অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ডাইটিনেটছ উদ্যান

ডাইটিনেটছ উদ্যান ইউক্ৰেইনৰ চেৰ্নিহিভ চহৰত অৱস্থিত এখন উদ্যান। ই কিয়েভান ৰুছ যুগৰ চহৰখনৰ দুৰ্গযুক্ত অঞ্চল ডাইটিনেটছৰ স্থানত অৱস্থিত। ই ডেছনা নদীৰ পাৰত থকা এটা টিলাত অৱস্থিত। উদ্যানখনত বহুতো গীৰ্জা আৰু এটা প্ৰতিৰক্ষা ব্যৱস্থা আছে। দৰ্শনস্থলীত সপ্তদশ শতিকাৰ ঢালাই লোহাৰে নিৰ্মিত ১২টা দুৰ্গৰ বৰটোপ আছে।

হালনাগাদ: ৫ ছেপ্তেম্বৰ ২০২৬ ৮৮১ শব্দ · ৫ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ডাইটিনেটছ উদ্যান ইউক্ৰেইনৰ চেৰ্নিহিভ চহৰত অৱস্থিত এখন উদ্যান। ই কিয়েভান ৰুছ যুগৰ চহৰখনৰ দুৰ্গযুক্ত অঞ্চল ডাইটিনেটছৰ স্থানত অৱস্থিত। ই ডেছনা নদীৰ পাৰত থকা এটা টিলাত অৱস্থিত। উদ্যানখনত বহুতো গীৰ্জা আৰু এটা প্ৰতিৰক্ষা ব্যৱস্থা আছে।১ দৰ্শনস্থলীত সপ্তদশ শতিকাৰ ঢালাই লোহাৰে নিৰ্মিত ১২টা দুৰ্গৰ বৰটোপ আছে। এই বৰটোপসমূহ চহৰখনৰ অন্যতম পৰিচয়চিহ্ন। ডাইটিনেটছ উদ্যানত কেইবাখনো ৰেস্তোৰাঁও আছে।২

উদ্যানখনৰ বিপৰীত ফালে অষ্টাদশ শতিকাৰ আৰম্ভণিতে নিৰ্মিত কেথেৰিন গীৰ্জা অৱস্থিত। পিঁয়াজৰ আকৃতিৰ সোণালী গম্বুজযুক্ত এই গীৰ্জাটো ইউক্ৰেইনীয় বাৰোক স্থাপত্যশৈলীৰ অন্যতম উৎকৃষ্ট নিদৰ্শন।৩

ইতিহাস

অষ্টম শতিকাত ইয়াত এটা অধিক পুৰণি বসতিৰ স্থানত প্ৰথম প্ৰতিৰক্ষা ব্যৱস্থা নিৰ্মাণ কৰা হৈছিল। অতি কম সময়ৰ ভিতৰতে চেৰ্নিহিভ অন্যতম গুৰুত্বপূৰ্ণ চহৰলৈ পৰিণত হৈছিল। ৯০৭ চনত ৰচিত টেল অৱ বাইগন য়েৰত চহৰখনৰ উল্লেখ পোৱা যায়। অলেগ আৰু বাইজেণ্টাইন সাম্ৰাজ্যৰ মাজৰ চুক্তিত ইয়াক কিয়েভৰ পিছত দ্বিতীয় গুৰুত্বপূৰ্ণ চহৰ হিচাপে উল্লেখ কৰা হৈছিল।

