অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মহীচন্দ্ৰ বৰা

অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট গল্পকাৰ মহীচন্দ্ৰ বৰা[১৮৯৪-১৩ জুন ১৯৬৫]৷ তদুপৰি গল্পৰ লগতে তেখেতে কবিতাও ৰচনা কৰিছিল৷ সাহিত্যৰ উপৰিও তেখেত ৰাজনীতিৰ দিশতো সক্ৰিয় আছিল৷ তেখেত আৱাহন যুগৰ এগৰাকী উল্লেখযোগ্য গল্পকাৰ৷ হলিৰাম ডেকা আৰু ত্ৰৈলোক্যনাথ গোস্বামীৰ পিছতে মহীচন্দ্ৰ বৰাই গল্প ৰচনা কৰি আধুনিক…

হালনাগাদ: ২২ অক্টোবৰ ২০২৩ ১২৫ শব্দ · ১ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট গল্পকাৰ মহীচন্দ্ৰ বৰা[১৮৯৪-১৩ জুন ১৯৬৫]৷ তদুপৰি গল্পৰ লগতে তেখেতে কবিতাও ৰচনা কৰিছিল৷ সাহিত্যৰ উপৰিও তেখেত ৰাজনীতিৰ দিশতো সক্ৰিয় আছিল৷ তেখেত আৱাহন যুগৰ এগৰাকী উল্লেখযোগ্য গল্পকাৰ৷ হলিৰাম ডেকা আৰু ত্ৰৈলোক্য নাথ গোস্বামীৰ পিছতে মহীচন্দ্ৰ বৰাই গল্প ৰচনা কৰি আধুনিক অসমীয়া গল্প সাহিত্যৰ ধাৰাটোক বিশেষভাৱে সমৃদ্ধ কৰি তুলিছিল ৷১

জন্ম

মহীচন্দ্ৰ বৰাৰ জন্ম হৈছিল ১৮৯৪ চনত নগাঁৱ জিলাৰ দেৱ নাৰিকলি গাঁৱত৷ তেখেতৰ পিতৃৰ নাম মলাৰাম বৰা আৰু মাতৃৰ নাম লাহেশ্বৰী বৰা৷১

শিক্ষাজীৱন

মহীচন্দ্ৰ বৰা শৈশৱৰে পৰাই এগৰাকী মেধাসম্পন্ন ছাত্ৰ আছিল৷ তেখেতে প্ৰাথমিক স্কুল পৰ্যায়তে পৰীক্ষা দি প্ৰাথমিক বৃত্তি লাভ কৰিবলৈ সক্ষম হৈছিল৷ সেই সময়তে প্ৰৱেশিকা পৰীক্ষাত তেখেতে অসমৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল৷ পৰৱৰ্তী সময়ত বি.এ পৰীক্ষাত ডিষ্টিংশ্যনসহ উত্তীৰ্ণ হৈছিল৷ আইনৰ পৰীক্ষাতো বৰাদেৱে প্ৰথম শ্ৰেণী লাভ কৰি কৃতিত্ব লভিবলৈ সক্ষম হৈছিল৷১

সাহিত্য কৰ্ম

মহীচন্দ্ৰ বৰাই পোনপ্ৰথমে আলোচনী ৰ পাতত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে৷ আলোচনীৰ পাতত লিখা ‘মিতাৰ মৰম’ গল্পটো আছিল তেখেতৰ প্ৰথম গল্প৷ পৰৱৰ্তী সময়ত তেখেতে আৱাহনৰ পাতত গল্প লিখিবলৈ আৰম্ভ কৰে৷ আৱাহনৰ পাতত ‘কাউন্সিল বয়কট’, ছৰ্দাৰ বিল’ আদি কেইবাটাও উল্লেখযোগ্য গল্প লিখি গল্পকাৰ হিচাপে পৰিচিত আৰু প্ৰতিষ্ঠিত হৈ পৰিল৷ তেখেতে ‘ৰামধেনু’ৰ পাততো গল্প লিখিছিল৷ ১৯৫০ চনৰ তৃতীয় বছৰ ষষ্ঠ সংখ্যাৰ ৰামধেনুত তেখেতে ‘নিৰীক্ষণ’ নামৰ এটা গল্প লিখিছিল৷ মৰণোত্তৰভাৱে প্ৰকাশিত তেখেতৰ গল্প সংকলটি হ’ল উকীলৰ জন্ম ৰহস্য[১৯৭০]৷ তেখেতৰ একমাত্ৰ কবিতা সংকলনটিৰ নাম ‘শান্তিশতক’৷২

বিশিষ্ট ব্যক্তিৰ মত

ড॰ সত্যেন্দ্ৰনাথ শৰ্মা-- “আমোদজনক পৰিস্থিতি আৰু বাকচাতুৰ্যৰ দ্বাৰা ব্যঙ্গ বেছি প্ৰোজ্জ্বল ৷” কৃষ্ণকান্ত সন্দিকৈ-- “দেশৰ কামত আপোনাৰ সময়ৰ নাটনি হৈছে ৷ আপুনি লিখিবলৈ নেৰিব৷ বেজবৰুৱাৰ আসনখন আপুনিহে পূৰাব পাৰিব ৷” ড॰ কবীন ফুকন-- “চল্লিশৰ সংকটৰ কালত গল্প সংখ্যাত হীন হৈ পৰিছিল৷ যুদ্ধৰ সময়ত হলিৰাম ডেকা, মহীচন্দ্ৰ বৰা, ত্ৰৈলোক্যনাথ গোস্বামীৰ কেইটিমান গল্প প্ৰকাশিত হৈছিল৷ ”৩

তথ্যসূত্ৰ

  1. ↑ চেতিয়া উমেশ. (২০০৫). সাহিত্যৰত্ন এশ একুৰি সাহিত্যিকৰ জীৱনী
  2. ↑ চেতিয়া উমেশ. (২০০৫). সাহিত্যৰত্ন এশ একুৰি সাহিত্যিকৰ জীৱনী
  3. ↑ চেতিয়া উমেশ. (২০০৫). সাহিত্যৰত্ন এশ একুৰি সাহিত্যিকৰ জীৱনী

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গল্পকাৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহীচন্দ্ৰ বৰা” প্ৰবন্ধৰ সংশোধন ৩৮৮৩৯৯ (২২ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।