অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ভাষা-বিজ্ঞান (গ্ৰন্থ)

ভাষা-বিজ্ঞান (Bhasha Vijnan) হৈছে লেখক, অধ্যাপক, ভাষাবিদ, গৱেষক ড॰ উপেন্দ্ৰনাথ গোস্বামীৰ দ্বাৰা ৰচিত এখন উচ্চস্তৰৰ অসমীয়া ভাষাবিজ্ঞান বিষয়ক গ্ৰন্থ। ১৯৬৫ চনত প্ৰকাশিত এই গ্ৰন্থখনৰ প্ৰকাশক আছিল মাণি-মণিক প্ৰকাশন।

হালনাগাদ: ২ জানুৱাৰী ২০২১ ৪৮ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ভাষা-বিজ্ঞান (Bhasha Vijnan) হৈছে লেখক, অধ্যাপক, ভাষাবিদ, গৱেষক ড॰ উপেন্দ্ৰনাথ গোস্বামীৰ দ্বাৰা ৰচিত এখন উচ্চস্তৰৰ অসমীয়া ভাষাবিজ্ঞান বিষয়ক গ্ৰন্থ। ১৯৬৫ চনত প্ৰকাশিত এই গ্ৰন্থখনৰ প্ৰকাশক আছিল মাণি-মণিক প্ৰকাশন।

১৯৬৩-৬৪ চনত স্নাতক-মহলাত ভাষাবিজ্ঞান সম্পৰ্কীয় নতুন পাঠ-ক্ৰমৰ প্ৰচলন হোৱাত তেতিয়া পাঠ-ক্ৰমৰ বাবে ইংৰাজী বা আন কিতাপত আটাইখিনি কথা পোৱা নোযোৱাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। এই অসুবিধাৰ মাজত বিষয়টোৰ অধ্যাপনাৰ কাম চলাওঁতে বিজ্ঞানসন্মত ভাষা বিষয়ক প্ৰাথমিক কেতবোৰৰ বিষয়ে অসমীয়া কিতাপ এখনৰ অভাৱ অনুভৱ কৰি গোস্বামীয়ে ১৯৬৪ চনত এই গ্ৰন্থখন ৰচনা কৰে।

দ্বিতীয় সংস্কৰণ (১৯৭০) -ত বহুতো কথা সংযোগ কৰি আগৰখিনিৰো আৱশ্যকীয় পৰিৰ্ৱতন ঘটাই শেষৰ পিনে সচৰাচৰ ব্যৱহাৰ কৰিবলগীয়া ভাষাবৈজ্ঞানিক পৰিভাষাও সংযোগ কৰি দিয়ে।

লেখকৰ চমু পৰিচয়

মূল প্ৰবন্ধ: উপেন্দ্ৰনাথ গোস্বামী

উপেন্দ্ৰনাথ গোস্বামী (১৯২৩-২০০০) একাধাৰে ভাষাবিদ, গৱেষক, অধ্যাপক, অনুবাদক আৰু অভিধানপ্ৰণেতা। তেওঁ কটন কলেজৰ অসমীয়া বিভাগৰ অধ্যাপক আছিল আৰু পাছলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক পদত নিযুক্ত হৈছিল। তেওঁৰ গৱেষণাৰ বিষয় আছিল- A Study of Kamrupi: A Dialect of Assamese.১

উপেন্দ্ৰনাথ গোস্বামীৰ জন্ম হয় ১৯২৩ চনৰ নৱেম্বৰ মাহৰ ১৩ তাৰিখে নলবাৰী সত্ৰত।

২০০০ চনত জন্ম দিৱসৰ দিনাখন নিজা বাসভৱনত মৃত্যু।২

তথ্যসূত্ৰ

  1. ↑ কথা বৰেণ্য, সম্পাদক-শোণিত বিজয় দাস আৰু মুনীন বায়ন, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-৩১১
  2. ↑ কথা বৰেণ্য, কথা প্ৰকাশন, প্ৰথম প্ৰকাশ, পৃষ্ঠা-১৫২

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভাষা-বিজ্ঞান (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ২৫৭৩৮১ (২ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।