অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বৰাইল অভয়াৰণ্য

বৰাইল অভয়াৰণ্য (Borail Wildlife Sanctuary) অসমৰ কাছাৰ জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই মূলত কাছাৰ জিলাৰ দুখন সংৰক্ষিত বনাঞ্চল ক্ৰমে উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল আৰু বৰাইল সংৰক্ষিত বনাঞ্চল লগ হৈ গঠিত হৈছে।

হালনাগাদ: ১৭ জুন ২০২৫ ১৬৫ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

বৰাইল অভয়াৰণ্য (Borail Wildlife Sanctuary) অসমৰ কাছাৰ জিলা জিলাত অৱস্থিত এখন বন্যপ্ৰাণী অভয়াৰণ্য। ই মূলত কাছাৰ জিলাৰ দুখন সংৰক্ষিত বনাঞ্চল ক্ৰমে উত্তৰ কাছাৰ সংৰক্ষিত বনাঞ্চল আৰু বৰাইল সংৰক্ষিত বনাঞ্চল লগ হৈ গঠিত হৈছে।১

ভৌগিলিক বিৱৰণ

কাছাৰ জিলাৰ শিলচৰ মহকুমাৰ অন্তৰ্গত বৰাইল অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৩২৬.২৪ বৰ্গকিলোমিটাৰ।২ কৰিমগঞ্জ আৰু কাছাৰৰ বন সংমণ্ডলৰ অন্তৰ্গত এই বনাঞ্চল মূলতঃ পাৰ্বত্য অঞ্চলেৰে গঠিত। কিছু কিছু অংশ সাগৰ পৃষ্ঠৰ পৰা প্ৰায় ১৫০০ মিটাৰ উচ্চতাত অৱস্থিত।১ শিলচৰ আৰু কৰিমগঞ্জৰ পৰা ইয়াৰ দুৰত্ব ৪০ কিঃমিঃ।২ ২০০৪ চনত অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰা বৰাইল অভয়াৰণ্য অসমৰ ভিতৰত আটাইতকৈ উচ্চ অঞ্চলত অৱস্থিত অভয়াৰণ্য।

জৈৱবৈচিত্ৰ্য

বাহ্যিক সংযোগ

বৰাইল বন্যপ্ৰাণী অভয়াৰণ্য ইতিহাস

তথ্যসূত্ৰ

  1. ↑ Borail Wildlife Sancturary. enajori.com
  2. ↑ Borail Wildlife Sanctuaries. AMTRON. Department of Environment and Forests, Govt. of Assam

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰাইল অভয়াৰণ্য” প্ৰবন্ধৰ সংশোধন ৫১৮৬৭১ (১৭ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।