মহৎ ঐতিহ্য (ইংৰাজী: Mahat Oitijya) এখন সাহিত্য সমালোচনামূলক প্ৰবন্ধৰ সংকলন।১ গ্ৰন্থখনৰ লেখক হ’ল কবি, সমালোচক নলিনীধৰ ভট্টাচাৰ্য। গ্ৰন্থখনে ২০০২ চনত সমালোচনা শিতানত সাহিত্য অকাদেমি বঁটা লাভ কৰে।২
বিষয়বস্তু
গ্ৰন্থখনত মুঠ এঘাৰটা প্ৰবন্ধ সন্নিৱিষ্ট হৈছে। লেখকে 'মোৰ একেষাৰ' শীৰ্ষক ভূমিকাখনত কোৱা অনুসৰি প্ৰবন্ধসমূহত বিশ্বসাহিত্যৰ শিৰোমণি স্বৰূপ কেইজনমান লেখকৰ শ্ৰেষ্ঠ ৰচনাসমূহৰ আভাস দিয়াৰ প্ৰয়াস কৰিছে। অন্তৰ্ভুক্ত হোৱা প্ৰবন্ধকেইটা হ’ল: ‘আত্মিক যাত্ৰাৰ কাব্য: ডিভাইন কমেডি’; ‘গ্ৰীক নাটকৰ চৰিত্ৰ’; ‘শ্বেক্সপিয়েৰৰ নাট আৰু সমাজ-চিন্তা’; ‘টলষ্টয়বাদ আৰু টলষ্টয়ৰ উপন্যাস’; ‘ফাউষ্ট: আধুনিক জীৱনৰ ইলিয়াড’; ‘পাশ্চাত্যৰ প্ৰথম কমেডি: দি ফ্ৰগছ’; ‘কবি এলিয়টৰ সমাজবোধ’; ‘ৰবীন্দ্ৰনাথ আৰু জাতীয়তাবাদ’; ‘চুটিগল্পত ঐতিহ্য-জিজ্ঞাসা আৰু উত্তৰণশীল চেতনা’; ‘সাহিত্যকলা আৰু আত্ম-পৰিচয়ৰ সমস্যা’ আৰু ‘উপন্যাস আৰু জনজীৱন’। গ্ৰন্থখনত ওপৰঞ্চি হিচাপেও এটা প্ৰবন্ধ সন্নিৱিষ্ট হৈছে। সেইটো হ’ল ‘গেটেৰ ‘ফাউষ্ট’ৰ অসমীয়া অনুবাদ’।১
প্ৰকাশৰ ইতিহাস
গ্ৰন্থখন প্ৰথম প্ৰকাশ পায় ১৯৯৯ চনৰ জানুৱাৰী মাহত। প্ৰকাশ কৰে গুৱাহাটীৰ ষ্টুডেণ্টচ ষ্ট’ৰচে।
তথ্যসূত্ৰ
- ↑ মহৎ ঐতিহ্য, নলিনীধৰ ভট্টাচাৰ্য, ষ্টুডেণ্টচ ষ্টৰচ, ১৯৯৯, ISBN 81-7665-009-9।
- ↑ sahitya-akademi.gov.in/awards/akademi%20samman_s
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহৎ ঐতিহ্য” প্ৰবন্ধৰ সংশোধন ৪৯০৭৩২ (১১ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।