মিলেনিয়ামৰ সপোন (Millennimar Sapon) হৈছে অসমীয়া সাহিত্যিক আৰু গল্পকাৰ অৰূপা পটংগীয়া কলিতাৰ এখনি গল্পপুথি৷ ২০০২ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত গ্ৰন্থখন ২০১৯ চনত কেঁচাবন্ধা ৰূপত দ্বিতীয়বাৰৰ বাবে প্ৰকাশিত হয়৷ গ্ৰন্থখনিত মুঠ বাৰটা গল্প সন্নিৱিষ্ট হৈছে৷ গ্ৰন্থখন তেখেতে পিতৃ শৈলেন্দ্ৰনাথ পটংগীয়ালৈ উচৰ্গা কৰিছে৷১
লেখকৰ চমু পৰিচয়
মূল প্ৰবন্ধ: অৰূপা পটংগীয়া কলিতা
ইংৰাজী সাহিত্যত ডক্টৰেট ডিগ্ৰীধাৰী অৰূপা পটংগীয়া কলিতা এগৰাকী ঔপন্যাসিক, গল্পকাৰ আৰু বৰ্তমান টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা৷ এতিয়ালৈকে কেইবাখনো গল্প-সংকলন আৰু উপন্যাস ৰচনা কৰা সাহিত্যিকগৰাকীয়ে ২০১৪ চনত “মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা” শীৰ্ষক গল্প সংকলনৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
সংকলনত থকা গল্পসমূহ
- ফুলেশ্বৰী কুঁৱৰীৰ মাতৃগৃহত এসাঁজ ভাত
- এইটি কাৰ দৌল
- কুকুহা
- মিনুৰ শৈশৱ
- শিঙৰি ঘৰ
- কমলা কুঁৱৰীৰ সাধু
- গ্ৰহণ
- ঘূৰণীয়া পৃথিৱীত মাষ্টৰ ৰাধাকান্ত
- চৰাইৰ বাবে এখন থাল অথবা এখন ফুল তোলা ৰুমাল
- ৰাসমেলালৈ পৰিয়ালটো
- অন্ধগলিৰ অন্ধকাৰত
- কাজিৰঙাত মিলেয়নিয়ামৰ সপোন১
তথ্যসূত্ৰ
- ↑ কলিতা, অৰূপা পটংগীয়া. (২০১৯). মিলেনিয়ামৰ সপোন. লয়াৰ্ছ বুক ষ্টল. পৃ. ৭. ISBN ৯৭৮-৮১-৭৩৩১-৩৮৯-৯
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিলেনিয়ামৰ সপোন (গ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ২৮৩০৬৭ (২১ জুন ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।