আধালেখা দস্তাবেজ (Adha Lekha Dastabej) সাহিত্যিক ড॰ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীমূলক উপন্যাস। গ্ৰন্থখন ১৯৮৮ চনত প্ৰকাশ পায়। ১৯৬৮ চনৰ জুন মাহৰ দুই তাৰিখে প্ৰসিদ্ধ সাহিত্যক হোমেন বৰগোহাঞিৰ প্ৰেৰণাদায়ক চিঠিয়ে তেওঁৰ হৃদয় স্পৰ্শ কৰিছিল। তেওঁৰ সেই উপদেশতে তেওঁ নিজৰ জীৱন-কাহিনীৰ বিষয়ে কিছু অংশ লিখিবলৈ লৈছিল।
১৯৮৬ চনৰ 'অসম বাণী'ৰ বিহু সংখ্যাত 'দস্তাবেজৰ এক অংশ' বুলি তেওঁৰ স্মৃতিৰ কাহিনী এটা প্ৰকাশ পাইছিল। ১৯৭০ চনলৈকে জীৱনত ঘটি যোৱা কিছুমান ঘটনাৰ কাহিনীক লৈ গ্ৰন্থখন ৰচনা কৰিছে।
গ্ৰন্থখনৰ বিষয়বস্তু
আধালেখা দস্তাবেজ মামণি ৰয়ছম গোস্বামীৰ আত্মজীৱনীমূলক উপন্যাস। ইয়াত তেখেতে কোনো ধৰণৰ লুক-ধাক নকৰাকৈ নিজৰ জীৱন পাঠকৰ আগত উপস্থাপন কৰিছে। সৰুতে সত্ৰৰ পৰিবেশত ডাঙৰ দীঘল হোৱা কুলীন গোড়া বংশৰ ছোৱালী মামণি ৰয়ছমে সৰুকালৰ জীৱনৰ চিত্ৰ বৰ্ণনাৰ লগতে সত্ৰৰ ধাৰ্মিক আচাৰপূৰ্ণ পৰিবেশো বৰ্ণনা কৰিছে। সেই পৰিবেশত এগৰাকী কম বয়সীয়া বিধবাৰূপে জীৱনৰ সন্মুখীন হৈ কিদৰে তেওঁ হতাশাত ভাগি পৰিছিল তাৰ বৰ্ণনা দিছে। মামণি ৰয়ছম গোস্বামীয়ে ৰচনা কৰা উপন্যাস সমূহৰ মূল ধাৰা আছিল কঠোৰ বাস্তৱৰ ধাৰাত দলিত-নিস্পেষিত মানুহৰ বিশেষকৈ নাৰীৰ জীৱনৰ বঞ্ছনা আৰু গ্লানি। এই গ্ৰন্থখনটো ইয়াৰ চিত্ৰ অংকন প্ৰতিফলিত হৈছে।
লেখিকাৰ চমু পৰিচয়
মূল প্ৰবন্ধ: মামণি ৰয়ছম গোস্বামী
মামণি ৰয়ছম গোস্বামী হৈছে অসমৰ এগৰাকী জ্ঞানপীঠ বঁটা বিজয়ী সাহিত্যিক। তেখেতৰ প্ৰকৃত নাম আছিল ইন্দিৰা গোস্বামী। সততে মামণি বাইদেউ হিচাবে তেখেতক জনা যায়।১ তেখেতে মাতৃভাষা অসমীয়া (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ উপৰিও ইংৰাজী ভাষা ভাষাতো সাহিত্যকৃতি সৃষ্টি কৰিছিল। ৰামায়ণী সাহিত্যৰ গৱেষক হিচাপে মাধৱ কন্দলিৰ ৰামায়ণৰ গৱেষণাত ডক্টৰেট ডিগ্ৰী লাভ কৰা ড॰ গোস্বামীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগত অধ্যাপিকা স্বৰূপে অৱসৰ গ্ৰহণ কৰিছিল।
তথ্যসূত্ৰ
- ↑ The Intimate Mornings with Mamoni Baideo; Manjeet Barua, 6/11/2006; Retrieved 1/12/2011
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আধা লেখা দস্তাবেজ” প্ৰবন্ধৰ সংশোধন ৪৩৬১৮৯ (৮ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।