ডাইটিনেটছে ভূমিৰ আগফালৰ দক্ষিণ-পশ্চিম অংশৰ প্ৰায় ১১ হেক্টৰ অঞ্চল অধিকাৰ কৰিছিল। ইয়াক কাঠৰ দেৱালযুক্ত মাটিৰ বান্ধ আৰু গভীৰ পৰিখাৰে আগুৰি ৰখা হৈছিল। ইয়াত তিনিটা প্ৰৱেশদ্বাৰ আছিল—ভোডিয়ানা, কিয়েভস্কা আৰু পোহৰিলা দুৱাৰ। ডাইটিনেটছত ৰাজপ্ৰাসাদ, ধনী অভিজাতসকলৰ বৃহৎ বাসগৃহ আৰু চহৰখনৰ মুখ্য গীৰ্জাসমূহ আছিল। ডাইটিনেটছত বৃহৎ পৰিমাণে শিলৰ নিৰ্মাণ কৰা হৈছিল বুলি আজিও সংৰক্ষিত ট্ৰেন্সফিগাৰেচন কেথেড্ৰেল আৰু বৰিছ আৰু গ্লেব কেথেড্ৰেলৰ উপৰি পুৰাতাত্ত্বিক অৱশেষে প্ৰমাণ কৰে। ইয়াৰ ভিতৰত দশম শতিকাৰ ৰাজপ্ৰাসাদৰ অৱশেষো আছে, য'ত দুটা শিলৰ দুমহলীয়া বা তিনিমহলীয়া স্তম্ভযুক্ত গৃহ আছিল। দ্বাদশ শতিকাৰ বিচপৰ চৌহদত শিলৰ দেৱাল আৰু প্ৰৱেশদ্বাৰৰ গীৰ্জা আছিল। পৌত্তলিক আৰু দশম শতিকাৰ পিছত খ্ৰীষ্টান ধৰ্মগুৰুসকলে চহৰখনত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰিছিল। সম্ভৱতঃ ডাইটিনেটছৰ ভিতৰতে এটা পৌত্তলিক মন্দিৰ আছিল। সপ্তদশ শতিকাৰ আৰম্ভণিতে ইয়াত দুটা ৰূপৰ মূৰ্তি উদ্ধাৰ কৰা হৈছিল। ডাইটিনেটছৰ উত্তৰ আৰু পশ্চিমে অকলনি গ্ৰেড অৱস্থিত আছিল। ই চেৰ্নিহিভৰ আটাইতকৈ জনবহুল কাৰিকৰী আৰু বাণিজ্যিক অঞ্চল আছিল। ইয়াৰ আকাৰ কিয়েভৰ ইয়াৰোছ্লাভ চহৰৰ প্ৰায় সমান আছিল। লিষ্টভিৰ যুদ্ধৰ পিছত ইয়াক শক্তিশালী দেৱালেৰে আগুৰি ধৰা হৈছিল আৰু চেৰ্নিহিভ এখন বিশাল ৰাজধানীৰ কেন্দ্ৰ হৈ পৰিছিল। ডাইটিনেটছৰ তলত নদীৰফালে চেৰ্নিহিভৰ এটা বিস্তৃত নিম্নভূমি অঞ্চল আছিল। ইয়াৰ এটা অংশ, সম্ভৱতঃ পুৰণি ঘাটৰ অঞ্চলটো, কাঠৰ গঠনেৰে নিৰ্মিত বান্ধেৰে সুৰক্ষিত কৰা হৈছিল। ডেছনা আৰু ষ্ট্ৰিজেনৰ টেৰেচৰ কাষসমূহ যথেষ্ট ঘনভাৱে বসতিপূৰ্ণ আছিল।

দ্বাদশ শতিকাত ডাইটিনেটছৰ অঞ্চল যথেষ্ট বৃদ্ধি পাই প্ৰায় ১৬ হেক্টৰ হৈছিল। ট্ৰেন্সফিগাৰেচন গীৰ্জাঘৰৰপৰা ৭০ মিটাৰ পূবত থকা পুৰণি পৰিখাটো পুতি পেলোৱা হৈছিল আৰু ডাইটিনেটছ পূব দিশলৈ সম্প্ৰসাৰিত হৈছিল। একে সময়তে অকলনি গ্ৰাডৰ সীমাও পূবলৈ বৃদ্ধি পাইছিল আৰু ইয়াৰ অঞ্চল ৪০ হেক্টৰলৈ বৃদ্ধি পাইছিল। পশ্চিম দিশত ডাইটিনেটছৰ সৈতে ট্ৰেটিয়াক সংলগ্ন আছিল। ই আছিল অকলনি গ্ৰাডৰ ২০ হেক্টৰ অঞ্চলজোৰা এটা স্বতন্ত্ৰ দুৰ্গযুক্ত অংশ। অকলনি দুৰ্গৰ উত্তৰ আৰু পশ্চিমত এখন বিশাল পিসগোৰোডৰ আছিল। ইয়াক কাঠৰ বেৰা, মাটিৰ বান্ধ আৰু পৰিখাৰে সুৰক্ষিত কৰা হৈছিল।

১২৩৯ চনৰ অক্টোবৰ মাহত খান মেংগুৰ সৈন্যই চহৰখন জ্বলাই দিছিল। চতুৰ্দশ শতিকাত লিথুৱানিয়াৰ মহান ৰাজকুমাৰ ভিটাউটাছে চহৰখনৰ প্ৰতিৰক্ষা ব্যৱস্থা শক্তিশালী কৰিছিল। ১৪৮২ আৰু ১৪৯৭ চনত ক্ৰিমিয়ান খানাতেৰ আক্ৰমণত চহৰখন যথেষ্ট ক্ষতিগ্ৰস্ত হৈছিল।

