অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

নতুন আৱিষ্কাৰ

নতুন আৱিষ্কাৰ অসমীয়া ভাষাত শিশুসকলৰ বাবে প্ৰকাশিত এখন বিজ্ঞান আলোচনী। যোৰহাটৰপৰা প্ৰকাশ পোৱা এই আলোচনীখনৰ সম্পাদক শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক শান্তনু তামূলী। ১৯৮৮ চনত প্ৰথম প্ৰকাশ পোৱা এই শিশু আলোচনীখন এতিয়ালৈ (২০২৬) এটাও সংখ্যা যতি নপৰাকৈ প্ৰকাশিত হৈ আছে।

হালনাগাদ: ১০ জুন ২০২৬ ১২৭ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

নতুন আৱিষ্কাৰ অসমীয়া ভাষাত শিশুসকলৰ বাবে প্ৰকাশিত এখন বিজ্ঞান আলোচনী। যোৰহাটৰপৰা প্ৰকাশ পোৱা এই আলোচনীখনৰ সম্পাদক শিশু সাহিত্যৰ বাবে সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক শান্তনু তামূলী।১ ১৯৮৮ চনত প্ৰথম প্ৰকাশ পোৱা এই শিশু আলোচনীখন এতিয়ালৈ (২০২৬) এটাও সংখ্যা যতি নপৰাকৈ প্ৰকাশিত হৈ আছে।

উল্লেখযোগ্য শিতানসমূহ

  • বিজ্ঞানৰ আৰ্হি: বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণৰ বৈজ্ঞানিক পদ্ধতিসমূহৰ প্ৰকাশ হয়।
  • দেশে দেশে অভয়াৰণ্য: দেশ বিদেশৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ পৰিচয়মূলক প্ৰবন্ধ প্ৰকাশ।
  • বিজ্ঞান-বিস্ময়: পৃথিৱীৰ অদ্ভুত প্ৰাণী, উদ্ভিদ আদিৰ পৰিচয়মূলক লেখা।

ডিজিটেল সংৰক্ষণ

কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ত শিশু আলোচনী মৌচাক আৰু একেলগে একে উৎসৰ পৰা প্ৰকাশিত বিজ্ঞান আলোচনী “নতুন আৱিষ্কাৰ’’ ডিজিটেলভাবে সংৰক্ষণ কৰা হৈছে। ই অসমীয়া আলোচনী আৰু সাহিত্য জগতৰ বাবে আশাৰ খবৰ। ডিজিটেল সংৰক্ষণৰ এই কাম তেজপুৰ বিশ্ববিদ্যালয় আৰু কেলিফ’ৰ্ণিয়া বিশ্ববিদ্যালয়ৰ যৌথ উদ্যোগত কৰা হৈছে আৰু এই প্ৰকল্পত উপলভ্য সংখ্যাবোৰ বিদ্যায়তনিক গৱেষণা আৰু শৈক্ষিক ব্যৱহাৰৰ বাবে মুক্ত কৰি দিয়া হৈছে।২৩

তথ্যসূত্ৰ

  1. ↑ Popular publications in Assam. Assam.net
  2. ↑ শৰ্মা, গৌতম. (২০২৬). মৌচাক আৰু নতুন আৱিষ্কাৰৰ বিশ্বযাত্ৰা. নিয়মীয়া বাৰ্তা
  3. ↑ Sarma, Gautam. (2026). Preserving a cultural memory. The Assam Tribune. পৃ. 11

সম্পৰ্কিত শ্ৰেণী

অসমীয়া শিশু আলোচনী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নতুন আৱিষ্কাৰ” প্ৰবন্ধৰ সংশোধন ৬১১৭২৪ (১০ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।