মা বা মাডাৰ (The Mother) হ'ল ৰুছ ভাষাত ৰচিত এখন উপন্যাস। এই উপন্যাস মাক্সিম গ’ৰ্কীৰ দ্বাৰা ৰচিত। মা উপন্যাসৰ বিষয় মূলতঃ আন্দোলনকাৰী কলঘৰ কৰ্মীৰ বিষয়ে। এই উপন্যাস পৃথিৱীৰ বিভিন্ন ভাষালৈ অনুবাদ কৰা হৈছে, আৰু কিছু চলচ্চিত্ৰও এই উপন্যাসৰ দ্বাৰা প্ৰভাৱিত।
প্ৰভাৱিত ছবি
- চেভলড পুডভকিনৰ দ্বাৰা পৰিচালিত মাডাৰ(মা)(১৯২৬)১
- মাৰ্ক ডনস্কইৰ দ্বাৰা পৰিচালিত মাডাৰ(মা)(১৯৫৬)
- গ্লেব পানফিলভৰ দ্বাৰা পৰিচালিত মাডাৰ(মা)(১৯৯০)
প্ৰভাৱিত নাটক
জাৰ্মানীৰ বাৰ্টল্ট ব্ৰেচটৰ ১৯৩২ৰ নাটক ডা মাডাৰ(মা জনী) এই উপন্যাসৰ দ্বাৰা প্ৰভাৱিত।
চৰিত্ৰ সমূহ
মা উপন্যাসত বিভিন্ন চৰিত্ৰ আছে। উপন্যাসখনৰ নায়ক হ'ল পাভেল।২ অন্য চৰিত্ৰ হ'ল পেলাগুএয়া ভ্লাচ'ভা-- পাভেলৰ মাক, আন্ড্ৰে', নাতাচা, চাচেংকা, ভ্যেচ'ভ্স্কিন'ভ, ৰেৱবিন, নিক'লায় ইভাহ্ন'ৱিচ, চ'ফ্যা আদি।৩
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মা (ৰুছ উপন্যাস)” প্ৰবন্ধৰ সংশোধন ২৭১২৮৩ (১৫ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।