নৰা বগৰী (plum, বৈজ্ঞানিক নামকৰণ পদ্ধতি: Prunus domestica) ৰোজাচিয়া পৰিয়ালৰ এবিধ পৰ্ণপাতী, সপুষ্পক উদ্ভিদ। একেই প্ৰুনাছ (Prunus) গণৰ আহোম বগৰী নামৰ এবিধ ফলো অসমত পোৱা যায়। গ্ৰীনগাগেছ (greengages) আৰু ডেমছনছ (damsons) নামৰ উদ্ভিদো নৰা বগৰীৰ উপপ্ৰজাতিৰ অন্তৰ্গত। নৰা বগৰী ইংৰাজীত প্লাম (Plum) নামৰ গোটত অন্তৰ্গত য'ত নৰা বগৰী উপৰিও অইন কিছু প্ৰজাতিও সামৰি লোৱা হয়।
বিৱৰণ

নৰা বগৰী সাধাৰণতে এজোপা ডাঙৰ গুল্মজাতীয় উদ্ভিদ। এই উদ্ভিদ কিছু কাঁইটীয়া হ’ব পাৰে। বসন্তৰ আৰম্ভণিতে এই উদ্ভিদ ফুল ফুলে। ইয়াৰ ফুলৰ বৰণ বগা। ফলৰ আকৃতি অণ্ডাকাৰ বা গোলাকাৰ আৰু ফলৰ আকাৰ ৮ চেণ্টিমিটাৰ (৩ ইঞ্চি) পৰ্যন্ত হ’ব পাৰে। সাধাৰণতে ইয়াৰ ফলত মিঠা মঙহাল অংশ থাকে,১ কিন্তু কিছুমান জাত টেঙা। এই জাতিৰ সকলো ফলৰ দৰে নৰা বগৰীৰো এটা ডাঙৰ বীজ থাকে, যিটো সাধাৰণতে খোৱাৰ সময়ত পেলাই দিয়া হয়।
শ্ৰেণী বিভাজন
উপ প্ৰজাতি
কুলেন (Cullen) আৰু তেওঁৰ সংগীসকলে (১৯৯৫) নৰা বগৰীৰ তিনিটা উপ প্ৰজাতি চিনাক্ত কৰিছিল।২ ইয়াৰ কিছুমান উপ প্ৰজাতি হৈছে:
| * P. domestica ssp. domestica * P. domestica ssp. insititia * P. domestica ssp. intermedia * P. domestica ssp. italica * P. domestica ssp. pomariorum * P. domestica ssp. prisca * P. domestica ssp. syriaca |
নৰা বগৰীৰ এই উপ প্ৰজাতিসমূহৰ মাজত সহজে সংকৰণ ঘটিব পাৰে, সেয়ে এই উদ্ভিদৰ বহুতো মধ্যৱৰ্তী প্ৰকাৰ পোৱা যায়: এই ফলসমূহ অধিক বা কম মিঠা নাইবা টেঙা হ’ব পাৰে, ফলৰ বৰণ নীল-বেঙুনীয়াৰ পৰা ৰঙা, কমলা বা পাতল সেউজীয়া হ’ব পাৰে।
জাত
নৰা বগৰীৰ বিভিন্ন জাত পোৱা যায় – ইম্পেৰিয়েল গেজ (Imperial Gage), ডেমচন (Damson), লম্বাৰ্ড (Lombard), মেয়নাৰ্ড (Maynard) আৰু য়েল্ল এগ (Yellow Egg) আদি। বাগিচাত ৰোপন কৰিবৰ বাবে অসংখ্য জাত বাছনি কৰা হৈছে। তলত উল্লেখ কৰা জাতবোৰে ৰয়েল হৰ্টিকালচাৰেল ছ’চাইটিৰ (Royal Horticultural Society) এৱাৰ্ড অৱ গাৰ্ডেন মেৰিট (Award of Garden Merit) বঁটা লাভ কৰিছে:
| * ব্ৰু ৰক (Blue Rock)৩ * ব্লু টিট (Blue Tit)৪ * চিজাৰ (Czar)৫ * ইম্পেৰিয়েল গেজ (Imperial Gage)৬ | * জেফাৰছন (Jefferson)৭ * লেক্লটনছ ডিলাইট (Laxton's Delight)৮ * মালাৰ্ড (Mallard)৯ * মাৰজৰিছ ছিডলিং (Marjory's Seedling)১০ | * অপাল (Opal)১১ * অউলিনছ গেজ (Oullins Gage)১২ * পাৰছোৰ (Pershore)১৩ * ভিক্টোৰিয়া (Victoria)১৪ |
ব্যৱহাৰ
নৰা বগৰী এবিধ খোৱাৰ উপযোগী ফল।১৫ ইয়াৰ সোৱাদ সাধাৰণতে মিঠা, যদিও কিছুমান জাত টেঙা আৰু ৰুচিকৰ কৰিবলৈ চেনি মিহলাই খোৱা হয়।
ফলৰ বাগিচাত ব্যৱসায়িকভাৱে নৰা বগৰীৰ খেতি কৰা হয় যদিও আধুনিক যুগত উন্নত স্ব-উৰ্বৰ প্ৰজাতি, প্ৰশিক্ষণ আৰু বৈজ্ঞানিক পদ্ধতি প্ৰয়োগ কৰি তুলনামূলকভাৱে কম ঠাইত অধিক উৎপাদন কৰিব পৰাকৈ নৰা বগৰীৰ খেতি কৰিব পৰা যায়। এই উদ্ভিদত আগতীয়াকৈ ফুল ফুলা আৰু ফল ধৰাৰ অৰ্থ হ'ল এনে উদ্ভিদক হিম আৰু ঠাণ্ডা বতাহৰ পৰা আঁতৰত ছাঁযুক্ত ঠাইৰ প্ৰয়োজন হয়।১
বেছিভাগ ‘প্ৰুন’ (prune; শুকান বগৰী) এই প্ৰজাতিৰ ফলৰ পৰা তৈয়াৰ কৰা হয়।
তথ্যসূত্ৰ
- ↑ Klein, Carol. (2009). Grow Your Own Fruit. Mitchell Beazley. পৃ. 96–97. ISBN 978-1-84533-4345
- ↑ Cullen, J. et al. (1995). The European Garden Flora. Volume IV. Cambridge University Press, Cambridge
- ↑ RHS Plant Selector – Prunus domestica 'Blue Rock'
- ↑ RHS Plant Selector – Prunus domestica 'Blue Tit'
- ↑ RHS Plant Selector – Prunus domestica 'Czar'
- ↑ RHS Plant Selector – Prunus domestica 'Imperial Gage'
- ↑ RHS Plant Selector – Prunus domestica 'Jefferson'
- ↑ RHS Plant Selector – Prunus domestica 'Laxton's Delight'
- ↑ RHS Plant Selector – Prunus domestica 'Mallard'
- ↑ RHS Plant Selector – Prunus domestica 'Marjory's Seedling'
- ↑ RHS Plant Selector – Prunus domestica 'Opal'
- ↑ RHS Plant Selector – Prunus domestica 'Oullins Gage'
- ↑ RHS Plant Selector – Prunus domestica 'Pershore'
- ↑ RHS Plant Selector – Prunus domestica 'Victoria'
- ↑ Little, Elbert L. (1980). The Audubon Society Field Guide to North American Trees: Eastern Region. Knopf. পৃ. 498. ISBN 0-394-50760-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নৰা বগৰী” প্ৰবন্ধৰ সংশোধন ৬৩১৯৭১ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।