অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

পানীডাউক

পানীডাউক (Common Moorhen, বৈজ্ঞানিক নাম-Gallinula chloropus) 'Rallidae' গোটৰ অন্তৰ্ভুক্ত আৰু বহুলভাৱে বিস্তৃত এবিধ চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে জলজ উদ্ভিদেৰে পৰিপূৰ্ণ পুখুৰী আৰু অন্যান্য জলাশয়ত চৰি থকা দেখা যায়।

হালনাগাদ: ৩০ ছেপ্তেম্বৰ ২০২৫ ৩০৮ শব্দ · ২ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

পানীডাউক (Common Moorhen, বৈজ্ঞানিক নাম-Gallinula chloropus) 'Rallidae' গোটৰ অন্তৰ্ভুক্ত আৰু বহুলভাৱে বিস্তৃত এবিধ চৰাইৰ প্ৰজাতি। ইয়াক সাধাৰণতে জলজ উদ্ভিদেৰে পৰিপূৰ্ণ পুখুৰী আৰু অন্যান্য জলাশয়ত চৰি থকা দেখা যায়।

বিৱৰণ

পানীডাউকৰ ঠেঙ
পানীডাউকৰ ঠেঙছবি: Mehmet Karatay · CC BY-SA 3.0

পানীডাউকৰ দেহটো গাঢ় ৰঙৰ, ঠেং হালধীয়া আৰু মুখত ৰঙা দাগ থাকে। পোৱালিবোৰ সাধাৰণতে মটিয়া ৰঙৰ হয়।১ এটা পূণবয়স্ক পানীডাউকৰ দেহৰ দৈৰ্ঘ্য ৫০-৬২ ছে: মি: আৰু ওজন ১৯২-৫০০ গ্ৰাম পৰ্যন্ত হ'ব পাৰে।২৩

বিতৰণ

পানীডাউক সাধাৰণতে কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপআৰু এছিয়া ত দেখা পোৱা যায়।

বাসস্থান

পানীডাউকে জলজ উদ্ভিদেৰে পৰিপূৰ্ণ জলাশয় আদিত চৰিবলৈ পছন্দ কৰে।

টেক্স'নমি

পানীডাউকৰ কেইবাবিধো উপ-প্ৰজাতি দেখিবলৈ পোৱা যায়। ইয়াৰ ভিতৰত প্ৰধান উপ-প্ৰজাতিসমূহ হ'ল-

আচৰণ

খাদ্য

পানী ডাউকে বিভিন্ন ধৰণৰ খাদ্য আহাৰ হিচাপে গ্ৰহণ কৰে। ই প্ৰধানকৈ উদ্ভিদৰ বিভিন্ন অংশ আৰু জলজ প্ৰাণীসমূহ খায়।

প্ৰজনন

পানী ডাউকৰ বাহটো ঘন অৰণ্যত মাটিত সাজে। মাৰ্চৰ পৰা মেৰ ভিতৰত ই কণী পাৰিবলৈ লয়। এবাৰত ৮টা মানকৈ কণী পাৰে। মতা-মাইকী উভয়ে পোৱালিৰ যত্ন লয়।৪১

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Snow, David W.; Perrins, Christopher M.; Doherty, Paul. (1998). The Complete Birds of the Western Palaearctic on CD-ROM. Oxford University Press. ISBN 0-19-268579-1
  2. ↑ Common moorhen videos, photos and facts – Gallinula chloropus . ARKive. Retrieved on 2013-02-25
  3. ↑ Common Gallinule, Life History, All About Birds – Cornell Lab of Ornithology. Allaboutbirds.org. Retrieved on 2013-02-25
  4. ↑ Mann, Clive F. (1991). Sunda Frogmouth Batrachostomus cornutus carrying its young. Forktail. পৃ. 77–78

সম্পৰ্কিত শ্ৰেণী

ডাউকজীৱবিজ্ঞানঅসমৰ চৰাই

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পানীডাউক” প্ৰবন্ধৰ সংশোধন ৫৪০৫৮৪ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।