অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

বগৰী

বগৰী হ'ল বাকথৰ্ন (buckthorn) পৰিয়ালৰ যিযিফাছ (Ziziphus) জাতিৰ এবিধ ফলধাৰী উদ্ভিদ। ইংৰাজীত ইয়াক সাধাৰণতে যুযুবে বা যুযুবা, ৰেড ডেইট, ইণ্ডিয়ান ডেইট, কোৰিয়ান ডেইট, ছাইনীজ ডেইট আদি শব্দেৰে জনা যায়। ফল উৎপাদনৰ বাহিৰেও ইয়াক সাধাৰণতে ছা-দিয়া গছ হিচাপেও ৰোপন কৰা হয়।

হালনাগাদ: ২৪ অক্টোবৰ ২০২৪ ২১০ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

বগৰী হ'ল বাকথৰ্ন (buckthorn) পৰিয়ালৰ যিযিফাছ (Ziziphus) জাতিৰ এবিধ ফলধাৰী উদ্ভিদ। ইংৰাজীত ইয়াক সাধাৰণতে যুযুবে বা যুযুবা, ৰেড ডেইট, ইণ্ডিয়ান ডেইট, কোৰিয়ান ডেইট, ছাইনীজ ডেইট আদি শব্দেৰে জনা যায়। ফল উৎপাদনৰ বাহিৰেও ইয়াক সাধাৰণতে ছা-দিয়া গছ হিচাপেও ৰোপন কৰা হয়। বগৰীৰ বৈজ্ঞানিক নাম যিযিফাছ যুযুবা।

বৰ্ণনা

প্ৰায় ৫ ৰ পৰা ১২ মিটাৰ উচ্চতাৰ গুল্মজাতীয় অথবা সৰু গা-গছেৰে সৈতে বগৰী এবিধ পৰ্ণপাতী উদ্ভিদ। ডালবিলাক কাঁইটীয়া। পাত মসৃণ, আকাৰত সৰু (২ ৰ পৰা ৭ ছে.মি. বহল আৰু ১ ৰ পৰা ৩ ছে.মি. দীঘল)। সেউজ-হালধীয়া বৰণৰ ক্ষুদ্ৰ পাহিবোৰৰ সৈতে ফুলবোৰ প্ৰায় ৫ মি.মি বহল হোৱা দেখা যায়। ঘূৰণীয়া ফলবোৰ খাবলৈ টেঙা-মিঠা সোৱাদ লগা। কেঁচাতে ফলৰ ৰঙ সেউজীয়া হৈ থাকে, পকিলে ক্ৰমান্বয়ে ৰঙা হৈ সোতোৰা-সোতৰ বাদামী বৰণৰ পকা খেজুৰৰ দৰে হৈ পৰে। ফলৰ ভিতৰত এটা টান ঘূৰণীয়া বীজ থাকে।১

বিস্তৃতি

বহুলভাৱে কৰা খেতিৰ বাবে গছজোপাৰ সঠিক প্ৰাকৃতিক বিস্তৃতি জনাতো অসম্ভৱ। তথাপিও আনুমানিকভাৱে বগৰী গছ দক্ষিণ এচিয়াৰ লেবানন, ইৰাণ, পাকিস্তান, ভাৰত, বাংলাদেশ, নেপাল, কোৰিয়া উপদ্বীপ অঞ্চল, দক্ষিণ অৰু মধ্য চীনদেশ আদি অঞ্চলত থলুৱাভাৱে উপলব্ধ বুলি ঠাৱৰ কৰা হৈছে। দক্ষিণ-পূৱ ইউৰোপতো ই সম্ভৱতঃ থলুৱাভাৱে উপলব্ধ।১

খেতি আৰু ব্যৱহাৰ

বগৰীগছ খৃষ্টপূৰ্ব ৯০০০ বছৰ পূৰ্বে এচিয়া মহাদেশত ঘৰছীয়াকৰণ কৰা হৈছিল।২বগৰীগছ ৪০০ ৰো অধিক বিভিন্ন প্ৰকাৰত উপলব্ধ।

বেমাৰ আৰু অপকাৰী কীট

চীনদেশ আৰু কোৰীয়াত বগৰী গছ উইট্ছ ব্ৰুম (Witch's brooms) বেমাৰৰ দ্বাৰা আক্ৰান্ত হোৱা দেখা যায়। এনে বেমাৰ হ'লে গছজোপাৰ প্ৰাকৃতিক ডাল বিন্যাস সলনি হৈ পৰে আৰু এটা বা দুটা বিন্দুৰ পৰাই সকলো ডালৰ গজালি ওলোৱা দেখা যায়। ৩

তথ্যসূত্ৰ

  1. ↑ Rushforth, K. (1999)
  2. ↑ Gupta, Anil K. "Origin of agriculture and domestication of plants and animals linked to early Holocene climate amelioration", Current Science, Vol. 87, No. 1, 10 July 2004, 59
  3. ↑ Fruit Facts: Jujube

সম্পৰ্কিত শ্ৰেণী

ফল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বগৰী” প্ৰবন্ধৰ সংশোধন ৪৪০৬১৪ (২৪ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।