}}]]
প্ৰাণীৰ চলন, হ'ল বিভিন্ন কাৰণত প্ৰাণী সমূহৰ স্থান সলনি প্ৰক্ৰিয়া।১ চলনৰ কিছুমান প্ৰধান কাৰণ হৈছে খাদ্য, সংগী বা উপযুক্ত বাসস্থানৰ সন্ধান বা প্ৰাণৰক্ষা। পানীৰ সোঁত বা বতাহৰ প্ৰভাৱত পৰোক্ষভাৱে হোৱা স্থানান্তৰণক চলন বুলিব নোৱাৰি। বেক্টেৰিয়া, প্ৰট’জ’ৱা আদিৰ দৰে সূক্ষ্ম জীৱবোৰৰ চলনৰ পৰিসৰ সীমিত, আনহাতে প্ৰাণীসমূহে বহু দূৰ পৰ্যন্ত গতি কৰিব পাৰে। প্ৰাণীবোৰ দৌৰিব, সাঁতুৰিব, জঁপিয়াব বা উৰিব পাৰে। প্ৰাণীৰ দৰে কিছুমান উদ্ভিদৰ চলন কৰাৰ ক্ষমতা আছে। বায়ু, পানী, বা মাটি আদি মাধ্যমৰ ওপৰত নিৰ্ভৰ কৰি জীৱবোৰে চলনৰ বাবে বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰে।
বিভিন্ন মাধ্যমত জীৱৰ চলন
তৰল আৰু গেছীয় মাধ্যমত চলন
- ক্ষুদ্ৰ জীৱৰ চলন: সাধাৰণতে ক্ষুদ্ৰ জীৱবোৰৰ চলনৰ মাধ্যম হ’ল পানী। এই জীৱ সমূহৰ চলনক সাঁতোৰ বুলি কোৱা হয় যদিও প্ৰাণীৰ সাঁতোৰৰ লগত এই চলনৰ যথেষ্ট পাৰ্থক্য আছে।
- এমিবিয় চলন (কূটপদ): এমিবা, শ্লাইম মল্ডৰ দৰে ভেঁকুৰ আৰু অন্য কিছুমান প্ৰট’জ’ৱাই এমিবিয় চলনৰ দ্বাৰা গতি কৰে। প্ৰাণীৰ দেহত থকা শ্বেত ৰক্ত কণিকাবোৰেও এই চলনেৰেই চলাচল কৰে। এই চলন প্ৰক্ৰিয়াত জীৱটোৰ কোষৰ সন্মুখৰ অংশ বাঢ়ি আহি কূটপদৰ সৃষ্টি কৰে, আৰু জীৱটো আগবাঢ়ি যায়। এই চলনৰ সঠিক কাৰ্য পদ্ধতি এতিয়াও ঠাৱৰ কৰিব পৰা হোৱা নাই।
- ফ্ৰেজেলাৰ দ্বাৰা চলন: কিছুমান প্ৰট’জ’ৱা ফ্ৰেজেলাৰ সহায়ত চলাচল কৰে। এনে জীৱবোৰৰ দেহত এডাল বা একাধিক চুলি সদৃশ ফ্ৰেজেলা থাকে। এই ফ্ৰেজেলাবোৰে তৰল আধাৰ মাধ্যমত তৰংগৰ দৰে ইফালে-সিফালে লৰচৰ কৰে, ইয়াৰ পৰা উৎপন্ন হোৱা বলে জীৱটোক আগলৈ ঠেলি পঠিয়াই বা টানি নিয়ে। প্ৰাণীৰ শুক্ৰকীট বোৰেও এনে চলনৰ দ্বাৰাই চলাচল কৰে।
- চিলিয়াৰ সহায়ত চলন: চিলিয়া হৈছে ফ্ৰেজেলাৰ দৰেই কিন্তু ফ্ৰেজেলাতকৈ চুটি চুলি সদৃশ চলন অংগ। চিলিয়াযুক্ত জীৱবোৰৰ দেহত সাধাৰণতে অসংখ্য চিলিয়া থাকে। অন্য প্ৰট’জ’ৱা আৰু বহু প্ৰাণীৰ পলুবোৰে চিলিয়াৰ সহায়ত চলাচল কৰে। ফ্ৰেজেলাৰ সহায়ত হোৱা চলনতকৈ এনে চলনৰ গতিবেগো বেছি হয়। এনে চলন দেখুওৱা জীৱৰ উদাহৰণ হ'ল পেৰামেছিয়াম। চেপেটা কৃমিৰ দৰে কিছুমান জীৱও চিলিয়াৰ সহায়ত চলাচল কৰে। ইহঁতে দেহৰ পৰা শ্লেষ্মা নিঃসৰণ কৰে আৰু তাৰ মাজেৰেই চিলিয়াৰ সহায়ত চলাচল কৰ। ইয়াক মিউকচিলিয়েৰি লকমশ্ব্যন বোলে।
- বৃহৎ জীৱৰ চলন
- সাঁতোৰ
- উৰণ
অৱস্তৰ মাধ্যমত চলন
- স্থলত
- জলত
কঠিন মাধ্যমত চলন
কিছুমান প্ৰাণীয়ে নখ, দাঁত, পেৰিছটেলছিছ২ যেনে কেঁচু; আদিৰ দ্বাৰা বা অন্য পদ্ধতি ব্যৱহাৰ কৰি কঠিন মাধ্যম যেনে মাটি বা কাঠ আদি খান্দি তাৰ মাজেৰে চলাচল কৰে। গাঁত হল এটা ফুটা বা নলা যিটো যিকোনো কঠিন মাধ্যমত কোনো জীৱই বাসস্থান বা অন্য কামৰ বাবে খান্দে আৰু তাত চলাচল কৰে। কেঁচু, নিগনি, শহা, ভাটৌ আদি এনে জীৱৰ উদাহৰণ।
তথ্যসূত্ৰ
- ↑ Animal locomotion. Encyclopædia Britannica
- ↑ Quillin KJ. (May 1998). Ontogenetic scaling of hydrostatic skeletons: geometric, static stress and dynamic stress scaling of the earthworm lumbricus terrestris. The Journal of Experimental Biology. পৃ. 1871–83
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাণীৰ চলন” প্ৰবন্ধৰ সংশোধন ২৬০৪৩৭ (৩১ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।