ভদৰকলি (great tit, বৈজ্ঞানিক নাম-Parus major) ‘’Paridae’’ পৰিয়ালৰ অন্তৰ্ভুক্ত এটা সৰু আকাৰৰ চৰাইৰ প্ৰজাতি (জীৱবিদ্যা)৷ ই ইউৰোপ, এছিয়া তথা আফ্ৰিকা মহাদেশত বহুলভাৱে বিস্তৃত হৈ আছে৷ ইয়াক সাধাৰণতে স্থানীয়ভাৱে দেখা পোৱা যায়৷ ভদৰকলিৰ আকাৰ সৰু৷ ইয়াৰ মূৰ আৰু ডিঙি অংশ ক’লা, মুখ বগা আৰু গাৰ তলৰ অংশ হালধীয়া হয়৷১
টেক্স’নমি
পোনপ্ৰথমে ওঠৰশ শতিকাত কাৰ্ল লিনিয়াছ (Carl Linnaeus) এ তেওঁৰ গ্ৰন্থ চিষ্টেমা নেচুৰীত ভদৰকলিৰ বৰ্ণনা কৰিছিল৷২ ইয়াৰ বৈজ্ঞানিক নাম লেটিন শব্দ ‘parus’ ৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ ডাঙৰ৷৩ বৰ্তমানলৈকে ভদৰকলিৰ ১৪ বিধ উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে-৪

- P. m. newtoni৫
- P. m. major- ইউৰোপ, কাজাখাস্থান, চাইবেৰিয়া, মংগোলিয়া ইত্যাদি দেশত বিস্তৃত৷ *P. m. excelsus- উত্তৰ-পশ্চিম আফ্ৰিকা
- P. m. corsus-পৰ্টুগাল, স্পেইন আদি দেশত দেখা পোৱা যায়৷
- P. m. mallorcae- বেলেৰিক দ্বীপপূঞ্জ (Balearic Islands)
- P. m. ecki- চাৰদিনিয়া (Sardinia)
- P. m. niethammeri- Crete
- P. m. aphrodite-ইটালী, গ্ৰীচ আদিত দেখা পোৱা যায়৷
- P. m. terrasanctae-লেবানন, ইজৰাইল, জৰ্ডান আৰু ছাইৰিয়া ত পোৱা যায়
- P. m. karelini- ইৰান
- P. m. blandfordi – ইৰান
- P. m. bokharensis- কাজাখাস্তান, উজবেকিস্তান, তুৰ্কমেনিস্তান, ইৰান, আফগানিস্তান
- P. m. turkestanicus- চীন, মংগোলিয়া
- P. m. ferghanensis
বিৱৰণ
ভদৰকলিৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১২.৫-১৪ ছে:মি হয়৷ ইয়াৰ দেহৰ বৰণ তথা সজ্জাৰ বাবে সহজেই চিনাক্ত কৰিব পৰা যায়৷ ইয়াৰ ডিঙি, মূৰ ক’লাবৰণৰ আৰু গাল বগা হোৱা দেখা যায়৷ ইয়াৰ দেহৰ বুকু অংশ হালধীয়া আৰু তাৰ মাজেদি দীঘলীয়াকৈ এডাল বহল ক’লা আঁচ থাকে৷ ডেউকা দুখন মটীয়া আৰু তাতে বগা আঁচ (wing-bar) থকা দেখা যায়৷ ইয়াৰ নেজডালো নীলা-মটীয়া৷ ভদৰকলিৰ মতা আৰু মাইকীৰ দেহৰ বৰণ প্ৰায় একে, কেৱল ইয়াৰ দেহৰ বৰণ মতাটোতকৈ শেঁতা হয় আৰু ডিঙিৰ মাজেৰে বুকুলৈকে থকা ক’লা আঁচডালো পাতল বৰণৰ হয়৷ ৪ পোৱালি ভদৰকলি চৰাই দেখাত সাধাৰণতে মাইকীজনীৰ দৰেই হয়৷ ৪
বিতৰণ
সমগ্ৰ ইউৰেচিয়াতে ভদৰকলি চৰাই বহুলভাৱে বিস্তৃত হৈ আছে৷ ইয়াক প্ৰধানকৈ ইউৰোপ, আফ্ৰিকা, এছিয়াৰ ইৰান, আফগানিস্তান ৰ পৰা চীন পৰ্যন্ত দেখা পোৱ যায়৷৪
বাসস্থান
ভদৰকলিয়ে বিভিন্ন ধৰণৰ বাসস্থানত বসবাস কৰিব পাৰে৷ সাধাৰণতে ইয়াক মুকলি পৰ্ণপাতী অৰণ্য ( deciduous woodland), মিশ্ৰিত বনাঞ্চল (mixed forests) তথা বনাঞ্চলৰ দাঁতিকাষৰীয়া অঞ্চল (forest edges) সমূহত দেখা পোৱা যায়৷৪
আচৰণ
মাত
ভদৰকলিয়ে প্ৰায় ৪০ বিধ পৰ্যন্ত বেলেগ বেলেগ মাত উলিয়াব পাৰে৷ সাধাৰণতে মতা চৰায়ে মাইকীজনীতকৈ বেছিকৈ মাত মাতে৷৪ In former times, English folk considered the "saw-sharpening" call to be a foretelling of rain.৬
খাদ্য
ভদৰকলি ঘাইকৈ পতংগভোজী (insectivorous)৷ গ্ৰীস্মকালত ই গছৰ ডালে-পাতে থকা পোক-পতংগ, মকৰা আদি ধৰি খায়৷৭ তাৰোপৰি ই পইঁতাচোৰা, ফৰিং, পৰুৱা, মাখি-মৌ, সৰু শামুক আদিও খোৱা দেখা যায়৷৪ প্ৰজনন কালত ই পোৱালিক খুৱাবৰ বাবে প্ৰটিন সমৃদ্ধ খাদ্য যেনে পলু আদি পছন্দ কৰে৷ ৮