১৫০০ চনত ছেৱেৰিয়াৰ ভূমিৰ সৈতে চেৰ্নিহিভ মস্কোৰ মহান ৰাজধানীৰ অধীনলৈ যায়। ষোড়শ শতিকাত চহৰখন বাৰে বাৰে লিথুৱানিয়া-পোলেণ্ডৰ আক্ৰমণৰ লক্ষ্য হৈছিল যদিও সকলো আক্ৰমণ প্ৰতিহত কৰা হৈছিল। পুৰণি প্ৰতিৰক্ষা ব্যৱস্থাসমূহ জীৰ্ণ হৈ পৰাত ১৫৩১ চনত ভাছিলি তৃতীয়ৰ নিৰ্দেশত ডেছনাৰ দিশলৈ ওলাই থকা ভূমিৰ আগভাগত নতুন কাঠৰ ক্ৰেমলিন নিৰ্মাণ সম্পূৰ্ণ কৰা হয়। ইয়াত পাঁচটা ওখ মিনাৰ, এটা গভীৰ পৰিখা আৰু ষ্ট্ৰিজেন নদীলৈ যোৱা এটা ভূ-গৰ্ভস্থ পথ আছিল। দুৰ্গখনত ২৭টা কামান আছিল আৰু ইয়াৰ সৈন্যসংখ্যা প্ৰায় ১,০০০ জন আছিল। তিনি বছৰৰ পাছত দুৰ্গখনে লিথুৱানিয়াৰ অৱৰোধ সফলভাৱে প্ৰতিহত কৰে। লিভোনিয়ান যুদ্ধৰ সময়ত হোৱা কেইবাটাও অৱৰোধৰ পিছত ক্ষতিগ্ৰস্ত চেৰ্নিহিভ ডাইটিনেটছক ১৫৮৪–১৫৯২ চনত পুনৰ নিৰ্মাণ আৰু শক্তিশালী কৰা হয়। উত্তৰৰ পোহোৰিলা পথটো মুখ্য পথত পৰিণত হয়। এই পথৰ কাষে কাষে প্ৰশাসনিক গৃহ, বেৰেক আৰু এটা গোলাবাৰুদ চোতাল নিৰ্মাণ কৰা হৈছিল।

‘অশান্তিৰ সময়’ত ১৬১১ চনত চেৰ্নিহিভে পোলেণ্ডৰ আক্ৰমণৰ ফলত ব্যাপক ধ্বংসৰ সন্মুখীন হয়। কিয়েভৰ উপ-সমিতিৰ ছামুৱেল আৰ্মাইনাৰ নেতৃত্বত অহা সৈন্যদলে কৌশলেৰে চহৰখনত প্ৰৱেশ কৰি সম্পূৰ্ণৰূপে জ্বলাই দিয়ে।

খমেলনিটস্কি বিদ্ৰোহ আৰু ৰুছ-পোলেণ্ড যুদ্ধৰ পিছত চেৰ্নিহিভ দুৰ্গখন একে সময়তে দুৰ্গৰ গুৰুত্ব বজাই ৰাখি চেৰ্নিহিভ ৰেজিমেণ্টৰ প্ৰশাসনিক আৰু ৰাজনৈতিক কেন্দ্ৰত পৰিণত হয়। সপ্তদশ শতিকাত ইয়াত কৰ্ণেল ইয়াকভ লিজোগুবৰ ঘৰ নিৰ্মাণ কৰা হৈছিল।

অষ্টাদশ শতিকাত ডাইটিনেটছত নতুন নতুন গৃহ নিৰ্মাণ কৰা হৈছিল। গঠনটোৰ মুখ্য অংশ আছিল ঘণ্টাঘৰযুক্ত চেৰ্নিহিভ কলেজিয়াম। ১৭৯৯ চনত দুৰ্গখন বিলুপ্ত কৰা হয়। চেৰ্নিহিভৰ নতুন নগৰ পৰিকল্পনা অনুসৰি ঊনবিংশ শতিকাৰ আৰম্ভণিতে দুৰ্গৰ মাটিৰ বান্ধসমূহ আংশিকভাৱে খান্দি পেলোৱা হয়। ইয়াৰ ঠাইত এটা পথৰ কাষৰ উদ্যান নিৰ্মাণ কৰা হয়। ১৮৪৫ চনৰ পিছত ডাইটিনেটছ আৰু চেৰ্নিহিভ দুৰ্গৰ স্থানত ভাল নামেৰে এখন উদ্যান স্থাপন কৰা হয়। ইয়াত দুটা চতুৰ্ভুজ সৃষ্টি কৰা হৈছিল—জিমনেছিয়াম আৰু কেথেড্ৰেল।

