অলকানন্দা (Alakananda) হৈছে অসমীয়া কবি-সাহিত্যিক নলিনীবালা দেৱীৰ এখনি কাব্যগ্ৰন্থ। ১৯৬৭ চনত প্ৰকাশিত এই কাব্যগ্ৰন্থৰ বাবে নলিনীবালা দেৱীয়ে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।১
কবিৰ চমু পৰিচয়
নলিনীবালা দেৱী (জন্ম: ২৩ মাৰ্চ, ১৮৯৮ – মৃত্যু: ২৪ ডিচেম্বৰ, ১৯৭৭) অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল। অসমীয়া কাব্য সাহিত্যত তেখেতে অতিন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে জনাজাত। পিতৃ কৰ্মবীৰ নবীনচন্দ্ৰ বৰদলৈৰ সৈতে স্বাধীনতা সংগ্ৰামতো যোগদান কৰা নলিনীবালা দেৱীয়ে কেইবাখনো গ্ৰন্থ, কাব্যপুথি লিখি অসমৰ সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ গৈছে। তেখেতৰ আত্মজীৱনীখনৰ নাম হৈছে-এৰি অহা দিনবোৰ। ১৯৭৭ চনত তেখেতে পদ্মশ্ৰী সন্মান লাভ কৰিছিল।
গ্ৰন্থৰ চমু বিৱৰণ
অলকানন্দা কাব্যগ্ৰন্থ দুটা ভাগত বিভক্ত। কবিতা আৰু গীতিকা। কবিতাৰ সংখ্যা ৫০ আৰু গীতিকাৰ সংখ্যা ১১৪। কবিতাবোৰ প্ৰশস্তিমূলক, জাতীয়তাবাদী আৰু আধ্যাত্মিক চিন্তাধাৰাৰ দ্বাৰা প্ৰভাৱিত বুলি ক'ব পাৰি। এইখিনি কবিতা তেখেতে জীৱনৰ শেষৰফালে লিখিছিল।১
বঁটা আৰু সন্মান
কাব্যগ্ৰন্থখনৰ বাবে তেখেতে ১৯৬৮ চনত সাহিত্য অকাডেমি সন্মান লাভ কৰিছিল।১
তথ্যসূত্ৰ
- ↑ বৰুৱা, শান্তনু কৌশিক. অসম ইয়াৰ বুক ২০২১. জ্যোতি প্ৰকাশন. পৃ. ৫৯৩-৯৪. ISBN ৯৭৮-৯৩-৮১৪৮৫-৮২-৮
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অলকানন্দা” প্ৰবন্ধৰ সংশোধন ২৫০৩৫১ (২৪ অক্টোবৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।