অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

দীঘলতী

দীঘলতী বা দীঘলতি ল'ৰেচি পৰিয়ালৰ এবিধ মজলীয়া আকাৰৰ বনৰীয়া গছ।ই এবিধ বহুবৰ্ষজীৱী, গুল্মজাতীয় উদ্ভিদ। অসম আৰু ইয়াৰ ওচৰ-পাঁজৰৰ কিছু অঞ্চলত এই গছ পোৱা যায়। অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুৰ সময়ত গৰু ধুওৱাৰ বাবে এই গছৰ সৰু ডালেৰে কোবাই গৰু ধুওৱাটো এক পৰম্পৰা।

হালনাগাদ: ১৪ নৱেম্বৰ ২০২৪ ১৭৩ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

দীঘলতী বা দীঘলতি ল'ৰেচি পৰিয়ালৰ এবিধ মজলীয়া আকাৰৰ বনৰীয়া গছ।১২ই এবিধ বহুবৰ্ষজীৱী, গুল্মজাতীয় উদ্ভিদ। অসম আৰু ইয়াৰ ওচৰ-পাঁজৰৰ কিছু অঞ্চলত এই গছ পোৱা যায়। অসমৰ জাতীয় উৎসৱ ব'হাগ বিহুৰ সময়ত গৰু ধুওৱাৰ বাবে এই গছৰ সৰু ডালেৰে কোবাই গৰু ধুওৱাটো এক পৰম্পৰা। ৩ অসমৰ বিভিন্ন বনাঞ্চলত এই উদ্ভিদ বিস্তৃত হৈ আছে। অসমৰ ব'হাগ বিহুত এই উদ্ভিদে এক গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে।

বৰ্ণনা

দীঘলতী এজোপা বহুবৰ্ষজীৱী বৃক্ষসদৃশ গছ। গছজোপা জোপোহাতকৈ কিছু ডাঙৰ কিন্তু জোপোহাতকৈ চাপৰ। গা-গছ বা ডালবোৰ কিছু দুৰ্বল আৰু লেহুকা। পাতবোৰ দীঘলীয়া হোৱা বাবেই ইয়াৰ নাম দীঘলতী হোৱা বুলি স্থানীয় লোকসকলে ভাবে। গছজোপাৰ পাত পক্ষল; মাখিপাত যুৰীয়া, দীঘলীয়া লেঞ্চ আকৃতিৰ৩ আৰু সামান্য বহল। এই উদ্ভিদৰ প্ৰধান গা-গছ আৰু ঠাল-ঠেঙুলিবিলাকৰ বাকলিৰ বৰণ মদৰুৱা।১

ইয়াৰ বৈজ্ঞানিক নাম Litsea salicifolioa (Syn Tetranthera lanceifolia Roxb.)। ই Lauraceae পৰিয়ালৰ অন্তৰ্গত।৪

ঔষধি গুণ

  1. এই গছৰ পাতৰ ৰস চৰ্মৰোগত উপযোগী। ৩
  2. গ্ৰহণী (Chronic dysentery)ৰ বাবে দীঘলতীৰ পাতৰ ৰস, ডালিমৰ পাত আৰু দুধমৌৰ পাতৰ মিশ্ৰণৰ ক্কাথ সেৱন কৰিব লাগে। ৩
  3. এন্দুৰীয়া ঘাঁ‌ৰ (Curbuncle) বাবে এই গছৰ ৰস গাখীৰৰ লগত মিহলাই লগাব লাগে। ৩
  4. প্ৰসৱ বেদনা কিছু পৰিমাণে প্ৰশমনৰ বাবে দীঘলতীৰ শিপাৰ ৰস উপযোগী। ৩
  5. কাহ-জ্বৰৰ বাবে এই গছৰ ছাল, পিপ্‌লি, জালুক আৰু কঁ‌ঠাল গছৰ শিপাৰ লগত খালে উপশম পোৱা যায়। ৩
  6. দীঘলতি গছৰ বাকলি হাপানী বা এজমাৰ উপশমৰ বাবেও ব্যৱহাৰ কৰা হয়।২৫

আন উপযোগিতা

  1. দীঘলতীত থকা কিছুমান জৈৱ – ৰাসায়নিক দ্ৰব্যৰ পতংগ বিতাড়ন ক্ষমতা আছে। গতিকে দীঘলতীক অনিষ্টকাৰী পতংগ-পতংগ আঁতৰাই ৰাখিবৰ বাবে ব্যৱহাৰ কৰিব পাৰি। ৩
  2. মুগা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা) পলুৱে ইয়াৰ পাত খাই জীয়াই থাকিব পাৰে।৩

ৰঙালী বিহু আৰু দীঘলতী

অসমৰ জাতীয় উৎসৱ ব'হাগ বিহুৰ প্ৰথম দিনা অৰ্থাৎ গৰু বিহুৰ দিনাখন দীঘলতী আৰু মাখিয়তী পাতেৰে কোবাই গৰু ধুওৱাটো এটা পৰম্পৰা। তদুপৰি সন্ধিয়া গোহালিত দীঘলতীৰে জাগ দিয়া হয়। ই পোহনীয়া জীৱ-জন্তুক ম’হ, মাখি, দাঁ‌হ আদি পতংগৰপৰা আঁতৰাই ৰখাত সহায় কৰে। ৩

তথ্যসূত্ৰ

  1. ↑ 'অসমৰ উদ্ভিদ কোষ'- ফটিক চন্দ্ৰ গগৈ; অসম প্ৰকাশন পৰিষদ, প্ৰথম প্ৰকাশ: ডিছেম্বৰ ২০০৭
  2. ↑ আৰ্কাইভ কপি
  3. ↑ প্ৰকৃতি কোলাৰ ঔষধি দীঘলতী: কবীন্দ্ৰ নাথ দাস, সঞ্জীৱনী, দৈনিক অসম, ১২ জুন, ২০১২
  4. ↑ Litsea salicifolia (Nees) Hook. fil.. India Biodiversity Portal
  5. ↑ Assamplants.com

সম্পৰ্কিত শ্ৰেণী

গুল্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দীঘলতী” প্ৰবন্ধৰ সংশোধন ৪৪৪৭২৩ (১৪ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।