিৰ পাহাৰ আৰু পশ্চিম ঘাটৰ কিছু অংশত বাস কৰে। সংখ্যাত ই মাত্ৰ প্ৰায় এক হাজাৰমান বৰ্তি‍ থকাৰ বাবে ইয়াক আই ইউ চি এনৰ ৰঙা তালিকাত অসুৰ‍ক্ষিত প্ৰজাতি‍ হিচাপে তালিকাভুক্ত কৰা হৈছে।১

শ্ৰেণীবিভাজন

ইষ্ট ইণ্ডিয়া কোম্পানীৰ সংগ্ৰহালয়ত থকা এটা ছালৰ ওপৰত ভিত্তি কৰি থমাছ হৰ্চফিল্ডে নীলগিৰি মাৰ্টেনৰ বৰ্ণনা কৰিছিল; সংগ্ৰাহক ৰেইনল্ডছ গ্ৱাটকিন্স (Reynolds Gwatkins)ৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছে।২

বৈশিষ্ট্য

নীলগিৰি মাৰ্টেনৰ ৰং মূৰৰ পৰা তপিনালৈকে গাঢ় মুগা, সমুখৰ দুভৰি আৰু কান্ধ প্ৰায় ৰঙা ৰঙৰ, ডিঙি উজ্জ্বল হালধীয়াৰ পৰা কমলা ৰঙৰ৷ ইয়াৰ সন্মুখৰ অৱতল অংশ বিশিষ্ট আৰু ই হালধীয়া ডিঙিৰ মাৰ্টেনতকৈ ডাঙৰ।৩ ই মূৰৰ পৰা পায়ুলৈকে প্ৰায় ৫৫–৬৫ চে.মি.(২২–২৬ ইঞ্চি) দীঘল, আৰু নেজডাল ৪০–৪৫ চে.মি. (১৬–১৮ ইঞ্চি) হয়। ইয়াৰ ওজন প্ৰায় ২.১ কিলোগ্ৰাম (৪.৬ পাউণ্ড)।৪ নীলগিৰি মাৰ্টেনৰ ভৰি চুটি আৰু আংশিকভাৱে পিছুৱাই যাব পৰা নখ থাকে।৫

বিতৰণ আৰু বাসস্থান

নীলগিৰি মাৰ্টেন মূলতঃ শ্বোলা ঘাঁহনি আৰু দক্ষিণ-পশ্চিম ঘাটৰ পাহাৰীয়া বৰ্ষাৰণ্যত বাস কৰে, আৰু মাজে মাজে কাষৰীয়া দক্ষিণ-পশ্চিম ঘাটৰ আৰ্দ্ৰ পৰ্ণপাতী অৰণ্য আৰু বাণিজ্যিক বাগিচাত পোৱা যায় যি দক্ষিণ ভাৰতৰ কৰ্ণাটক, কেৰালা আৰু তামিলনাডু ৰাজ্যৰ পশ্চিম ঘাটসমূহক সামৰি লৈছে৷ নীলগিৰি পাহাৰ ইয়াৰ পৰিসৰৰ কেন্দ্ৰবিন্দু, কিন্তু চৰমাদি ঘাট আৰু নেয়াৰ আৰু পেপ্পাৰা বন্যপ্ৰাণী অভয়াৰণ্যতো দেখা পোৱাৰ তথ্য পোৱা গৈছে।৬৭৮৯১০১১

আচৰণ আৰু পৰিৱেশ বিজ্ঞান

নীলগিৰি মাৰ্টেন দিবাচৰ। ই প্ৰধানকৈ বৃক্ষবাসী, কিন্তু মাজে মাজে মাটিলৈ নামি যায়। ই সৰ্বভোজী আৰু চৰাই, সৰু স্তন্যপায়ী প্ৰাণী (মালাবাৰ বৰ কেৰ্কেটুৱাকে‍ ধৰি) আৰু জিলীৰ দৰে পতঙ্গ চিকাৰ কৰে।১২৩ ইয়াৰ উপৰিও ইয়াক বিভিন্ন ধৰণৰ ফল-মূল আৰু বীজ খোৱাও দেখা গৈছে।১৩

