অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

ভলুকা বাঁহ

ভলুকা বাঁহ (বৈজ্ঞানিক নাম:Bambusa balcooa) এবিধ ডাঙৰ আকাৰৰ মজবুত বাঁহ। এই বাঁহ ভাৰত উপমহাদেশৰ থলুৱা বাঁহ যদিও বৰ্তমান অন্য দেশতো ঔদ্যোগিক ভাৱে এই বাঁহৰ খেতি কৰা হয়।

হালনাগাদ: ১১ জানুৱাৰী ২০২১ ১৫৮ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ভলুকা বাঁহ (বৈজ্ঞানিক নাম:Bambusa balcooa) এবিধ ডাঙৰ আকাৰৰ মজবুত বাঁহ। এই বাঁহ ভাৰত উপমহাদেশৰ থলুৱা বাঁহ যদিও বৰ্তমান অন্য দেশতো ঔদ্যোগিক ভাৱে এই বাঁহৰ খেতি কৰা হয়।

বিস্তৃতি

ভলুকা বাহঁ ইণ্ডোচাইনা আৰু ভাৰত উপমহাদেশৰ থলুৱা বাঁহৰ প্ৰজাতি।১ ১৬০০ শতিকাত দক্ষিণ আফ্ৰিকাত এই বাঁহ ৰুবলৈ আৰম্ভ কৰে আৰু বৰ্তমান এই প্ৰজাতিয়ে দক্ষিণ আফ্ৰিকাত বিশেষ জনপ্ৰিয়তা লাভ কৰিছে আৰু বহুলভাৱে এই বাঁহৰ খেতি আৰম্ভ হৈছে।

বিৱৰণ

অসমৰ হাবিত পোৱা এজোপা ভলুকা বাঁহ
অসমৰ হাবিত পোৱা এজোপা ভলুকা বাঁহছবি: দিব্য দত্ত · CC BY-SA 4.0

ভলুকা বাঁহ ২৫ মিটাৰ ওখ আৰু ১৫ ছেমি পৰ্য্যন্ত ব্যাসৰ হ’ব পাৰে।২ এই বাাঁহ অন্য বাঁহৰ প্ৰজাতিৰ তুলনাত যথেষ্ট ডাঠ হয় আৰু সেই অনুপাতে চুঙাৰ ফোঁপোলাবোৰ ঠেক আৰু সৰু হয়। ইয়াৰ গুৰত উৎপন্ন হোৱা গাঁঠিবোৰ ঘন হয়। গাঁঠিৰ বিকশিত হোৱা চেকনিবোৰো মজবুত হয়।৩

ভলুকা বাঁহৰ গাঁজবোৰ ভোটোকা আৰু মঙহাল হয়। গাঁজৰ গাঁঠিয়ে গাঁঠিয়ে উৎপত্তি হোৱা বৌখাৰ উপৰিভাগত অসংখ্য শুঙৰ উৎপন্ন হয়।৩

ভলুকা বাঁহে বৃষ্টিহীনতা সহিব পাৰে।

ব্যৱহাৰ

ভলুকা বাঁহৰ গুৰিভাগ বাঁহৰ ঘৰ নিৰ্মাণ কৰোঁতে খুঁটা হিচাপে ব্যৱহাৰ কৰা হয়। তদুপৰি ৰভা-পৰলা, আচবাব আদিও নিৰ্মাণ কৰিবলৈ ভলুকা বাঁহ ব্যৱহাৰ হয়।৩

ভলুকা বাঁহৰ গাজৰ পৰা খৰিচা তৈয়াৰ কৰা হয়।৩

তথ্যসূত্ৰ

  1. ↑ Kew World Checklist of Selected Plant Families
  2. ↑ Bambusa balcooa, OzBamboo; Retrieved: 2007-12-19
  3. ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ

সম্পৰ্কিত শ্ৰেণী

বাঁহ গছ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভলুকা বাঁহ” প্ৰবন্ধৰ সংশোধন ২৫৮৮৭০ (১১ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।