মানবজমিন হ'ল ভাৰতীয় বাঙালী লেখক শীৰ্ষেন্দু মুখোপাধ্যায়ৰদ্বাৰা ৰচিত আৰু ১৯৮৮ চনত প্ৰকাশিত এখন উপন্যাস। উপন্যাসখন গ্ৰন্থাকাৰে প্ৰকাশ হোৱাৰ পূৰ্বে দেশ আলোচনীত প্ৰকাশিত হৈছিল। পৰৱৰ্তী কালত ১৯৮৮ চনৰ আগষ্ট মাহত কলকাতাৰ আনন্দ পাব্লিচাৰ্ছে ইয়াক কিতাপ আকাৰে প্ৰকাশ কৰে। এই উপন্যাসখনৰ বাবে ১৯৮৯ চনত শীৰ্ষেন্দু মুখোপাধ্যায় ডাঙৰীয়াই সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।১
জনপ্ৰিয় সংস্কৃতিত
মানবজমিন উপন্যাসৰ আধাৰত এখন দীৰ্ঘ টেলিভিছন ধাৰাবাহিক প্ৰযোজনা কৰিছিল বাংলাদেশী চলচ্চিত্ৰ নিৰ্মাতা মুৰাদ পাৰৱেজে। এই ধাৰাবাহিকখন ২০১০ চনৰ ৭ জুনৰপৰা ২০১১ চনৰ ৭ জুনলৈ এনটিভি চেনেলত প্ৰচাৰিত হৈছিল।২
পুৰস্কাৰ
মানবজমিন উপন্যাসখনৰ বাবে ১৯৮৯ চনত শীৰ্ষেন্দু মুখোপাধ্যায়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।১
বাহ্যিক সংযোগ
- মানবজমিন - গুডৰিড্ছ
তথ্যসূত্ৰ
- ↑ (এপ্ৰিল ১৮, ২০১৬). মানবজমিন. আনন্দ পাবলিশাৰ্স প্ৰাইভেট লিমিটেড. ISBN 8-170-66134-X
- ↑ মনজুৰ জিয়া. (এপ্ৰিল ১৮, ২০১৬). মুৰাদ পাৰভেজেৰ বিৰুদ্ধে শীৰ্ষেন্দূৰ অভিযোগ. মতিউৰ ৰহমান
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মানবজমিন (উপন্যাস)” প্ৰবন্ধৰ সংশোধন ৫৫৫৫৬৭ (২৩ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।