__NOTOC__
বটা চৰাই (Common Quail), বৈজ্ঞানিক নাম- Coturnix coturnix) Phasianidae পৰিয়ালৰ অন্তৰ্গত এটা সৰু আকাৰৰ চৰাই৷ ই বহুলভাৱে বিস্তৃত আৰু ইউৰোপৰ বিভিন্ন অংশত ইয়াক দেখিবলৈ পোৱা যায়৷
বিৱৰণ
বতা চৰাই আকাৰত সৰু৷ ইয়াৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৭ ছৈ: মি:৷ চকুৰ ওপৰ অংশত বগা আঁচ থাকে৷ মতা বতা চৰাইৰ গালত বগা দাগ থাকে যাৰ সহায়ত ইয়াক মাইকীজনীৰ পৰা পৃথক কৰিব পাৰি৷ পৰিভ্ৰমণৰ উপযোগীকৈ ইয়াৰ ডেউকা দীঘল৷
টেক্সন'মি
বতা চৰাইক পোন-প্ৰথমে লিনিয়াছে ১৭৫৮ চনত তেওঁৰ Systema naturae নামৰ গ্ৰন্থখনত উল্লেখ কৰিছিল আৰু বৈজ্ঞানিক নাম Tetrao coturnix ৰে ইয়াক অভিহিত কৰিছিল৷ ১৷ পৰৱৰ্ত্তী কালত ইয়াৰ অন্য কেইবাটাও উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে৷ এইবোৰ হ'ল-
- C. c. coturnix-আফ্ৰিকা আৰু ভাৰতত পোৱা যায়
- C. c. africana-আফ্ৰিকা,
- C. c. erlangeri - ইথিঅ'পিয়া
- C. c. inopinata
- C. c. conturbans ইত্যাদি৷
আচৰণ
বতা চৰাই এবিধ স্থলচৰ চৰাইৰ প্ৰজাতি৷ ই প্ৰধানকৈ গছৰ গুটি আৰু মাটিৰ পোক-পৰুৱা আদি খাই জীয়াই থাকে৷ খেতিৰ মাজত লুকাই থাকে বাবে ইয়াক দেখা পোৱা অত্যন্ত কঠিন হয়৷ আনকি খেদিলেও ই ভয় খাই উৰি যোৱাৰ সলনি পিছহুহুকি পলাইহে যায়৷ ইয়াৰ ষ্পষ্ট মাতটোৱেহে কোনো ঠাইত বতা চৰাইৰ অৱস্থিতিৰ বিষয়ে ক'ব পাৰে৷ বিশেষকৈ মতা চৰায়ে ৰাতিপুৱা আৰু গধুলিৰ ভাগত বাৰে বাৰে "wet-my-lips" বুলি মতা যেন শুনা যায়৷ ই বিশেষকৈ পৰিভ্ৰমণকাৰী চৰাই৷
বতা চৰায়ে ইউৰোপ আৰু এছিয়াৰ মুকলি পথাৰ আৰু ঘাঁহনি অঞ্চলত কণী পাৰে৷ ই মাটিত বাঁহ সাজে আৰু এবাৰত প্ৰায় ৬-১২ টাকৈ কণী পাৰিব পাৰে৷ ১৬-১৮ দিনৰ ভিতৰত কণী ফুটি পোৱালী জগে৷
ব্যৱহাৰ
বাইবেলৰ কাহিনী অনুযায়ী ভ্ৰমণকাৰী ইজৰেলাইটছ (Israelite) সকলে ঈশ্বৰক মাংসৰ বাবে অনুৰোধ কৰে আৰু ভগৱানে তেওঁলোকক পৰিভ্ৰমণকাৰী বতা চৰাইৰ এটা বৃহৎ জাক প্ৰদান কৰে৷ বৰ্তমান কালতো খাদ্যৰ বাবে বতা চৰাইৰ চিকাৰ কৰা হয়৷ শেহতীয়া ভাৱে এই চৰাইবিধৰ ইউৰোপ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰজননৰ সফলতাৰ বাবে দ্ৰুত বৃদ্ধি দেখা গৈছে৷
বাহ্যিক সংযোগ
- Common Quail - Species text in The Atlas of Southern African Birds
- Oiseaux Photos
- Coturnix "Common" Quail Breeding
- Keeping And Breeding Common Quail Keeping And Breeding Common Quail
- Identification guide (PDF) by Javier Blasco-Zumeta
তথ্যসূত্ৰ
- ↑ Linnaeus, C. (1758). Systema naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Editio decima, reformata.. Holmiae. (Laurentii Salvii). পৃ. 161
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বতা চৰাই” প্ৰবন্ধৰ সংশোধন ৫৪০৫৭৭ (৩০ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।