মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা (Mariam Astin Athaba Hira Barua) হৈছে অৰূপা পটঙ্গীয়া কলিতাৰ দ্বাৰা ৰচিত ২০১৪ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত এখন চুটিগল্পৰ সংকলন।১২৩ গ্ৰন্থখন ২০১১ চনৰ পৰা ২০১২ ৰ ভিতৰত লেখা।১ চন্দ্ৰ প্ৰকাশনে ২০১২ চনত এই গ্ৰন্থখন প্ৰথম প্ৰকাশ কৰে।
লেখিকাৰ চমু পৰিচয়
মূল প্ৰবন্ধ: অৰূপা পটংগীয়া কলিতা
অৰূপা পটংগীয়া কলিতা অসমৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক তথা গল্পকাৰ।৪৫ তেওঁৰ গ্ৰন্থসমূহৰ ভিতৰত মৃগনাভি, অয়নান্ত (গ্ৰন্থ), আদি উল্লেখযোগ্য। তেওঁৰ সাহিত্যিক অৱদানৰ বাবে ভাৰতীয় ভাষা পৰিষদৰ বঁটা, প্ৰবীণা শইকীয়া বঁটা আদিৰে সন্মানিত কৰা হৈছে। তেখেতে মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা নামৰ অসমীয়া চুটি গল্প সংকলনৰ বাবে ২০১৪ চনত সন্মানীয় সাহিত্য অকাডেমি বঁটা লাভ কৰে।
অৰূপা পটংগীয়া কলিতাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পাৰ্ল এছ বাক (Pearl S. Buck) ৰ নাৰী চৰিত্ৰসমূহৰ ওপৰত গৱেষণা কৰি ডক্টৰেট ডিগ্ৰী লাভ কৰে।৬ বৰ্তমান তেওঁ দৰং জিলাৰ টংলা মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ প্ৰবক্তা ৰূপে কৰ্মনিৰ্বাহ কৰি আছে।৫
তথ্যসূত্ৰ
- ↑ অৰূপা পটঙ্গীয়া কলিতা. (২০১৪). মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা. চন্দ্ৰ প্ৰকাশন (দ্বিতীয় প্ৰকাশ). ISBN 978-93-244-0036-9
- ↑ Sahitya Academy Award 2014 to Noted Assamese writer Arupa Patangia Kalita
- ↑ Sahitya Akademi Awards 2014
- ↑ Arupa Patangia Kalita. Samanvayindianlanguagesfestival.org
- ↑ Women's Writing. Womenswriting.com
- ↑ Arupa Patangia Kalita. Samanvayindianlanguagesfestival.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰিয়ম আষ্টিন অথবা হীৰা বৰুৱা” প্ৰবন্ধৰ সংশোধন ৫৩৭০৪৬ (৩ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।