অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা হৈছে ড॰ হীৰেন গোহাঁইৰ দ্বাৰা ৰচিত গ্ৰন্থ। এই গ্ৰন্থখন ১৯৮৭ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত প্ৰথম প্ৰকাশ পাইছিল। এই গ্ৰন্থৰ বাবে ১৯৮৯ চনত ড॰ হীৰেন গোহাঁইক সাহিত্য অকাডেমি বঁটাৰে সন্মানিত কৰা হৈছিল।
লেখকৰ পৰিচয়
মূল প্ৰবন্ধ: হীৰেন গোহাঁই
ড॰ হীৰেন গোহাঁই অসমীয়া আৰু ইংৰাজী সাহিত্যৰ এজন সাহিত্যিক আৰু সমালোচক।১ ইয়াৰ উপৰিও তেখেত এজন কবি, সাংবাদিক, শিক্ষাবিদ আৰু শিক্ষক।২ তেখেত ১৯৩৯ চনত অসমৰ গোলাঘাট চহৰত জন্মগ্ৰহণ কৰিছিল। তেওঁ পূৰ্বে গুৱাহাটী আৰু বৰপেটা জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক আছিল আৰু অৱসৰৰ পাছত আৰ্য বিদ্যাপীঠত অধ্যক্ষৰূপে কাম কৰিছিল।৩
বিষয়
মহাপুৰুষীয়া ধৰ্মৰ আৰ্থ-সামাজিক, সাংস্কৃতিক, ঐতিহাসিক দিশসমূহৰ বিচাৰ-বিশ্লেষণেৰে এক বিদ্যায়তনিক আৰু সুচিন্তিত আলোচনা আগবঢ়াইছে। তদুপৰি এই গ্ৰন্থত অসমৰ জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰাৰ ইতিবাচক আৰু নেতিবাচক প্ৰভাৱসমূহো স্পষ্টভাৱে দেখুৱাইছে।
তথ্যসূত্ৰ
- ↑ (23 February 2010). Assamese Intellectuals Angry Over 'Injustice' to Gohain. Outlook
- ↑ Jotwani, Motilal Wadhumal. (1979). Contemporary Indian literature and society. Heritage. পৃ. 6
- ↑ সমীন কলিতা. (২০০৮). সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া. পৃ. ১৩৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয়া পৰম্পৰা” প্ৰবন্ধৰ সংশোধন ৪৫৯০৪৯ (২৭ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।