শংখনিনাদ হৈছে মনালিছা শইকীয়া ৰ দ্বাৰা ৰচিত পঞ্চমখন উপন্যাস। অসম আন্দোলনৰ পটভূমিত ৰচিত শংখনিনাদ এখন উল্লেখযোগ্য গ্ৰন্থ। আশীৰ দশকত অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ ছবি আৰু নব্বৈৰ দশকত অসমৰ সমাজ জীৱনলৈ নামি অহা বিভিন্ন বিপৰ্যয় সাম্প্ৰতিক সময়ৰ এগৰাকী তৰুণীৰ দৃষ্টিৰে উপন্যাসখনত লেখিকাই দাঙি ধৰিছে।
লেখকৰ পৰিচয়
মূল প্ৰবন্ধ: মনালিছা শইকীয়া
মনালিছা শইকীয়া (ইংৰাজী: Monalisha Saikia; জন্ম: ১৯৭৫ ) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু গল্পকাৰ। কেইবাটাও সাহিত্য বঁটাৰে সন্মানিত জনপ্ৰিয় লেখিকা গৰাকী ‘আচাম স্কুল অৱ জাৰ্নেলিজম’ৰ কাৰ্যবাহী নিৰ্দেশক। তেখেতে ‘গুমৰাগ’ নামৰ অসমীয়া আলোচনীখনো সম্পাদনা কৰিছিল।১
চৰিত্ৰসমূহ
- প্ৰজ্ঞা বৰা
- প্ৰবীণ হাজৰিকা
- হৰেণ হাজৰিকা
- শশীপ্ৰভা
- অমিয়া
- নয়ন
- বকুলী
বঁটা/সন্মান
উপন্যাসখনৰ বাবে লেখিকা মনালিছা শইকীয়াই ২০১৬ চনৰ দৈনিক অসম সাহিত্য বঁটা।১
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শংখনিনাদ” প্ৰবন্ধৰ সংশোধন ২৩৩৫৩৮ (১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।