অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ভাত কেৰেলা

ভাত কেৰেলা হৈছে এবিধ একবৰ্ষী, আৰোহী লতা। ইয়াৰ বৈজ্ঞানিক নাম— Momordica dioica। ইংৰাজীত ইয়াক স্পাইনি গাৰ্ড (spiny gourd), স্পাইন গাৰ্ড (spine gourd), টিজল গাৰ্ড (teasle gourd) আৰু ব্ৰিষ্টলি বালছাম পিয়েৰ (bristly balsam pear) বুলি জনা যায়।

হালনাগাদ: ৯ জুলাই ২০২৪ ১৬৭ শব্দ · ১ মিনিট সংগৃহীত ৬৩
সংশোধনৰ পৰামৰ্শ
ভাত কেৰেলা
ভাত কেৰেলাছবি: Salil Kumar Mukherjee · CC BY-SA 4.0

ভাত কেৰেলা হৈছে এবিধ একবৰ্ষী, আৰোহী লতা। ইয়াৰ বৈজ্ঞানিক নাম— Momordica dioica। ইংৰাজীত ইয়াক স্পাইনি গাৰ্ড (spiny gourd), স্পাইন গাৰ্ড (spine gourd), টিজল গাৰ্ড (teasle gourd) আৰু ব্ৰিষ্টলি বালছাম পিয়েৰ (bristly balsam pear) বুলি জনা যায়।

আকাৰ

ভাতকেৰেলা গছৰ পাতবোৰ প্ৰায় ১০ৰ পৰা ১২ ছেঃমিঃ পৰ্যন্ত দীঘল আৰু সমানে বহল। ডিম্বকাৰ। কেৰেলাবোৰ সাধাৰণতে ৫ খলপীয়া আৰু নিমজ বা কিছু নোমাল। পুষ্পবোৰ ভিন্নবাসী হয়। প্ৰায় ৪-৫টা মান পাহি থকা ফুলেবাৰ ৫ ছেঃ মিঃ দীঘল হয়। ফুলবোৰৰ ৰং বগা বা সামান্য হালধীয়া আৰু তিনটা মান কলা ফোট থাকে। ভাতকেৰেলাৰ ফলবোৰ ১০-১২ ছেঃ মিঃ মান ডাঙৰ হয়। ইয়াৰ গোটেই গাটো অসংখ্য কোমল কাঁইট হয়। কেঁচা অৱস্থাত দেখিবলৈ সেউজীয়া আৰু পকিলে ৰঙা আৰু ৰসাল হয়। ভিতৰভাগ অসংখ্য বীজৰে ভৰা।

আবাস

অসমৰ বিভিন্ন ঠাইত ভাত কেৰেলাৰ পোৱা যায়। খৰালীমাহত গছবোৰ মৰি যায়। মাটিৰ তলত কেবল মাত্ৰ আলুটোহে জীৱিত অৱস্থাত থাকে। চত বা ফাগুন মাহত ই পুনৰ গজালি মেলি গছ হয়। লতাজাতীয় গছবোৰ আন গছত বা মটিৰ পৰা সামান্য চাং তৈয়াৰ কৰি বগাবলৈ সুবিধা কৰি দিয়া হয়। গছ বগাই মে-জুলাই মাহত খাবৰ বাবে উপযোগী হয়।

সম্পৰ্কিত শ্ৰেণী

লতাপাচলি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাত কেৰেলা” প্ৰবন্ধৰ সংশোধন ৪২৫২৪৬ (৯ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।