অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ভেদাই লতা

ভেদাই লতা, পাদুৰী লতা বা পাদ্ৰী লেৱা (বৈজ্ঞানিক নাম: Paederia foetida; কাছাৰ: মুকুন্দ লতা; গাৰো: পাছুম; কছাৰী: চা-খি-ফু; কুকি: ৱেই-নাম-ব্ৰাং; খাচিয়া: মেই-ইন্-টু) এবিধ গুল্মজাতীয় উদ্ভিদ। ইংৰাজীত এই লতাক ভিন্ন নাম যেনে 'skunkvine', 'stinkvine', বা 'Chinese fever vine' বুলি জনা যায়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

ভেদাই লতা, পাদুৰী লতা বা পাদ্ৰী লেৱা (বৈজ্ঞানিক নাম: Paederia foetida; কাছাৰ: মুকুন্দ লতা; গাৰো: পাছুম; কছাৰী: চা-খি-ফু; কুকি: ৱেই-নাম-ব্ৰাং; খাচিয়া: মেই-ইন্-টু১) এবিধ গুল্মজাতীয় উদ্ভিদ। ইংৰাজীত এই লতাক ভিন্ন নাম যেনে 'skunkvine', 'stinkvine', বা 'Chinese fever vine' বুলি জনা যায়।২

এই লতাৰ পাত বা কাণ্ড মুচৰি দিলে চালফাৰৰ দৰে গন্ধ (sulphurous odour) ওলায়। এই গন্ধৰ কাৰণ হ’ল ভেদাই লতাৰ পাত বা কাণ্ডত ছালফাৰৰ যৌগ যেনে ডাইমিথাইল ডাইছালফাইড (dimethyl disulphide) থাকে। মোহোৰি দিলে এই যৌগ থকা তেল বাহিৰ হয় আৰু তীব্ৰ গন্ধ ওলায়।৩৪ এইকাৰণতে লতাবিধক অসমৰ বিভিন্ন অঞ্চল বিশেষে পাদুৰী লতা, পাদ্ৰী লেৱা, পাত ভাদুলী আদি বিভিন্ন নামেৰে জনা যায়।

বিস্তৃতি

ভেদাই লতা ক্ৰান্তীয় এছিয়াৰ থলুৱা উদ্ভিদ কিন্তু বৰ্তমান পলনেছিয়া, মেলানেছিয়া আৰু উত্তৰ আমেৰিকাতো পোৱা গৈছে। এছিয়াৰ বাংলাদেশ, ভূটান, কম্বোডিয়া, টাইৱান, চীন, ভাৰত, ইণ্ডোনেছিয়া, জাপান, লাউচ, মালয়েছিয়া, নেপাল, ম্যানমাৰ, ফিলিপাইন, ছিংগাপুৰ, দক্ষিণ কোৰিয়া, থাইলেণ্ড আৰু ভিয়েটনামত এই লতাবিধ পোৱা যায়।

বিৱৰণ

ভেদাই লতাৰ মূল লতাডালে গছৰ ওপৰলৈ আৰোহণ কৰোঁতে ঘড়ীৰ কাঁটাৰ বিপৰীতমুখী পথ অনুসৰণ কৰে। পাতবিলাক পত্ৰবৃন্তত বিপৰীতমুখ, দৈৰ্ঘ্য প্ৰায় ৬ ছেণ্টিমিটাৰ আৰু প্ৰস্থ ২ ছেণ্টিমিটাৰ।১

এই লতাৰ ফুল গুলপীয়া আৰু ফুলৰ মুখ বেঙুণীয়া। ইয়াৰ দলমণ্ডল বেহি সদৃশ। বেটুপাতৰ দাঁত সূক্ষ্ম, সাধাৰণতে তিনিকোণীয়া। নলীৰ অন্তৰভাগ লোমযুক্ত।

ভেদাই লতাৰ ফল বৃত্তাকাৰ, ৰঙচুৱা, শোটোৰাপৰা আৰু পাখিযুক্ত।১

ব্যৱহাৰ

ভেদাই লতা পৰম্পৰাগত ঔষধ হিচাপে ব্যৱহাৰ হয়।৫ তদুপৰি ভাৰতৰ উত্তৰ-পূব আৰু পূবৰ ৰাজ্যকেইখনত এই লতা পৰম্পৰাগত খাদ্যতো ব্যৱহাৰ কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭), অসমৰ উদ্ভিদ কোষ, অসম প্ৰকাশন পৰিষদ
  2. ↑ Ecology of Paederia foetida. ISSG Database. Invasive Species Specialist Group (IUCN and SSC
  3. ↑ Chanda, Silpi; Sarethy, Indira P.; De, Biplab. (2013-12-01). Paederia foetida — a promising ethno-medicinal tribal plant of northeastern India. Journal of Forestry Research. পৃ. 801–808
  4. ↑ K.C.Wong; G.L.Tan. (Jan–Feb 1994). Steam volatile constituents of the aerial parts of Paederia foetida L. (abstract). Flavour and Fragrance Journal. John Wiley & Sons, Inc. পৃ. 25– 28
  5. ↑ Chanda, Silpi; Deb, Lokesh; Tiwari, Raj Kumar. (2015-09-03). Gastroprotective mechanism of Paederia foetida Linn. (Rubiaceae) – a popular edible plant used by the tribal community of North-East India. BMC Complementary and Alternative Medicine. পৃ. 304

সম্পৰ্কিত শ্ৰেণী

গুল্মশাকঔষধি উদ্ভিদভাৰতীয় উদ্ভিদঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভেদাই লতা” প্ৰবন্ধৰ সংশোধন ৬২৪৫০১ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।