অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

শাৰদা (মালয়ালম ভাষাৰ মহিলা আলোচনী)

শাৰদা (Sharada (Malayalam women's magazine)) হ'ল কেৰালাৰ পৰা প্ৰকাশ পোৱা দ্বিতীয়খন মালয়ালম ভাষাৰ মহিলা আলোচনী ১৯০৪ চনৰ নৱেম্বৰ মাহত কোচিৰ থ্ৰিপুনিথুৰাৰ পৰা ইয়াৰ প্ৰকাশ আৰম্ভ হয়। শাৰদা সম্পাদনা কৰিছিল বি কল্যানী আম্মা, টি.চি. কল্যানী আম্মা আৰু টি আম্মুকুট্টী আম্মাই।

হালনাগাদ: ২২ জুন ২০২৫ ১৩৮ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

শাৰদা (Sharada (Malayalam women's magazine)) হ'ল কেৰালাৰ পৰা প্ৰকাশ পোৱা দ্বিতীয়খন মালয়ালম ভাষাৰ মহিলা আলোচনী ১ ১৯০৪ চনৰ নৱেম্বৰ মাহত কোচিৰ থ্ৰিপুনিথুৰাৰ পৰা ইয়াৰ প্ৰকাশ আৰম্ভ হয়।২ শাৰদা সম্পাদনা কৰিছিল বি কল্যানী আম্মা, টি.চি. কল্যানী আম্মা আৰু টি আম্মুকুট্টী আম্মাই।৩ কেৰালাত মহিলাই সম্পাদনা কৰা এইখন প্ৰথম মহিলা আলোচনী।৪ কে নাৰায়ণ মেনন আলোচনীখনৰ মালিক আছিল আৰু ভাৰতী বিলাসম প্ৰেছত ছপা হৈছিল।

তিনি বছৰৰ ভিতৰতে শাৰদাৰ ছপা বন্ধ হৈ গ’ল। পাছৰ বছৰত তিৰুৱনন্তপুৰমৰ পৰা ইয়াৰ পুনৰ প্ৰকাশ আৰম্ভ হয়। ১৯০৮ চনলৈকে কে. ৰামকৃষ্ণ পিল্লাইৰ পৃষ্ঠপোষকতাত শাৰদা ছপা হৈছিল।৫

বিৰতিৰ পিছত ১৯১৩ চনত কল্যাণী আম্মা আৰু অন্যান্য মহিলা লেখিকা আৰু সমাজকৰ্মীসকলৰ সম্পাদনাত আলোচনীখন পুনৰ প্ৰকাশ আৰম্ভ হয়। এইবাৰ ই ১৯২৫ চনলৈকে ছপা হৈছিল। এই আলোচনীখন পুনালুৰৰ টি. কে. কল্যাণিকুট্টি আম্মাই প্ৰকাশ কৰিছিল।৫ ই মূল শাৰদা পৰা পৃথক আছিল। ১৯২০-ৰ দশকত ৭৫০-ৰ প্ৰকাশ সংখ্যাৰ সৈতে শাৰদা সেই সময়ৰ বাবে যথেষ্ট জনপ্ৰিয় আছিল।৬৭

শাৰদা ই সামাজিক বিষয়ৰ লগতে‍ অন্যান্য বিষয়ৰ প্ৰবন্ধ প্ৰকাশ কৰিছিল। মালয়ালী মহিলাসকলক শিক্ষিত আৰু বিকাশৰ লক্ষ্যৰে আলোচনীখন আৰম্ভ কৰা হৈছিল।৮

তথ্যসূত্ৰ

  1. ↑ Rekha. (2016). Women and Journalism in Colonial Kerala. Department of History, Sree Sankaracharya University of Sanskrit. পৃ. 84–86
  2. ↑ Editorial. Sharada. পৃ. 3
  3. ↑ Kumari E.K. (2001). WOMENS' MAGAZINES IN KERALA AND THEIR SOCIAL SIGNIFICANCE. Proceedings of the Indian History Congress. পৃ. 705–708
  4. ↑ Awaya. (2003). Gender and Modernity: Perspectives from Asia and the Pacific. Kyoto University Press and Trans Pacific Press. পৃ. 41–60
  5. ↑ Priyadarsanan. (2017). Masikapatanangal. Sahithya Pravarthaka Co-operative Society Ltd. পৃ. 80Priyadarsanan, G. (2017). Masikapatanangal (in Malayalam). Kottayam: Sahithya Pravarthaka Co-operative Society Ltd. p. 80
  6. ↑ (1921). The Travancore Almanac & Directory 1921. Government Press
  7. ↑ (1923). The Madras Year Book 1923 with an Official, Commercial and General Directory of the Madras Presidency. Government Press
  8. ↑ (2020-07-31). Women's History: An Overview of Early Malayalam Periodicals for Women. Samyukta: A Journal of Gender and Culture

সম্পৰ্কিত শ্ৰেণী

মহিলা আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শাৰদা (মালয়ালম ভাষাৰ মহিলা আলোচনী)” প্ৰবন্ধৰ সংশোধন ৫১৯৯৭৯ (২২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।