ডোটেলী ভাষা প্ৰায় ৮,০০,০০০ মানুহে ব্যৱহাৰ কৰে, যাৰ ভিতৰত বেছিভাগেই নেপালত বসবাস কৰে। এই ভাষা দেৱনাগৰী লিপি লিপিৰে লিখা হয়। নেপালী ভাষাৰ লগত এই ভাষাৰ বহুক্ষেত্ৰত মিল দেখা যায়। ভাৰতৰ কুমাঊনী ভাষাৰ লগতো ৭৫% মিল আছে।
উপ-ভাষাসমূহৰ নাম
জিলাসমূহৰ মতে, নেপালৰ সুদূৰ–পশ্চিম অঞ্চলত এই ভাষা বিভিন্ন নামেৰে জনাজাত।
| + জিলা অনুসৰি ভাষাৰ নামৰ বাবে ব্যৱহৃত শব্দ১ | জিলা | ভাষাৰ নামৰ বাবে ব্যৱহৃত শব্দ |
| কৈলালী | Baitadeli, Bajhangi–Nepali | |
| কাঞ্চনপুৰ | Baitadeli–Nepali, Pahadi, Nepali | |
| দোতি | Dotyali, Doteli | |
| দাদেলধুৰা | Dotyali, Dadeldhuri | |
| আচ্চামী | Achhami, Achhami-Nepali | |
| বৈতাদি | Baitadi, Baitadeli, Dotyali | |
| দাৰছুলা | Darchuleli, Dotyali, Sauka | |
| বাঝাং | Bajhangi, Bajhangi–Nepali |
উৎপত্তি আৰু ইতিহাস
যদিওবা ডোটেলী ভাষা নেপালী ভাষাৰ সৈতে সম্পূৰ্ণৰূপে একে নহয় তথাপিও, ডোটেলী ভাষাক বৃহৎ ভাষা নেপালীৰ সদস্য বুলি গণ্য কৰা হয়।২ নেপালত ডোটেলী ভাষাক নেপালী উপভাষা বুলি গণ্য কৰা হয়। কিন্তু স্থানীয় বুদ্ধিজীৱী আৰু ডোটেলী জনসাধাৰণ, ডোটেলী ভাষা কোৱাসকলে তেওঁলোকৰ ভাষাক নেপালৰ অন্যতম জাতীয় ভাষা হিচাপে স্বীকৃতি লাভ কৰিবলৈ ক্ৰমান্বয়ে দাবী উত্থাপন কৰিছে।
ডোটেলী ভাষাৰ কাকত-আলোচনী
- চিনাৰী
- গুগুল্টী
- প্যাউলী
- ঘুগুতী
- স্বাৰাঈ
- ৰামৰাজ্য
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ Eichentopf, Stephanie R. (2014). A Sociolinguistic Study of Dotyali. SIL International
- ↑ dty | ISO 639-3. iso639-3.sil.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডোটেলী ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭১৯০২ (২৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।