অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মইনা (শিশু আলোচনী)

মইনা অসমীয়া ভাষাৰ শিশু আলোচনী৷ একে নামৰ একাধিক শিশু আলোচনী ভিন ভিন সম্পাদকৰ সম্পাদনাত ভিন ভিন সময়ত প্ৰকাশ পায়৷

হালনাগাদ: ২২ জুন ২০২৫ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

মইনা অসমীয়া ভাষাৰ শিশু আলোচনী৷ একে নামৰ একাধিক শিশু আলোচনী ভিন ভিন সম্পাদকৰ সম্পাদনাত ভিন ভিন সময়ত প্ৰকাশ পায়৷

ৰঘুনাথ চৌধাৰী সম্পাদিত মইনা

কবি ৰঘুনাথ চৌধাৰী সম্পাদিত অসমীয়া ভাষাৰ মাহেকীয়া শিশু আলোচনী মইনা ১৯২৩ চনত গুৱাহাটীৰ পৰা প্ৰকাশ পায়৷১ ১৯২১ চনৰ অসহযোগ আন্দোলনত কাৰাবৰণ কৰি ওলাই আহি চৌধাৰীয়ে ল’ৰা-ছোৱালীৰ চৰিত্ৰ সংশোধন আৰু জ্ঞানৰ উৎকৰ্ষ লাভৰ উদ্দেশ্যে “মইনা’’ প্ৰকাশ কৰিছিল৷ কলিকতাৰ অৰুণোদই প্ৰেছত ছপা কৰা “মইনা’’ৰ প্ৰকাশক আছিল গজেন চন্দ্ৰ পাটোৱাৰী৷ এবছৰ প্ৰকাশ হোৱাৰ পিছত আলোচনীখন বন্ধ হৈ যায়৷২

মইনা পাৰিজাত ৰ মুখপত্ৰ মইনা

অসমীয়া ভাষাৰ মইনা নামৰ এখন দুমহীয়া শিশু আলোচনী যোৰহাটৰ পৰা ১৯৬১ চনত প্ৰকাশিত হৈছিল৷ এইখন সদৌ অসম মইনা পাৰিজাতৰ মুখপত্ৰ৷ প্ৰকাশক আছিল হেমন্ত বৰদলৈ৷৩

সূৰ্য্য কুমাৰ ভূঞা সম্পাদিত মইনা

মইনা অসমীয়া ভাষাৰ শিশু আলোচনী৷ ১৯৭৯ চনত প্ৰকাশিত হৈছিল৷১ আলোচনীখন তিনিমহীয়া আছিল৷ সম্পাদক সূৰ্য্যকুমাৰ ভূঞা৷ এইখন আন্তৰ্জাতিক শিশু বৰ্ষত প্ৰকাশিত হৈছিল৷ প্ৰকাশক আছিল, উত্তৰ লখিমপুৰ জিলা মইনা পাৰিজাতৰ আলোচনী প্ৰকাশন সমিতিৰ হৈ অধ্যাপক বিশ্ব বৰুৱা৷৪

আন এক তথ্যমতে মইনা পাৰিজাতৰ সভাপতি মহাদেৱ শৰ্মাৰ দ্বাৰাও মইনা নামৰ এখনি শিশু আলোচনী সংগঠনটোৰ মুখপত্ৰ হিচাপে প্ৰকাশিত হৈছিল৷৫

জাহিদ চৌধুৰী সম্পাদিত মইনা নামৰ আন এখন শিশু আলোচনীও আছিল৷১

তথ্যসূত্ৰ

  1. ↑ শিশু আলোচনী
  2. ↑ ফুকন, প্ৰসন্ন কুমাৰ. (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃ. ২৯২
  3. ↑ ফুকন, প্ৰসন্ন কুমাৰ. (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃ. ২৯৬
  4. ↑ ফুকন, প্ৰসন্ন কুমাৰ. (১৯৯৪). অসমীয়া সম্বাদপত্ৰৰ সমীক্ষাত্মক অধ্যয়ন. মধু প্ৰকাশ, অশ্বিনী কুমাৰ বৰঠাকুৰ. পৃ. ৩০০
  5. ↑ বৰ্মন, শিৱনাথ. (১৯৯২). মহাদেৱ শৰ্মা. বনলতা. পৃ. ১৮৪. ISBN 978-81-7339-428-7

সম্পৰ্কিত শ্ৰেণী

অসমীয়া আলোচনীঅসমীয়া শিশু আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মইনা (শিশু আলোচনী)” প্ৰবন্ধৰ সংশোধন ৫২০০৭৩ (২২ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।