প্ৰজনন
ভদৰকলিয়ে প্ৰজননৰ কালত নিজৰ টেৰীটৰী (territory) গঠন কৰে৷ ৯ সাধাৰণতে এই প্ৰক্ৰিয়া জানুৱাৰীত আৰম্ভ হয়৷ ৪
সুৰ্য্যৰ পোহৰ তথা দিনৰ উষ্ণতাই ইয়াৰ প্ৰজনন কালত প্ৰভাৱ পেলাই বুলি জনা যায়৷৪ ভদৰকলিয়ে গছৰ খোৰোং নাইবা শিলৰ ফাঁকত সাধাৰণতে বাহ সাজে৷ বাহ সাজিবলৈ ই প্ৰধানকৈ ঘাঁহ, পাখি, গছৰ পাত আদি ব্যৱহাৰ কৰে৷ এবাৰত প্ৰায় ৫ ৰ পৰা ১২ টালৈকে কণী পাৰে৷ ১০ কণীবোৰ দেখাত বগা আৰু ৰঙা ফুটুকীয়া হয়৷ মাইকী চৰাইজনীয়ে পোৱালিৰ উমনি দিয়ে৷ জন্মৰ পিছত মতা-মাইকী দুয়ো পোৱালিৰ যত্ন লোৱাৰ দায়িত্ব পালন কৰে৷৪
জন্মৰ সময়ত ইয়াৰ পোৱালি নোমবিহীন আৰু অন্ধ হয়৷১১
বাহ্যিক সংযোগ
- Great Tit – BirdLife Species Factsheet. BirdLife International
- RSPB page
- Song sample
- BBC fact file
- Ageing and sexing (PDF; 2.5 MB) by Javier Blasco-Zumeta & Gerd-Michael Heinze
- Great Tit videos, photos & sounds on the Internet Bird Collection
তথ্যসূত্ৰ
- ↑ Péter Estók, Sándor Zsebők and Björn M. Siemers. (2009). Great tits search for, capture, kill and eat hibernating bats. Biology Letters. পৃ. 59–62
- ↑ Linnaeus, C. (1758). Systema naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Editio decima, reformata.. Holmiae (Laurentii Salvii). পৃ. 189
- ↑ Simpson, D.P. (1979). Cassell's Latin Dictionary. Cassell Ltd. পৃ. 883. ISBN 0-304-52257-0
- ↑ Gosler, Andrew; Clement, Peter. (2007). ((Handbook of the Birds of the World)). Volume 12: Picathartes to Tits and Chickadees. Lynx Edicions. পৃ. 662–709. ISBN 978-84-96553-42-2
- ↑ Mlíkovský, Jiří. (26 August 2011). Nomenclatural and taxonomic status of bird taxa (Aves) described by an ornithological swindler, Josef Prokop Pražák (1870–1904). Zootaxa. পৃ. 45–68
- ↑ Swann, H Kirke. (1913). A dictionary of English and folk-names of British Birds. Witherby & Co, London. পৃ. 108. ISBN 0-7158-1239-4
- ↑ Ehrlich, Paul; Dobkin, David; Wheye, Darryl. (1994). The Birdwatcher's Handbook. Oxford University Press. পৃ. 434. ISBN 0-19-858407-5
- ↑ Royoma, T. (1970). Factors governing the hunting behaviour and selection of food by the Great Tit (Parus major L.). Journal of Animal Ecology. পৃ. 619–668
- ↑ Krebs, John R. (1971). Territory and breeding density in the Great Tit, Parus major L. Ecology. পৃ. 3–22
- ↑ Perrins, C.M. (1989). Laying dates and clutch size in the Great Tit. Wilson Bulletin. পৃ. 236–253
- ↑ Ismael Galván, Luisa Amo, and Juan J. Sanz. (2008). Ultraviolet-blue reflectance of some nestling plumage patches mediates parental favouritism in great tits Parus major'. Journal of Avian Biology''. পৃ. 277–82
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভদৰকলি” প্ৰবন্ধৰ সংশোধন ৬৩৭৫৮১ (২৪ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।