অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

ভক্তিবিবেক

ভক্তিবিবেক হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্য বা চমুকৈ ভট্টদেৱে সংস্কৃত ভাষাত লিখা এখনি ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ। গ্ৰন্থখনৰ ৰচনাকাল ১৫৪৩ শক। ভক্তিবিবেকত মুঠ পোন্ধৰটা পৰিচ্ছেদ আছে আৰু তাৰ শ্লোকবোৰ ভট্টদেৱে ভাগৱত পুৰাণ, মহাভাৰত আৰু আন আন গ্ৰন্থৰ পৰা সংগ্ৰহ কৰি সন্নিবিষ্ট কৰিছে, গ্ৰন্থখনত তেওঁ নিজৰ…

হালনাগাদ: ১ আগষ্ট ২০২৫ ১০৬ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

ভক্তিবিবেক হৈছে বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্য বা চমুকৈ ভট্টদেৱে সংস্কৃত ভাষাত লিখা এখনি ভক্তিতত্ত্ব প্ৰকাশক গ্ৰন্থ। গ্ৰন্থখনৰ ৰচনাকাল ১৫৪৩ শক। ভক্তিবিবেকত মুঠ পোন্ধৰটা পৰিচ্ছেদ আছে আৰু তাৰ শ্লোকবোৰ ভট্টদেৱে পুৰাণ, মহাভাৰত আৰু আন আন গ্ৰন্থৰ পৰা সংগ্ৰহ কৰি সন্নিবিষ্ট কৰিছে, গ্ৰন্থখনত তেওঁ নিজৰ গুৰু দামোদৰদেৱৰো প্ৰশংসা কৰিছে। কিতাপখনৰ অধ্যায়সমূহ হ'ল: ভক্তিস্থান নিৰ্ণয়, গুৰু-শিষ্য নিৰ্ণয়, শৰণ নিৰ্ণয়, নাম মাহাত্ম্য, ভগৱৎ-ভক্তি মাহাত্ম্য, সৎসংগ নিৰ্ণয়, শ্ৰৱণ-কীৰ্ত্তন নিৰূপণ, শ্ৰৱণ নিৰ্ণয়, কীৰ্ত্তন নিৰ্ণয়, স্মৰণ মাহাত্ম্য, পাদসেৱন-মাহাত্ম্য, পূজা নিৰ্ণয়, পূজা মাহাত্ম্য, দাস্য নিৰ্ণয় আৰু ভগৱন্মুত্তে সত্যত্বম।

অসমীয়া অনুবাদ: ভট্টদেৱ বিৰচিত 'ভক্তিবিবেক' পুথিখনি প্ৰাচীন অসমীয়ালৈ অনুবাদ কৰিছিল চলিহা বাৰেঘৰ সত্ৰৰ তৃতীয়গৰাকী ধৰ্মাচাৰ্য (সত্ৰাধিকাৰ) শ্ৰীশ্ৰী শ্ৰীৰামদেৱে। ১৬৪৭ শকত এই অনুবাদ পুথিখনি সম্পূৰ্ণ কৰা হৈছিল।

সম্পৰ্কিত শ্ৰেণী

সংস্কৃত গ্ৰন্থহিন্দু ধৰ্ম গ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভক্তিবিবেক” প্ৰবন্ধৰ সংশোধন ৫২৯১৬৩ (১ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।