১৯৬৪ চনৰপৰা উদ্যানখনৰ আধুনিক নাম এম. কটচিউবিনস্কিৰ নামেৰে নামকৰণ কৰা কেন্দ্ৰীয় সংস্কৃতি আৰু বিনোদন উদ্যান হিচাপে গ্ৰহণ কৰা হয়। ইয়াৰ অঞ্চলত থকা স্মৃতিসৌধসমূহ ৰাষ্ট্ৰীয় চেৰ্নিহিভ প্ৰাচীন স্থাপত্য আৰু ঐতিহাসিক সংৰক্ষিত অঞ্চলৰ অংশ হৈ পৰে। উদ্যানখনৰ অন্যতম মুখ্য আকৰ্ষণ হৈছে চেৰ্নিহিভ দুৰ্গৰ দুৰ্গসমূহৰপৰা অনা কামানসমূহ। কিংবদন্তি অনুসৰি এই কামানসমূহ পিটাৰ প্ৰথমে চহৰখনক দান কৰিছিল। মুঠতে ইয়াত ১২টা বৰটোপ আছে।

স্মৃতিসৌধ

  • ট্ৰেন্সফিগাৰেচন কেথেড্ৰেল, চেৰ্নিহিভ হৈছে চেৰ্নিহিভৰ প্ৰথম ইটাৰে নিৰ্মিত গীৰ্জা আৰু কিয়েভান ৰুছৰ অন্যতম প্ৰথম গীৰ্জা।
  • বৰিছ এণ্ড গ্লেব কেথেড্ৰেল, চেৰ্নিহিভ — চেৰ্নিহিভৰ ৰাজকুমাৰ ডেভিড স্ব্যাতোস্লাভোভিচৰ শাসনকালত নিৰ্মিত ইটাৰে গঢ়া গীৰ্জা।
  • মাজেপাৰ ঘৰ বা লিজোহুবৰ ঘৰ পিছলৈ ৰেজিমেণ্টৰ কাৰ্যালয়ৰ ঘৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল।
  • চেৰ্নিহিভ কলেজিয়াম হৈছে ইউক্ৰেইনৰ বাওঁপাৰৰ প্ৰথম উচ্চ শিক্ষানুষ্ঠান।
  • চেৰ্নিহিভ পুৰুষ জিমনেছিয়ামৰ গৃহ ১৮০৪ চনত নিৰ্মাণ কৰা হৈছিল। ই চেৰ্নিহিভ চহৰৰ অন্যতম প্ৰথম শিক্ষানুষ্ঠান আছিল।
  • চেৰ্নিহিভ মহিলা জিমনেছিয়ামৰ গৃহটো বৰ্তমান চেৰ্নিহিভ আঞ্চলিক কলা সংগ্ৰহালয়।৪৫
  • ঢালাই লোহাৰে নিৰ্মিত দুৰ্গৰ বৰটোপ — মুঠ ১২টা, অষ্টাদশ শতিকাত নিৰ্মিত।
  • আৰ্চবিচপৰ গৃহটো চহৰখনত ধ্ৰুপদী স্থাপত্যশৈলীত নিৰ্মিত প্ৰথম গৃহ। বৰ্তমান ইয়াত আঞ্চলিক ৰাজ্যিক অভিলেখাগাৰ আছে।
  • তাৰাছ শ্বেভচেংকোৰ স্মৃতিসৌধ।
  • ইভান মাজেপাৰ স্মৃতিসৌধ — চহৰখনত ইভান মাজেপাৰ নামত নিৰ্মাণ কৰা প্ৰথম স্মৃতিসৌধ। ২০০৯ চনৰ আগষ্ট মাহত ভাস্কৰ্যশিল্পী গেনাডি জেৰশ্বভে ইয়াক নিৰ্মাণ কৰিছিল।৬
  • "ইউক্ৰেইনৰ স্বাধীনতাৰ বাবে যুঁজ দিয়া লোকসকলৰ প্ৰতি" স্মৃতিফলকটো ১৯৯২ চনৰ অক্টোবৰ মাহত স্থাপন কৰা হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Dytynets Park. www.ukrainetrek.com
  2. ↑ ЧЕРНІГІВСЬКИЙ ДИТИНЕЦЬ (ВАЛ). www.oldchernihiv.com
  3. ↑ The Best Things to See and Do in Chernihiv. www.theculturetrip.com
  4. ↑ Chernihiv Regional Art Museum
  5. ↑ Chernihiv Regional Art Museum
  6. ↑ У Чернігові відкрили перший в Україні пам'ятник Мазепі // повідомл. за 22 August 2009 року на www.newsru.ua («Новини України і світу»)

সম্পৰ্কিত শ্ৰেণী

ইউক্ৰেইন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডাইটিনেটছ উদ্যান” প্ৰবন্ধৰ সংশোধন ৬৩৪৩৩৮ (৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।