অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

চাকমা লিপি

চাকমা লিপি ব্ৰাহ্মী লিপিৰ পৰা উদ্ভৱ হোৱা লিপি, এই লিপি চাকমা ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয় ৷ ইয়াক চাকমা ভাষাত ‘আঝাপাত’ বুলি কোৱা হয়। তঞ্চঙ্গ্যা ভাষা লিখাৰ ক্ষেত্ৰতো এই লিপি ব্যৱহাৰ কৰা হয়। এই লিপি বাৰ্মিজ ভাষাৰ লিপিৰ সৈতে মিল থকা লিপি।

হালনাগাদ: ১২ জুন ২০২৬ ১৪১ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

চাকমা লিপি ব্ৰাহ্মী লিপিৰ পৰা উদ্ভৱ হোৱা লিপি, এই লিপি চাকমা ভাষা লিখিবলৈ ব্যৱহাৰ কৰা হয় ৷ ইয়াক চাকমা ভাষাত ‘আঝাপাত’ বুলি কোৱা হয়। তঞ্চঙ্গ্যা ভাষা লিখাৰ ক্ষেত্ৰতো এই লিপি ব্যৱহাৰ কৰা হয়। এই লিপি বাৰ্মিজ ভাষাৰ লিপিৰ সৈতে মিল থকা লিপি।

বৰ্তমান সময়ত ইয়াৰ ব্যৱহাৰ কিছু কমি অহাত বহুতে বাংলা-অসমীয়া লিপিত চকমা লিখিবলৈ আৰম্ভ কৰিছে ৷ দেৱনাগৰী লিপিৰ দৰেই চাকমা লিপিও ব্ৰাহ্মী লিপিৰ বংশধৰ ৷ উত্তৰ থাইলেণ্ডত ব্যৱহৃত টাই থাম লিপি আৰু চীন, লাওছ, বাৰ্মা আৰু থাইলেণ্ডত ব্যৱহৃত টাই লুই লিপি চাকমা লিপিৰ সৈতে জড়িত। ১

চাকমা বৰ্ণ

ব্যঞ্জনবৰ্ণ

𑄇𑄈𑄉𑄊𑄋𑄌𑄍𑄎𑄏𑄐𑄑
কখগঘঙচছজঝঞট
𑄒𑄓𑄔𑄕𑄖𑄗𑄘𑄙𑄚𑄛𑄜
ঠডঢণতথদধনপফ
𑄝𑄞𑄟𑄠𑄡𑄢𑄥𑄤𑄥θ
বভময়যৰলৱসহ

স্বৰচিহ্ন

দেৱনাগৰী লিপি ৰ দৰেই ব্যঞ্জনবৰ্ণৰ বাবে প্ৰতিটো বৰ্ণত স্বৰধ্বনি (অ) সংযুক্ত হৈ থাকে ৷ স্বৰবৰ্ণবিহীন ব্যঞ্জনবৰ্ণক সূচাবলৈ এটা বিশেষ ইউনিক'ড (হলন্ত) যোগ কৰা হয়, যাৰ ৰূপ - 𑄳।

𑄇 (ক) ৰ সৈতে মাত্ৰাৰ ব্যৱহাৰ

𑄇𑄇𑄧C𑄨C𑄩C𑄪C𑄫C𑄬C𑄮𑄇𑄭C𑄯
ককাকিকীকুকূকেকোকৈকৌ

স্বৰবৰ্ণ

C𑄄𑄅𑄆
অইউএ

সংখ্যা

𑄶𑄷𑄸𑄹𑄺𑄻𑄼𑄽𑄾𑄿
০১২৩৪৫৬৭৮৯

ইউনিক'ড

২০১২ চনৰ জানুৱাৰী মাহত ইউনিক’ড সংস্কৰণ ৬.১ত চাকমা বৰ্ণমালা অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াক নিযুক্ত কৰা ইউনিক'ড ক'ডসমূহ হ'ল U+11100 ৰ পৰা U+1114Fলৈ।

তথ্যসূত্ৰ

  1. ↑ Everson, Michael; Hosken, Martin (August 13, 2009). "Proposal for encoding the Chakma script in the UCS" (PDF). The Unicode Consortium

সম্পৰ্কিত শ্ৰেণী

লিপিচাকমা জনগোষ্ঠী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাকমা লিপি” প্ৰবন্ধৰ সংশোধন ৬১১৯৫৫ (১২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।