দৈনিক গণ অধিকাৰ অসমৰ এখন অসমীয়া দৈনিক বাতৰি কাকত। এই কাকতখন গুৱাহাটী আৰু শিলচৰৰ পৰা প্ৰকাশিত হয়। কাকতখনৰ মুখ্য কাৰ্য্যালয় গুৱাহাটীৰ হাতীগাঁৱত অৱস্থিত। গণ অধিকাৰ প্ৰথম প্ৰকাশ পায় ১৯৯৪ চনত পষেকীয়া কাকত হিচাপে। এইখন কাকতৰ মুখ্য সম্পাদক ড॰ জাকিৰ হুছেইন আৰু ইউনিটী মিডিয়া এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ লিমিটেড হৈছে কাকত খনৰ প্ৰকাশক।
দৈনিক গণ অধিকাৰৰ ইণ্টাৰনেট সংস্কৰণ আৰম্ভ হয় ২০১১ চনৰ এপ্ৰিলৰ পৰা। বৰ্তমানেও কাকতখন কোনোধৰণৰ বিৰতি নোহোৱাকৈ প্ৰকাশ পাই আছে।
বাহ্যিক সংযোগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৈনিক গণ অধিকাৰ” প্ৰবন্ধৰ সংশোধন ৫৪৪০২১ (১৮ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।