বাংলাপিডিয়া: বাংলাদেশ ৰাষ্ট্ৰীয় বিশ্বকোষ বাংলাদেশ এছিয়াটিক ছ'চাইটিৰ দ্বাৰা প্ৰকাশিত বাংলাদেশৰ প্ৰথমখন ৰাষ্ট্ৰীয় বিশ্বকোষ।১ এই বিশ্বকোষখন বাংলা আৰু ইংৰাজী উভয় ভাষাতে ছপা সংস্কৰণ, ইলেক্ট্ৰনিক সংস্কৰণ আৰু চিডি-ৰেমত উপলব্ধ। এই ছপা সংস্কৰণটো ৫০০ পৃষ্ঠাৰ দহটা খণ্ডৰে গঠিত। প্ৰতি দুবছৰৰ মূৰে মূৰে আপডেট কৰাৰ পৰিকল্পনাৰে২ ২০০৩ চনৰ জানুৱাৰী মাহত বাংলাপিডিয়াৰ প্ৰথম সংস্কৰণ ১০টা খণ্ডত প্ৰকাশ কৰে। ২০০৯ চনত বাংলাপিডিয়াৰ দ্বিতীয় সংস্কৰণৰ পৰিকল্পনা কৰা হৈছিল আৰু ২০১২ চনত সেয়া প্ৰকাশ কৰা হৈছিল।
বাংলাপিডিয়াক সাধাৰণ বিশ্বকোষৰ পৰিৱৰ্তে মূলতঃ বাংলাদেশ সম্পৰ্কীয় বিষয়ৰ বিশেষ বিশ্বকোষ হিচাপে ডিজাইন কৰা হৈছে। এই বিশ্বকোষৰ মুখ্য সম্পাদক সিৰাজুল ইছলাম। বাংলাদেশ আৰু বিদেশৰ ১৪৫০ গৰাকী লিখকৰ প্ৰবন্ধই বাংলাপিডিয়াত স্থাপন লাভ কৰিছে।২ বাংলাদেশৰ স্বাধীনতা যুদ্ধ আৰু খিলঞ্জীয়া জনগোষ্ঠীৰ ওপৰত লিখা প্ৰবন্ধক লৈ বিতৰ্কৰ সৃষ্টি হোৱাৰ পিছতো বাংলা আৰু ইংৰাজী ভাষাৰ এই বিশ্বকোষখনে প্ৰকাশৰ পিছত জনপ্ৰিয়তা লাভ কৰে।
ইণ্টাৰনেট সংস্কৰণ
- bn.banglapedia.org (বাংলা সংস্কৰণ)
- en.banglapedia.org (ইংৰাজী সংস্কৰণ)
বাংলা ভাষাত বিশ্বকোষৰ ইতিহাস
বাংলা ভাষাত বিশ্বকোষ ৰচনাৰ পথিকৃৎ উইলিয়াম কেৰিৰ পুত্ৰ ফেলিক্স কেৰি (১৭৮৬-১৮২২)। তেওঁ এনছাইক্লোপিডিয়া অফ ব্ৰিটানিকাৰ পঞ্চম সংস্কৰণ অনুসৰণ কৰি কাম আৰম্ভ কৰিছিল। এই দুৰ্গম পথত আৰু কাম কৰিছে মহাৰাজ কালিকৃষ্ণ দেৱ (সদবিদ্যাবলি), কৃষ্ণমোহন বেনাৰ্জী (বিদ্যাকল্পদ্ৰুম), ৰাজকৃষ্ণ ৰায় আৰু শৰৎচন্দ্ৰ দেৱ (ভাৰতকোষ) আৰু ৰঙ্গলাল মুখোপাধ্যায়, ত্ৰৈলোক্যনাথ মুখোপাধ্যায় আৰু নগেন্দ্ৰনাথ বসু (বিশ্বকোষ)। শেষৰটো আটাইতকৈ পূৰ্ণাঙ্গ। ইয়াৰ ২২টা খণ্ডৰ কাম শেষ কৰোতে ২২ বছৰ লাগিছিল। পৰৱৰ্তীকালত প্ৰকাশিত শিক্ষাকোষৰ বাবে অমূল্যচৰণ বিদ্যাভূষণে ৩৮ বছৰ ধৰি তথ্যাদি সংগ্ৰহ কৰিছিল।৩ ভাৰত বিভাগৰ পিছত ১৯৫৯ চনত বঙ্গীয় সাহিত্য পৰিষদে প্ৰকাশ কৰে পাঁচ খণ্ডৰ ভাৰতকোষ। এইবিলাক প্ৰাথমিক প্ৰচেষ্টাৰ অধিকাংশ অসম্পূৰ্ণতা দূৰ কৰি বাংলাদেশ এছিয়াটিক ছছাইটিয়ে পাঠকৰ হাতত তুলি দিছিল বাংলাপিডিয়া।৪
তথ্যসূত্ৰ
- ↑ Bangla Academy: The Hub of the Development of Bengali Language and Literature. এছিছিইউ/ইউনেস্কো. ইউনেস্ক'ৰ এছিয়া পেছিফিক সাংস্কৃতিক কেন্দ্ৰ
- ↑ UNB. (2003-03-24). Compilation of Banglapedia completed. General news. Sustainable Development Networking Programme (SDNP)
- ↑ Datta, Amaresh. (1988). Encyclopaedia of Indian literature. South Asia Books. পৃ. 1162–1163. ISBN 978-81-7201-649-4
- ↑ Islam, Sirajul. (January 2003). Banglapedia: National Encyclopedia of Bangladesh. Asiatic Society of Bangladesh. ISBN 978-984-32-0576-6
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাংলাপিডিয়া” প্ৰবন্ধৰ সংশোধন ৪৫৪৭০০ (১৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।