সংৰক্ষণৰ সমস্যা

ব্লেক ৱাটল একেচিয়া মেয়াৰ্নচি ৰোপণে ইয়াৰ বাসস্থানৰ গুণাগুণত প্ৰভাৱ পেলাব পাৰে বুলি ধাৰণা কৰা হৈছে।১৪ পথ, ক্ৰমৱৰ্ধমান পৰ্যটন আদিয়েও নীলগিৰি মাৰ্টেনৰ লগতে আন আন জীৱকুলৰ বাবে বিপদ আনিব পাৰে।

তথ্যসূত্ৰ

  1. ↑ Mudappa, D.; Jathana, D.; Raman, T. R. S. (2015). Martes gwatkinsii
  2. ↑ Horsfield, Thomas. (1851). Catalogue of the Mammalia in the Museum of the Hon. East-India Company. Printed by J. & H. Cox. পৃ. 99–101
  3. ↑ Prater, S. H. (2005). The Book of Indian Animals. Bombay Natural History Society, Oxford University Press
  4. ↑ Hussain, S. A. (1999). Mustelids, Viverrids and Herpestids of India: Species Profile and Conservation Status. ENVIS Bulletin: Wildlife and Protected Areas. পৃ. 1–38
  5. ↑ InfographicsNilgiri marten: Facts, Distribution and Diet
  6. ↑ Christopher, G.; Jayson, E. A. (1996). Sightings of Nilgiri marten (Martes gwatkinsii Horsfield) at Peppara Wildlife Sanctuary and Silent Valley National Park, Kerala, India. Small Carnivore Conservation. পৃ. 3–4
  7. ↑ Madhusudan, M. D. (1995). Sighting of the Nilgiri marten (Martes gwatkinsii) at Eravikulam National Park, Kerala, India. Small Carnivore Conservation. পৃ. 6–7
  8. ↑ Gokula, V.; Ramachandran, N. K. (1996). A record of the Nilgiri marten (Martes gwatkinsii Horsfield) in Upper Bhavani. Journal of the Bombay Natural History Society. পৃ. 82
  9. ↑ Mudappa, D. (1999). Lesser Known Carnivores of the Western Ghats. ENVIS Bulletin: Wildlife and Protected Areas. ভাৰতৰ বন্যপ্ৰাণী প্ৰতিষ্ঠান. পৃ. 65–70
  10. ↑ Balakrishnan, P. (2005). Recent sightings and habitat characteristics of the endemic Nilgiri Marten Martes gwatkinsii in Western Ghats, India. Small Carnivore Conservation. পৃ. 14–16
  11. ↑ Krishna, K.; Karnad, D. (2010). New records of the Nilgiri marten Martes gwatkinsii in the Western Ghats, India. Small Carnivore Conservation. পৃ. 23–27
  12. ↑ Hutton, A. F. (1948). Feeding habits of the Nilgiri marten (Charronia gwatkinsii (Horsfield). Journal of the Bombay Natural History Society. পৃ. 355–356
  13. ↑ Anil, G.; Kishor, N.; Gafoor, N. (2018). Observations on the Nilgiri Marten Martes gwatkinsii (Mammalia: Carnivora: Mustelidae) from Pampadum Shola National Park, the southern Western Ghats, India. Journal of Threatened Taxa. পৃ. 11226–11230
  14. ↑ Observations on the Nilgiri Marten Martes gwatkinsii (Mammalia: Carnivora: Mustelidae) from Pampadum Shola National Park, the southern Western Ghats, India

সম্পৰ্কিত শ্ৰেণী

স্তন্যপায়ী প্ৰাণী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলগিৰি মাৰ্টেন” প্ৰবন্ধৰ সংশোধন ৬৩২১৮৬ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।