ছত্তীছগঢ়ী ভাষা (छत्तीसगढ़ी) হৈছে এটা ইন্দো-আৰ্য ভাষা, যাক প্ৰায় ১৬.২৫ মিলিয়ন লোক ভাৰতৰ ছত্তীসগঢ়, ওড়িশা, মধ্য প্ৰদেশ আৰু মহাৰাষ্ট্ৰত ব্যৱহাৰ কৰে।১ ই হিন্দী ভাষাৰ সৈতে একেলগে ছত্তীসগঢ় ৰাজ্যৰ সহ-অধিকাৰিক ভাষা।২ এই ভাষাটো পূৰ্বীয় হিন্দী ভাষাসমূহৰ অন্তৰ্গত বুলি গণ্য কৰা হয় আৰু ভাৰতীয় ৰাষ্ট্ৰীয় জনগণনাত ইয়াক হিন্দীৰ এটা উপভাষা হিচাপে গণনা কৰা হৈছে।৩
আৰু চাওক
তথ্যসূত্ৰ
- ↑ Languages of Chhattisgarh. Chhattisgarh Tourism
- ↑ (16 August 2020). Include Chhattisgarhi in 8th schedule of constitution: CM Bhupesh Baghel to PM. New Indian Express
- ↑ (6 June 2019). What census data reveals about use of Indian languages. Deccan Herald
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছত্তীছগঢ়ী ভাষা” প্ৰবন্ধৰ সংশোধন ৫৭১৯২৬ (২৭ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।