বৰশৰালি (Fulvous Whistling Duck, বৈজ্ঞানিক নাম: Dendrocygna bicolor) এবিধ হাঁহৰ প্ৰজাতি৷ ই দেখাত একেধৰণৰ শৰালি হাঁহৰ প্ৰজাতিতকৈ আকাৰত কিছু ডাঙৰ হয়৷ তাৰোপৰি দুয়োটা প্ৰজাতিৰ মাজত কিছু গঠনগত পাৰ্থক্যও দেখা পোৱা যায়৷
বিৱৰণ
বৰশৰালিৰ দেহৰ দৈৰ্ঘ্য ৪৮-৫৩ ছৈ:মি:৷ ইয়াৰ ঠোঁট দীঘল আৰু মুগা বৰণৰ, মূৰ দীঘল আৰু ডেউকা গাঢ় মুগা বৰণৰ হয়৷ ইয়াৰ নেজ আৰু ডেউকাৰ অংশবিশেষ ৰঙচুৱা (chestnut) আৰু নেজৰ ওপৰভাগত বগা আঁচ দেখা যায়৷ পূৰ্ণবয়স্ক দীঘলনেজী হাঁহৰ মতা-মাইকী উভয়ৰে এটা ৰঙা-মটিয়া (rufous-brown) বৰণৰ মুকুট (crown) থকা দেখা যায়৷
মতা-মাইকীৰ বাহ্যিক গঠন একে হয়৷ কেৱল পোৱালি অৱস্থাত নেজ আৰু দেহৰ বৰণ শেঁতা হৈ থাকে৷
বিতৰণ
বৰশৰালি প্ৰধানকৈ স্থানীয় চৰাইৰ প্ৰজাতি৷ ই প্ৰধানকৈ বিশ্বৰ ক্ৰান্তীয় (tropical) অঞ্চলসমূহত প্ৰজনন কৰে৷ ইয়াক কেন্দ্ৰীয় আমেৰিকা যুক্তৰাষ্ট্ৰ, দক্ষিণ আমেৰিকা যুক্তৰাষ্ট্ৰ, আফ্ৰিকা, ভাৰত উপমহাদেশ আদি অঞ্চলত সাধাৰণতে দেখা পোৱা যায়৷
বাসস্থান
বৰশৰালিয়ে ঘাইকৈ হ্ৰদ, ধাননি, জলচৰ উদ্ভিদেৰে পূৰ্ণ নদীবান্ধ আদিত চৰে৷ ই ধাননি পথাৰত বাহ সাজে৷
আচৰণ
বৰশৰালিয়ে নিশাৰ ভাগত ধান, গুটি বা অন্যান্য উদ্ভিদৰ সন্ধান কৰে৷
এই প্ৰজাতিটোৱে গছৰ ডালিৰে বাহ সাজে৷ এবাৰত ই ১২-১৩ টাকৈ কণী পাৰে৷ মতা-মাইকী উভয়ে উমনি দিয়ে আৰু পোৱালিৰ যত্ন লয়৷
বৰশৰালিয়ে বৃহৎ গোটত বাস কৰে৷ ই এবিধ হুলস্থুলীয়া হাঁহৰ প্ৰজাতি বুলি খ্যাত৷ ইয়াৰ মাতটো কিই-উইই-উউউ ধৰণৰ৷
তথ্যসূত্ৰ
- Wildfowl by Madge and Burn, ISBN 0-7470-2201-1
- Birds of Venezuela by Hilty, ISBN 0-7136-6418-5
- Birds of The Gambia by Barlow, Wacher and Disley, ISBN 1-873403-32-1
- Birds of India by Grimmett, Inskipp and Inskipp, ISBN 0-691-04910-6
বাহ্যিক সংযোগ
- Fulvous Whistling Duck at USGS
- Fulvous Whistling-duck videos at the Internet Bird Collection
- Species text in The Atlas of Southern African Birds.
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰশৰালি” প্ৰবন্ধৰ সংশোধন ৫৪০৭১০ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।